হিন্দু আধ্যাত্মিক আৰু সেৱা ফাউণ্ডেচনৰ 'প্ৰকৃতি বন্দনা' অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 27 August 2021

হিন্দু আধ্যাত্মিক আৰু সেৱা ফাউণ্ডেচনৰ 'প্ৰকৃতি বন্দনা' অনুষ্ঠান

 




W7s News ষ্টাফৰিপোৰ্টাৰ: হিন্দু আধ্যাত্মিক আৰু সেৱা ফাউণ্ডেচনৰ ২৯ আগষ্টত 'প্ৰকৃতি বন্দনা' অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শুকুৰবাৰে গুৱাহাটী প্ৰেছক্লাবত অনুষ্ঠিত এখন সংবাদমেলত এই কথা সদৰী কৰে হিন্দু আধ্যাত্মিক আৰু সেৱা ফাউণ্ডেচনৰ উত্তৰ-পূব ক্ষেত্ৰৰ মুখ্য সংযোগক তপস কুমাৰ মিশ্ৰই। তেওঁ লগতে কয় 'পৰিবেশ, বন আৰু বন্যপ্ৰাণী সংৰক্ষণ লগতে জীৱকুলৰ সংৰক্ষণ তথা সংবৰ্ধনৰ উদ্দেশ্যে প্ৰকৃতি পূজন কাৰ্যসূচী সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত হৈ আহিছে। ক'ভিড পৰিস্থিতিৰ বাবে এইবছৰো নিজ নিজ বাসগৃহত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। সেই অনুসৰি নিজ নিজ বাসগৃহ চৌহদত থকা এজোপা গছৰ যদি ডাঙৰ গছ নাথাকে তেনেহলে টাৱত ৰোৱা অন্য গছ বা তুসলী গুৰিত বহি এই পূজা কৰিবলৈ আমি ৰাইজক অনুৰোধ জনালোঁ। আনহাতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সিদিনা পুৱা ১০ বজাৰ পৰা ১১ বজালৈ কেন্দ্ৰীয় কাৰ্যসূচী পালন কৰা হ'ব। লগতে কলাক্ষেত্ৰ চৌহদত ৫০ টা গছপুলি ৰোপণ কৰা হ'ব।' সংবাদ মেলত হিন্দু আধ্যাত্মিক আৰু সেৱা ফাউণ্ডেচনৰ ৰাষ্ট্ৰীয় সংযোজক লক্ষ্মীনাৰায়ণ ভালাজী, ফাউণ্ডেচনৰ উত্তৰ- পূৰ্বাঞ্চলৰ সহ: সংযোজক কমল শইকীয়া, সদস্য, অধিবক্তা লিপিকা ডেকা উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here