[সংবাদ মাধ্যমক অৱগত কৰা অনুসৰি]
** ৰাজ্য চৰকাৰৰ ১ লাখ নিবনুৱা যুৱক-যুৱতীক নিযুক্তি প্ৰদানৰ লক্ষ্যৰ অংশ হিচাপে স্বাস্থ্য বিভাগৰ অধীনৰ চিকিৎসক, নাৰ্চ, পেৰামেডিকেল কৰ্মচাৰী আদি বিভিন্ন কাৰিকৰী পদকে ধৰি মুঠ ৮৮৫৫ টা পদত নিযুক্তি দিয়াৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায়৷ এই নিযুক্তি প্ৰক্ৰিয়া অহা ছেপ্টেম্বৰ মাহত আৰম্ভ হ’ব৷
** ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ বৰ্তমানৰ ১৭ শতাংশৰ পৰা ১১ শতাংশ বৃদ্ধি কৰি ২৮ শতাংশ কৰাৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায়৷ এই বৃদ্ধি ২০২১ চনৰ ৰ জুলাইৰ পৰা কাৰ্যকৰী হ'ব।
**ক’ভিড অতিমাৰীৰ পৰিপ্ৰেক্ষিতত ২০২০ চনৰ ২০ মাৰ্চৰ আগতে ছুটিত থকা যিসকল কৰ্মচাৰী কৰ্মস্থলীৰ বাহিৰত থকাৰ বাবে কৰ্তব্যত অনুপস্থিত আছিল, তেওঁলোকৰ সেই অনুপস্থিতিৰ কালছোৱা নিয়মীয়াকৰণৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷
** নিবনুৱা সমস্যা সমাধানৰ দিশত এক পদক্ষেপ হিচাপে পৰিবহন আৰু দক্ষতা উন্নয়ন বিভাগৰ যৌথ উদ্যোগত ৰাজ্যখনৰ প্ৰতিটো সমষ্টিৰ পৰা ৫০ গৰাকীকৈ যুৱক-যুৱতীক গাড়ীচালনাৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত লয়৷ ৰাজ্যখনৰ সৰ্বমুঠ ৬৬০০ গৰাকী যুৱক-যুৱতীক এই ৪৫ দিনীয়া প্ৰশিক্ষণৰ অন্তত চৰকাৰে গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব৷ তদুপৰি প্ৰশিক্ষণৰ অন্তত তেওঁলোকে বাণিজ্যিক যাত্ৰীবাহী বাহন ক্ৰয় কৰিব বিচাৰিলে চৰকাৰে ১ লাখ টকাৰ ৰাজসাহায্য প্ৰদান কৰিব৷
**ৰাজ্যখনৰ অনুসূচিত জনজাতিৰ এক উপজাতি হিচাপে তালিকাত থকা ‘লালুং’ শব্দটোৰ স্থানত ‘তিৱা’ শব্দটো ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰে ভাৰত চৰকাৰক অনুৰোধ জনাব বুলি আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷
No comments:
Post a Comment