ড্ৰাগছৰ বিৰুদ্ধে অসম চৰকাৰ কঠোৰ হোৱাৰ বাবে মিজোৰাম চৰকাৰে সীমা বিবাদৰ সৃষ্টি কৰিছে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 11 August 2021

ড্ৰাগছৰ বিৰুদ্ধে অসম চৰকাৰ কঠোৰ হোৱাৰ বাবে মিজোৰাম চৰকাৰে সীমা বিবাদৰ সৃষ্টি কৰিছে

 



চন্দ্ৰপুৰত দাম্পিং গ্ৰউণ্ড হ'বলৈ নিদিওঁ

 






W7s News ষ্টাফৰিপোৰ্টাৰ: 'ড্ৰাগছৰ বিৰুদ্ধে অসম চৰকাৰ কঠোৰ হোৱাৰ বাবে মিজোৰাম চৰকাৰে সীমা বিবাদৰ সৃষ্টি কৰিছে- এইদৰে কয় দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত বিধায়ক অতুল বৰাই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত হোৱা সীমা সমস্যা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত লগতে কয় ' মিজোৰাম চৰকাৰৰ ড্ৰাগছৰ জৰিয়তে অসমৰ পৰা ধন ঘটা বাট বন্ধ হৈ গ'ল। ড্ৰাগছ, ছিণ্ডিকেটৰ বিৰুদ্ধে মই মাত মাতি আহিছো। এইবাৰ চৰকাৰৰ নির্দেশত অসম আৰক্ষীও ইয়াক লৈ কঠোৰ হৈছে। সীমা বিবাদৰ কাজিয়া অসমীয়া আৰু খাচীয়া মানুহৰ কাজিয়া নহয়। ইয়াৰ বাবে চৰকাৰবোৰেই জগৰীয়া। মিজোৰাম, মেঘালয়, নাগালেণ্ড চৰকাৰে গুণ্ডাবাহিনী লগাই সীমা বিবাদৰ সৃষ্টি কৰিছে।চৰকাৰৰ বিফলতাৰ বাবেই সীমা ঠেলিবলৈ সুবিধা পাইছে মিজোৰামে। ভূমি আগ্ৰাসন চৰকাৰে হে কৰে ৰাইজে নকৰে। সাতভনী হিচাপে মিলাপ্ৰীতি হৈ থকাটো বিচাৰো।তদুপৰি চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড হ'ব নে নাই এই সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়ক বৰাই কয় ' চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড নহয়। মই নিজে চন্দ্ৰপুৰৰ ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধীএই বিষয়ত মই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ভালেখিনি আলোচনা কৰিছোঁ। আনহাতে সুদীর্ঘ ৪৭ বছৰ পাছত বিধায়ক অতুল বৰাই সম্পাদনা কৰা মাহেকীয়া আলোচনী 'ব্ৰহ্মপুত্ৰ' উন্মোচন কৰা হয়। প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে আলোচনীখন উন্মোচন কৰি কয় 'প্ৰত্যেকজন অসমীয়াই আধুনিক অসমৰ কথা চিন্তা কৰাৰ পূৰ্বে পূৰ্বৰ অসমখন যে কিমান শক্তিশালী আছিল সেই কথা বুজি উঠা উচিত। পৃথিৱীত ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ ধাৰণা প্ৰথম অসমে কৰিছিল। ব্ৰহ্মপুত্ৰ অসমৰ বুকুৱেদি বৈ গৈছে। ব্ৰহ্মপুত্ৰৰ নাম শুনিলে বুকুখন সাতখন, আঠখন লাগে। বিশাল ব্ৰহ্মপুত্ৰৰ দৰে অনন্তকাললৈ প্ৰবাহমান হৈ থাকক এই 'ব্ৰহ্মপুত্ৰ' আলোচনী। ৰাজনৈতিক ভাবে পৰিপক্ক অতুল বৰাই ভাষা জননীৰ প্ৰতি বহুদিনলৈ যাতে সেৱা কৰি যাব পাৰে তাৰে আশা প্ৰকাশ কৰিলো।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here