W7s News নিউজ ডেস্ক :
৯ আগষ্টত গুৱাহাটীত আহি উপস্থিত হ’ব লাভলীনা।
খেলৰত্ন বঁটাৰ বাবে লাভলীনাৰ নাম প্ৰেৰণ কৰিব চৰকাৰে। বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হোৱাৰ সময়ত লাভলীনা বৰগোহাঁইক ৰেড কাৰ্পেট পাৰি আদৰণি জনাব ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লাভলীনাক বিপুলভাৱে সম্বৰ্ধনা জনাব।
লাভলীনা বৰগোঁহাইক স্ব-গৃহত ৰাজ্যিক সন্মানৰ মৰ্যাদাৰে চৰকাৰে আদৰণি জনাব। গোলাঘাটৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ ঘৰত জিলা উপাযুক্তৰ তত্বাৱধানত থাকিব লাভলীনা।
অৰ্জুন বঁটা বিজয়ী লাভলীনা বৰগোঁহাইৰ নাম ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে।লাভলীনাক চৰকাৰে অসমৰ ক্ৰীড়া নীতি অনুযায়ী ৫০ লাখ টকা আৰু এ পি এছ/ এ চি এছ পৰ্যায়ৰ চাকৰি প্ৰদান কৰিব।
No comments:
Post a Comment