টেলিকম কোম্পানীৰ সেৱা উন্নত কৰাৰ দাবী-সদৌ অসম উন্নয়ন পৰিষদৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 10 August 2021

টেলিকম কোম্পানীৰ সেৱা উন্নত কৰাৰ দাবী-সদৌ অসম উন্নয়ন পৰিষদৰ

 



W7s News ষ্টাফৰিপোৰ্টাৰ: 'এয়াৰটেল, ৰিলায়েন্স জিঅ' আৰু ভডাফোনৰ সেৱা উন্নত কৰাৰ দাবী জনাইছে সদৌ অসম উন্নয়ন পৰিষদ, গুৱাহাটী মহানগৰ সমিতিয়ে। টেলিকম কোম্পানী কেইটাৰ সেৱা উন্নত কৰাৰ দাবীত মঙলবাৰে পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰৰ নেতৃত্বত এটা সঁজাতি দলে টেলিকম কোম্পানী কেইটাত উপস্থিত হৈ একোখন দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে। এই সম্পৰ্কে সদৌ অসম উন্নয়ন পৰিষদ গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি পাৰ্থ প্ৰতিম ভৰদ্বাজ আৰু সম্পাদক শুভম দাসে কয় ' এয়াৰটেল, ৰিলায়েন্স জিঅ' আৰু ভডাফোনে ৰাইজৰ সুবিধা-অসুবিধাক আওকাণ কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা কৌটি কৌটি টকাৰ ব্যৱসায় কৰি আহিছে। তেওঁলোকৰ গ্ৰাহকৰ 

 প্ৰতি অলপো দায়বদ্ধ হোৱা পৰিলক্ষিত হোৱা নাই। বিগত কিছুদিনৰ পৰা এই টেলিকম কোম্পানী কেইটাৰ সেৱা অতি নিম্নগামী হৈছে। ক'ভিড পৰিস্থিতিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে অনলাইনত ক্লাছ কৰাত সমস্যাৰ সন্মুখীন হ'ব লগীয়া হৈছে। যদিহে আগন্তক ১৫ দিনৰ ভিতৰত ম'বাইল সেৱা উন্নত নকৰিলে প্ৰতিষ্ঠান কেইটাৰ বিৰুদ্ধে  আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here