W7s News ষ্টাফৰিপোৰ্টাৰ: 'গাড়ীৰ নথি পত্ৰ নবীকৰণৰ সময়সীমা বৃদ্ধি আৰু ঋণৰ মাহিলি কিস্তি পৰিশোধৰ সময়সীমা বৃদ্ধিৰ দাবীত স্মাৰক পত্ৰ প্ৰদান -অ'ল আছাম কেব্ অপাৰেটৰ্ছ ইউনিয়নে মঙলবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ
এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এই সম্পৰ্কে অ'ল আছাম কেব্ অপাৰেটৰ্ছ ইউনিয়ন সভাপতি
ইছমাইল আলীয়ে কয় 'কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে দেশৰ সাধাৰণ জনতাক সময়ে সময়ে দি অহা প্ৰতিশ্ৰুতি সমূহ পালনত ব্যৰ্থ হোৱাৰ সমান্তৰালভাবে বিভিন্ন ক্ষেত্ৰত শ্ৰমিক আৰু মটৰ শ্ৰমিক সকলক আৰ্থিক সাহাৰ্য প্ৰদানৰ যি প্ৰতিশ্ৰুতি দিছিল, সেয়া কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰা দেখা নগ'ল। তদুপৰি ২০২০ চনৰ মাৰ্চ মাহৰ পৰা চলি থকা লক'ডাউনৰ পৰিপ্ৰেক্ষিতত অ'লা উবেৰৰ লগতে সকলো বানিজ্যিক বাহন বন্ধ হৈ থকাৰ বাহন সমূহৰ ম্যাদ উকলি যোৱা নথিপত্ৰ সমূহৰ নবীকৰণৰ বাবে বিগত বছৰৰ ছেপ্টেম্বৰত ধাৰ্য কৰি দিছিল যদিও অতিপৰিতাপৰ বিষয় যে,কোনো ধৰণৰ পথ কৰ ৰেহাই দিবলৈ সক্ষম নহ'ল।দেশৰ স্বাভাৱিক অৱস্থা ঘুৰি নাহোতেই পূৰণ ২০২১ চনত কৰোণা মহামাৰীৰ সংহাৰী ৰূপ ধাৰণ কৰিলে আৰু চৰকাৰৰ নীতি নিয়ম অনুসৰি বানিজ্যিক বাহন সমূহ সম্পূৰ্ণ ৰূপে অচল হৈ পৰে।ইয়াৰ উপৰিও আমাৰ উপাৰ্জন বন্ধ হৈ থকাৰ ফলত বেংকৰ ঋণৰ মাহেকীয়া কিস্তি আদায় দিব পৰা নাই। সেয়েহে নিম্নলিখিত লিখিত দাবী সমূহ পূৰণ কৰি দিয়াৰ বাবে স্মাৰক পত্ৰপ্ৰেৰণ কৰিলোঁ। আমাৰ মূল দাবী সমূহ হৈছে সময় উকলি যোৱা নথিপত্ৰ নবীকৰণৰ সময়সীমা ২০২২ চনৰ মাৰ্চ মাহলৈ বৃদ্ধি কৰা, বেংকৰ ঋণৰ মাহেকীয়া কিস্তি আদায়ৰ সময়সীমা ২০২২ মাৰ্চলৈ বৃদ্ধি কৰা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি অতিশীঘ্ৰ নিয়ন্ত্ৰণ কৰা,পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰা, অ'লা উবেৰৰ লগতে বানিজ্যিক বাহনৰ মালিক চালক সকলৰ জীৱনৰ নিৰাপত্তা সু-নিশ্চিত কৰা। আমাৰ দাবী সমূহ গুৰুত্ব সহকাৰে ল'বলৈ চৰকাৰক পুনৰবাৰ অনুৰোধ জনালোঁ।'
No comments:
Post a Comment