সাহিত্য-সমাজ-সাংস্কৃতিক সেৱা মঞ্চ, অসম" ৰ সম্বৰ্ধনা অনুষ্ঠান
W7s News ষ্টাফৰিপোৰ্টাৰ:
"সাহিত্য-সমাজ-সাংস্কৃতিক সেৱা মঞ্চ, অসম" ৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত সোমবাৰে এটা সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত "ড° বি আৰ আম্বেদকাৰ বঁটা", "শংকৰ-আজান সমন্বয় বঁটা", "অসম গৌৰৱ সন্মান বঁটা" প্ৰদান কৰা হয়। এই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে "সাহিত্য-সমাজ-সাংস্কৃতিক সেৱা মঞ্চ, অসম" ৰ সাধাৰণ সম্পাদক জয়ন্ত শইকীয়াই। এই অনুষ্ঠানতেই অসমৰ জনপ্ৰিয় অভিনেত্রী চেতনা দাসক অসম গৌৰৱ বঁটা, নঞ্জু দত্তক অসম গৌৰৱ আৰু আম্বেদকাৰ বঁটা, যুৱ কবি জিণ্টুমণি দাসক অসম গৌৰৱ বঁটা, সনত কুমাৰ মহন্তক শংকৰ-আজান বঁটা, সু-কবি অলি বৰুৱাক আম্বেদকাৰ বঁটা, বৰ্ণালী বৰা বৈশ্যক অসম গৌৰৱ, কিৰণ দাসক অসম গৌৰৱ,মনমথ বৰুৱাক আম্বেদকাৰ বঁটা, সাংবাদিক অনুপমা ডেকাক অসম গৌৰৱ, ফটো সাংবাদিক মহেশ চৌধুৰীক অসম গৌৰৱ বঁটা , বীনা বৰুৱাক আম্বেদকাৰ বঁটা, ভূমিকা চৌধুৰীক অসম গৌৰৱ বঁটা, ড০ মুৰশ্বেদুজ জামানক আম্বেদকাৰ বঁটা, সন্তোষ শুক্লবৈদ্যক শংকৰ-আজান বঁটা আৰু আম্বেদকাৰ বঁটা প্ৰদান কৰা হয়। নঞ্জু দত্তই সঞ্চালনা কৰা অনুষ্ঠানত জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসে কয় ' এই ধৰণৰ বঁটা বাহনে জীয়াই থাকিবলৈ, ভাল কাম কৰি যাবলৈ সাহস দিয়ে। এই অনুষ্ঠানে সমাজ সংস্কৃতিলৈ নি: স্বাৰ্থভাৱে সেৱা আগবঢ়াই যোৱা সকলক এনেদৰে সন্মানিত কৰি উদগনি দিয়া উচিত। সকলোৰে আশাভৰা মনলৈ জীয়াই থকা উচিত। সাহিত্য-সমাজ সাংস্কৃতিক সেৱা মঞ্চ, অসমে এনেদৰে ভাল কামেৰে আগবাঢ়ি যাওঁক।' ক'ভিড বিধি মানি অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণিতে মন ময়ুৰী শইকীয়াই গীত পৰিবেশন কৰে।
No comments:
Post a Comment