W7s News ষ্টাফৰিপোৰ্টাৰ : ৰাজহুৱা সাধাৰণ বীমা কোম্পানীবোৰক বেচৰকাৰীকৰণৰ বাবে উত্থাপিত সংশোধনী বিল জেনেৰেল ইঞ্চুৰেঞ্চ নেচনেলাইজেচন এক্ট বিৰোধীৰ প্ৰবল প্ৰতিবাদৰ মাজত কোনোধৰণৰ আলোচনা নোহোৱাকৈ চলিত বছৰৰ ২ আগষ্টত লোকসভাত গৃহীত কৰা হয়। ইয়াৰ বিৰোধিতাৰে বুধবাৰে ভাৰতৰ সমূহ ঠাইতে প্ৰতিবাদ সাব্যস্ত কৰি কাৰ্যালয় বন্ধ ৰখা হয়। আনহাতে
গুৱাহাটীৰ ভঙাগড়স্থিত নেশ্বনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ আঞ্চলিক কাৰ্য্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা হয়।
এই সংশোধনীত ৰাজহুৱা সাধাৰণ বীমা কোম্পানী সমূহত থকা চৰকাৰৰ নূন্যতম ৫১ শতাংশ অংশীদাৰিত্ব প্ৰত্যাহাৰ কৰি লোৱা হৈছে। যাৰফলত চৰকাৰে এতিয়াৰে পৰা নিজস্ব শ্বেয়াৰ বেচৰকাৰী হাতত বিক্ৰী কৰিব পাৰিব আৰু এই কোম্পানী সমূহৰ বেচৰকাৰীকৰণৰ বাট মুকলি হৈ গ'ল বুলি প্ৰতিবাদকাৰী সকলে ক্ষোভ প্ৰকাশ কৰে। লগতে প্ৰতিবাদকাৰী সকলে হাতে হাতে পোষ্টাৰ লৈ
বীমা কোম্পানীবোৰক বেচৰকাৰীকৰণৰ বাবে উত্থাপিত সংশোধনী বিলৰ তীব্ৰ বিৰোধীতা কৰে।
মন কৰিবলগীয়া যে চলিত বছৰৰ বাজেট ঘোষণাত বিত্তমন্ত্ৰীগৰাকীয়ে দুটা ৰাজহুৱা বেংক আৰু এটা সাধাৰণ বীমা কোম্পানীৰ বেচৰকাৰীকৰণৰ সিদ্ধান্ত ঘোষণা কৰে।
No comments:
Post a Comment