W7s News ষ্টাফৰিপোৰ্টাৰ:
২০১৭ চনৰ আজিৰ দিনটোতে এগৰাকী সুদক্ষ অভিযন্তা , মননশীল কবি , সাহিত্যৰ নীৰৱ সাধক প্ৰশান্ত বিশ্ব শৰ্মাৰ মৃত্যু হৈছিল। প্ৰচুৰ মেধা সম্পন্ন তথা সৰুৰে পৰা সাহিত্য চৰ্চাৰ লগতে বিদ্যায়তনিক দিশত বিশেষ পাৰদৰ্শিতা দেখুওৱা কবি -অভিযন্তা প্ৰয়াত প্ৰশান্ত বিশ্ব শৰ্মাৰ প্ৰতি শ্ৰদ্ধা জনাই বুধবাৰে তেওঁৰ চতুৰ্থ মৃত্যু বাষিৰ্কীত অসম সাহিত্য সভা , কামৰূপ মহানগৰ জিলা সাহিত্য সভা আৰু জাতীয় আদৰ্শ শিক্ষা সংসদে শ্ৰদ্ধাৰে স্মৰণ কৰে। এই উপলক্ষে বুধবাৰে অসম সাহিত্য সভা প্ৰাঙ্গন স্থিত প্ৰশান্ত বিশ্ব শৰ্মা স্মাৰক ভৱনত অসম সাহিত্য সভাৰ জাতীয় আদৰ্শ শিক্ষা সংসদৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰি তেওঁৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন ,বন্তি প্ৰজ্বলনৰ লগতে গীতা পাঠ কৰা হয়। ইপিনে আজিৰ এই বিশেষ দিনটোৰ কাৰ্যসূচীত উপস্থিত থাকে যথাক্ৰমে অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়া , অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশী , উপ-সভাপতি মৃণালিনী দেৱী, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালিকা ৰিণিকী ভূঞা শৰ্মা , মুখপাত্ৰ ড০ সঞ্জীব শৰ্মা , ৰামধেনুৰ আহ্বায়ক মানিক আহমেদ , কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি দাসো কলিতা , অসম আৰক্ষীৰ প্ৰাক্তন উচ্চপ্ৰদস্থ বিষয়া শ্যামল শইকীয়া , শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগ গগৈ ,প্ৰয়াত প্ৰশান্ত বিশ্ব শৰ্মাৰ পত্নী বিজয়া শৰ্মা, বৌৱেক দীপামনি গোস্বামী শৰ্মা, অসম সাহিত্য সভাৰ জাতীয় আদর্শ শিক্ষা সংসদৰ উপ- সচিবদ্বয় বিষ্ণু ডেকা আৰু প্ৰভাত চন্দ্ৰ দাস, প্ৰচাৰ সমিতিৰ উপ-সভাপতি পংকজ কুমাৰ দত্ত , আকাশ উপ সমিতিৰ আহ্বায়ক স্বপ্না কলিতাকে ধৰি আন বিভিন্ন জন। সাম্প্ৰতিক পৰিস্থিতিৰ মাজতো কেৱল মাথোঁ আনুষ্ঠানিকতা ৰক্ষা কৰি অনুষ্ঠিত কৰা হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।জাতীয় আদৰ্শ শিক্ষা সংসদৰ সচিব ৰাণা বশিষ্ঠ ই শ্ৰদ্ধাঞ্জলি তথা সোঁৱৰণি অনুষ্ঠানৰ আঁত ধৰে।
No comments:
Post a Comment