লখিমপুৰ ধেমাজি জিলাৰ অন্তৰ্গত ৫খন বঞ্চালৰ ৪৮৫০ বিঘা মাটি অৰুণাচলে দখল কৰিছে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 11 August 2021

লখিমপুৰ ধেমাজি জিলাৰ অন্তৰ্গত ৫খন বঞ্চালৰ ৪৮৫০ বিঘা মাটি অৰুণাচলে দখল কৰিছে

 অসমৰ সীমামুৰীয়া ৰাজ্য সমূহৰ আগ্ৰাসন ৰোধ কৰিবলৈ আৰু সীমান্ত অঞ্চলত বসবাস কৰা জনতাক সুৰক্ষা দিবলৈ দাবী জনাইছে দুৰ্নীতি বিৰোধী যুৱ-শক্তি, অসমৰ






W7s news ষ্টাফৰিপোৰ্টাৰ: 'অসমৰ সীমামুৰীয়া ৰাজ্য সমূহৰ আগ্ৰাসন ৰোধ কৰিবলৈ আৰু সীমান্ত অঞ্চলত বসবাস কৰা জনতাক সুৰক্ষা দিবলৈ দাবী জনাইছে দুৰ্নীতি বিৰোধী যুৱ-শক্তি, অসমে। বুধবাৰে গুৱাহাটী প্ৰেছক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত দুৰ্নীতি বিৰোধী যুৱ-শক্তি, অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে কয় ' বিগত ৬ বছৰত উত্তৰ পূৰ্বাঞ্চলৰ আটাইবোৰ ৰাজ্যই ভয়ানক ভাৱে অসমৰ হাজাৰ হাজাৰ বিঘা মাটি দখল কৰি আহিছে। অসম চৰকাৰে যদি   দুৰ্বল আৰু আত্মসমৰ্পণৰ নীতি গ্ৰহণ কৰি থাকে তেনেহলে চুবুৰীয়া ৰাজ্য মেঘালয়ে আৰু কিছু দিনৰ পাছতে দিছপুৰলৈকে দখল কৰিব। কিয়নো দিছপুৰ সমষ্টিৰ অসম মেঘালয় সীমান্তবৰ্তী বহু অঞ্চল নগাই দখল কৰিছে। অসম-অৰুণাচলৰ সীমান্তবৰ্তী অঞ্চলসমূহতো ব্যাপক বে-দখল হৈছে। লখিমপুৰ ধেমাজি জিলাৰ অন্তৰ্গত ৫খন বঞ্চালৰ ৪৮৫০ বিঘা মাটি অৰুণাচলে দখল কৰিছে। লখিমপুৰ জিলাৰ বনবিভাগৰ প্রতিবেদনত উল্লেখ কৰা অনুযায়ী দুলুং সংৰক্ষিত বনাঞ্চলৰ মুঠ ৯৯০০ বিঘা মাটিৰ ভিতৰত ৮০০-৮৫০ বিঘা, কাকৈ সংৰক্ষিত বনাঞ্চলৰ মুঠ ৪৪১৫.০৩ বিঘাৰ ভিতৰত ৪০০ বিঘা, কদম সংৰক্ষিত বনাঞ্চলৰ নামত ৩৬২৫.৯১ বিঘা আছিল ,পাভ সংৰক্ষিত বনাঞ্চলৰ ৪৬২৫.৮৭ বিঘাৰ ভিতৰত ২৫৫০ বিঘা বে-দখলৰ কবলত। সেইদৰে ৰঙা সংৰক্ষিত বনাঞ্চলৰো ৮৫২৯.৭১ বিঘাৰ ভিতৰত ১০০০বিঘা বে-দখলৰ কবলত। সেয়ে আমি অসমৰ সীমামুৰীয়া ৰাজ্য সমূহৰ আগ্ৰাসন ৰোধ কৰিবলৈ অসম চৰকাৰ তথা শক্তিশালী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দাবী জনালোঁ। লগতে দুৰ্বল নীতি আৰু এক ইঞ্চি মাটিও নিদিওঁ বুলি কোৱা নীতি পৰিহাৰ কৰি প্ৰকৃতাৰ্থত চুবুৰীয়া ৰাজ্য সমূহৰ পৰা অসমৰ মাটি উদ্ধাৰ কৰিবলৈ আমি দাবী জনালোঁ।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here