আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত ছেপ্টেম্বৰ প্ৰথম সপ্তাহৰ পৰা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত-টাই আহোম যুৱ পৰিষদ, অসমৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 27 August 2021

আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত ছেপ্টেম্বৰ প্ৰথম সপ্তাহৰ পৰা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত-টাই আহোম যুৱ পৰিষদ, অসমৰ

 






W7s News ষ্টাফৰিপোৰ্টাৰ : 'আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্বশা সনৰ দাবীত ছেপ্টেম্বৰ প্ৰথম সপ্তাহৰ পৰা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব টাই আহোম যুৱ পৰিষদ,অসমে। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে পৰিষদ কেন্দ্ৰীয় মুখপাত্ৰ গুণকান্ত গগৈয়ে। তেওঁ লগতে কয় 'আমাক জনজাতি কৰণৰ নামত প্ৰতিখন চৰকাৰে কেৱল টুপি পিন্ধাই আহিছে। আমাক ললীপপ খুৱাই আহিছে। ২০২১ চনৰ নিৰ্বাচনৰ প্ৰকাক্ষণত অসম চৰকাৰে আহোম জনগোষ্ঠীৰ উন্নয়নৰ বাবে ১২৫ কৌটি টকাৰ এক বিশেষ সাহাৰ্য পুঁজি ঘোষণা কৰিছিল। কিন্তু আজিলৈ সেই পুঁজি আবন্টন দিয়া হোৱা নাই। সেই পুঁজি শীঘ্ৰে মুকলি কৰি দিবলৈ চৰকাৰক দাবী জনালোঁ। তদুপৰি চলিত বছৰৰ ২০ আগষ্টত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ১০০ দিনৰ পূৰ্তিত বুৰঞ্জী আৰু ভূগোল বিষয়টোক পুনৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হোৱা কথাটো ঘোষণা কৰা সিদ্ধান্তক আমি আদৰণি জনাইছোঁ। লগতে অসম বুৰঞ্জী পাঠ্যপুথিত সঠিক ৰূপত সংযোজন কৰিবলৈ আমি মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীক দাবী জনালোঁ। আমাৰ দাবীৰ প্ৰতি কোনো সঁহাৰি  নজনালে আমি

ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আমাৰ দাবী পূৰণ নহলে তৈল ক্ষেত্ৰ বন্ধ কৰি দিয়া হ'ব। উজনি অসম অচল কৰি দিয়া হ'ব। আমি এইবাৰ দিছপুৰ, দিল্লী যাবলৈ সাজু হৈ আছোঁ।' সংবাদমেলত পৰিষদৰ উপ-সভাপতি জয়ন্ত জিত গগৈয়ে কয় ' আমাৰ কীৰ্তিচিহ্ন সমূহ সংৰক্ষণ, সৌন্দৰ্যবৰ্ধন, মৈদাম

আহোম ছাত্র-ছাত্ৰীসকলৰ শৈক্ষিক দিশত উন্নয়নৰ বাবে বিশেষ জলপাণিৰ ব্যৱস্থা কৰিবলৈ আমি দাবী জনালোঁ। মৈদাম ধংসকাৰী এজনো চৰকাৰ তথা প্ৰশাসনে কাৰ্য ব্যৱস্থা কৰা নাই। সেয়ে মৈদাম সমূহক সুৰক্ষা দিবলৈ আমি দাবী জনালোঁ।আমি লগতে নন্দিতা শইকীয়াৰ হত্যাকাৰীক কঠোৰ শাস্তি দিয়াৰ দাবী জনালোঁ।' সংবামেলত পৰিষদৰ সাধাৰণ সম্পাদক দেৱজিৎ বুঢ়াগোহাঁই, পৰিষদৰ গুৱাহাটী মহানগৰৰ সহকাৰী সাধাৰণ সম্পাদক পাৰ্থপ্ৰতিম গগৈ, অসম গগৈ আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here