W7s News ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটী প্ৰেছ ক্লাবত সোমবাৰে অধ্যাপক ড০ গৌতম শৰ্মাই সম্পাদনা কৰা গ্ৰন্থ ' এক্সপ্ল'ৰিঙ ইনচাইছ : এছেছ অন লিটাৰেছাৰ ফৰ প্ৰফেচৰ উপেন্দ্ৰনাথ শৰ্মা' উন্মোচন কৰা হয়। অধ্যাপক উপেন্দ্ৰনাথ শৰ্মাৰ প্ৰতি শ্ৰদ্ধা জনাই গ্ৰন্থখন তেওঁৰ বাবে উৎসর্গিত কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লেখক, অধ্যাপক ড০ গোবিন্দ প্ৰসাদ শৰ্মাই কয় ' ভাৰ্চুৱেল পৃথিৱীৰ সৈতে জড়িত থকাৰ পাছত এই সুন্দৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি যথেষ্ট সুখ অনুভৱ কৰিছো। উপন্দ্ৰ নাথ শৰ্মাই অধ্যয়ন নকৰাকৈ একো নিলিখে। জ্ঞানৰ ভাণ্ডাৰী উপেন্দ্ৰ নাথ শৰ্মা তেওঁৰ বিশাল জ্ঞান ভাণ্ডাৰ আনৰ সৈতে বিতৰণ কৰিছিল। তেওঁ অক্সফোর্ড ইউনিভাৰ্চিটিত চাকৰি পোৱাৰ পাছতো নকৰিলে। আনহাতে অধ্যাপক ড০ গৌতম শর্মাই গ্ৰন্থখন সম্পাদনা কৰিছে। গ্ৰন্থ সম্পাদনা কৰা কাম সহজ নহয়। এটা কঠিন কাম কৰা বাবে ড০ গৌতম শর্মাক শুভেচ্ছা জনালোঁ।' সভাতউপেন্দ্ৰনাথ শৰ্মাই শুভেচ্ছা মূলক বার্তা পঠিয়ায়।উন্মোচনী সভাত বিশিষ্ট লেখক মিত্ৰা ফুকনে শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়। সভাত বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
No comments:
Post a Comment