গুৱাহাটীৰ এপ'ল' হাস্পতালত জটিল অস্ত্ৰোপচাৰ সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 10 August 2021

গুৱাহাটীৰ এপ'ল' হাস্পতালত জটিল অস্ত্ৰোপচাৰ সম্পন্ন

 


W7s news ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটীৰ  এপ'ল' হাস্পতালে অলপতে এক জটিল গেষ্ট্র'ইন্টেষ্টিনেল অস্ত্ৰোপচাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্বপ্ৰথমবাৰৰ বাবে সফলতাৰে সম্পন্ন কৰে। হাস্পতালৰ পৰা প্ৰেৰণ কৰা এক বিবৃতি অনুসৰি মণিপুৰৰ পৰা অহা এজন লোকে ভুলবশত : এছিড জাতীয় পদাৰ্থ সেৱন কৰাৰ ফলত তেওঁৰ পেট আৰু খাদ্যনলীৰ সম্পূৰ্ণভাৱে ক্ষতি হয়।হাস্পতালখনৰ জি আই চার্জন ডাঃ দিব্যজ্যোতি বৰা আৰু তেওঁৰ সহযোগী দলটোৱে ৰোগীজনৰ সুস্থ হৈ থকা অন্ত্ৰৰ পৰা এক অংশ কাটি আনি ক্ষতিগ্রস্ত খাদ্যনলী আঁতৰাই তাৰ ঠাইত নতুনকৈ সংস্থাপন কৰে। এই অস্ত্ৰোপচাৰটো ডাঃ বৰা আৰু তেওঁৰ সহযোগী দলৰ ডাঃ শান্তনু মেধি আৰু ডাঃ কুনাল ডেকাৰ লগতে ই এন টি বিভাগৰ ডাঃ সীমান্ত মেধি আৰু এনাস্টেচিয়া বিভাগৰ ডাঃ জয়ন্তী দাসেও সম্পন্ন কৰে। উল্লেখ্য, ৰোগীজনে বৰ্তমান সুস্থ হৈ হাস্পতালৰ পৰা গৃহলৈ যাবলৈ সক্ষম হৈছে বুলি হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here