আঞ্চলিক গণ মৰ্চাৰ সংবাদমেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 22 August 2021

আঞ্চলিক গণ মৰ্চাৰ সংবাদমেল

 



 সংবাদমেল সম্বোধন দলৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ


ভুৱা কৃষকৰ নামত প্রায় ৬০০ কৌটি টকা আত্মসাতক লৈ সৰব সাংসদ ভূঞা


অতুল বৰা সৰ্বকালৰ নিকৃষ্ট কৃষিমন্ত্ৰী


গণতন্ত্ৰৰ ভৱিষ্যত অন্ধকাৰ


W7s New ষ্টাফৰিপোৰ্টাৰ : 'প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ধনৰ নামত ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ধনৰ নামত ৫৫৪ কৌটি ১ লাখ ৭২ হাজাৰ টকা অৰ্থাৎ ৫৬০  কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলিক গণমৰ্চাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। দেওবাৰে গুৱাহাটী প্ৰেছক্লাবত অঞ্চলিক গণমৰ্চাৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদমেলত দলৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই লগতে কয় ' সংসদত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ টোমৰে চলিত বছৰৰ ২০ জুলাইত সংসদৰ মজিয়াত অসমত ভুৱা কৃষকৰ নামত শ শ কোটি টকা লুণ্ঠন কৰাৰ কথা লোকসভাত স্বীকাৰ কৰাৰ এমাহ পাছতো এই কেলেংকাৰীৰ কোনো তদন্ত কৰা নহ'ল। অসমত মুঠ ৮ লাখ ৩৫ হাজাৰ ২৬৮ জন অস্তিত্বহীন অৰ্থাৎ 'ভুৱা' কৃষকৰ নামত চৰকাৰী আঁচনিৰ এই বিশাল পৰিমাণৰ ধন আত্মসাত কৰিলে। চৰকাৰৰ মুৰব্বী, সংশ্লিষ্ট বিভাগীয় মন্ত্ৰী, সংশ্লিষ্ট বিধায়ক, চৰকাৰী বিষয়া-আমোলাৰ ষড়যন্ত্ৰমূলক অপৰাধ অবিহণে  ইমান ভয়ংকৰ দুৰ্নীতি কোনোকাৰণতে হ'বই নোৱাৰে। টকা লুণ্ঠন কৰিছে কৰক, টকা খাইছে খাওঁক,আমাৰ দলৰ মানুহে হে খাইছে,এইধৰণৰ মনোভাব এইখন চৰকাৰৰ।চৰকাৰেটো এই বিষয়ত একো নকৰিলেই,আৰক্ষীয়েও একো নকৰিলে। এই সন্দৰ্ভত ২২জুনতে এজাহাৰ দাখিল কৰিছিল। দিছ্পুৰ থানাত সুব্ৰত তালুকদাৰে নামৰ এজন লোকে এজাহাৰ দিছিল। কিন্তু তৎস্বত্বেও যুৱকজনৰ সাক্ষ্যও নল'লে আজি পৰ্য্যন্ত। যদি সাহস আছে,ন্যূনতমো সততা আছে তেন্তে মুখ্যমন্ত্ৰীয়ে এতিয়াও এটা ৰাজহুৱা বিবৃত্তি দিয়ক।কৃষিমন্ত্ৰীজনৰ কথা যিমানেই কম কৈ কওঁ সিমানেই ভাল হ'ব। অসমৰ ইতিহাসৰ আটাইতকৈ অপদাৰ্থ,নিকৃষ্ট কৃষি মন্ত্ৰী অতুল বৰা। অসম বিধান সভাতো এই ডাঙৰ বিষয় টোৱে স্থান নাপালে।মন্ত্ৰীয়ে সংসদত উত্থাপন কৰিলে,অসমত এজাহাৰ দিলে তাৰপিছতো আৰক্ষীয়ে কি কৰিলে,আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কি কৰিলে? বিৰোধীয়ে নিজৰ ভূমিকা পালন কৰা নাই সেইবাবেই মই আজি সংবাদমেল দি ৰাজহুৱা কৰিব লগা হৈছে।বিষয়টোৰ ওপৰত মাত মাতিবলৈ সাহসৰ অভাৱ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ। বিজেপিৰ নেতা মন্ত্ৰী, দালালে মিলি এই টকা আত্মসাত কৰিলে।  ইমান এটা ডাঙৰ ঘটনাৰ আজি পৰ্যন্ত কোনো তদন্ত নহ’ল। মুখ্যমন্ত্ৰীৰ স্থিতি অত্যন্ত ৰহস্যজনক। দুৰ্নীতিৰ শূন্য সহনশীলতাৰ নামত একো এটা কৰিব নোৱাৰিলে । ইয়াৰ উচিত তদন্ত হ'ব লাগে।বিধানসভাৰ অধিৱেশনত এটা বিবৃতি কিয় দিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে ? যদি সাহস আৰু সততা আছে তেন্তে ৰাজহুৱা বিবৃতি দিয়ক মুখ্যমন্ত্ৰীয়ে। তদুপৰি ৰাজ্যৰ ইতিহাসত আটাইতকৈ নিকৃষ্ট, অপদাৰ্থ হ’ল বৰ্তমানৰ কৃষিমন্ত্ৰী অতুল বৰা।মন্ত্ৰীৰ আশীৰ্বাদ নাথাকিলে ইমান ডাঙৰ কেলেংকাৰী এটা সংঘটিত কৰিব নোৱাৰে। প্ৰায় ৬০০ কৌটি টকাৰ এই কেলেংকাৰীৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত আমি দাবী কৰিছোঁ৷' ৰাজ্যৰ ইতিহাসত আটাইতকৈ নিকৃষ্ট, অপদাৰ্থ হ’ল বৰ্তমানৰ কৃষিমন্ত্ৰীগৰাকী। কৃষিমন্ত্ৰী অতুল বৰাক বিভাগৰ পৰা আঁতৰাই  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ উচিত তদন্ত কৰিবলৈ আহ্বান জনালোঁ।অন্যথা আমি বুজিবলৈ বাধ্য হম মুখ্যমন্ত্ৰীৰো এই কেলেংকাৰীত ভাগ আছিল।গণতন্ত্ৰৰ ভৱিষ্যত অন্ধকাৰ বুলিও  তেওঁ লগতে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here