অসম মহিলা সংঘৰ উদ্যোগত নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ ন্যায় -বিচাৰৰ দাবীত প্রতিবাদী কাৰ্যসূচী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 27 August 2021

অসম মহিলা সংঘৰ উদ্যোগত নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ ন্যায় -বিচাৰৰ দাবীত প্রতিবাদী কাৰ্যসূচী

 




W7s News ষ্টাফৰিপোৰ্টাৰ: অসম মহিলা সংঘৰ গুৱাহাটী জিলা কমিটিৰ উদ্যোগত ধেমাজিৰ মৰিধল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ ন্যায় -বিচাৰৰ দাবীত শুকুৰবাৰে গুৱাহাটীৰ ৰাজগড় ৰোডত প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।  প্ৰতিবাদকাৰী মহিলাই নন্দিতা হত্যাৰ বিচাৰ লাগে, বেটি বাছাও, বেটি পঢ়াওক কাৰ্যকৰি কৰক, নন্দিতা শইকীয়াৰ হত্যাকাৰীক দৃষ্টান্ত মূলক শাস্তি দিয়ক আদি শ্লো'গান দিয়ে। এই কাৰ্যসূচীৰ জৰিয়তে অসম মহিলা সংঘৰ  সাধাৰণ সম্পাদক অসমী গগৈয়ে কয় ' ঢকুৱাখনাৰ মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ ঘটনাটো ফাষ্টট্ৰেক আদালতত বিচাৰ কৰি অপৰাধীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক। অপৰাধীৰ শাস্তিৰ জৰিয়তে নন্দিতা আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি ন্যায় প্ৰদান কৰক। তদুপৰি আদালতত বিচাৰাধীন হৈ থকা ধৰ্ষণ-হত্যাৰ গোচৰসমূহে ফাষ্ট-ট্ৰেক কৰ্টত খৰতকীয়া তদন্ত প্ৰক্ৰিয়াৰ নিষ্পত্তি কৰি অপৰাধীক শাস্তি দিয়ক লগতে ৰাজহুৱা স্থানত ছাত্ৰ-ছাত্রী, যুৱতী, মহিলাৰ নিৰাপত্তাৰ বাবে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনালোঁ।' এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰী সকলে কামৰূপ (ম) জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here