অসম চিভিল ছ'চাইটিৰ সংবাদমেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 23 August 2021

অসম চিভিল ছ'চাইটিৰ সংবাদমেল

 


 


তালিবানৰ বিৰুদ্ধে সকলোকে একত্ৰিত হৈ যুজঁ দিয়াৰ আহ্বান


বিশ্ব শান্তি বাবে তালিবান ভাবুকিস্বৰূপ




W7s News ষ্টাফৰিপোৰ্টাৰ : 'তালিবানৰ বিৰুদ্ধে সকলোকে একত্ৰিত হৈ যুজঁ দিয়াৰ আহ্বান জনাইছে- অসম চিভিল ছ'চাইটিয়ে। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ছ'চাইটিৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদমেলত ছ'চাইটিৰ কাৰ্যকৰী সভাপতি, অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে কয় '  'তালিবান ইছলাম বিৰোধী লগতে  মানৱতা বিৰোধী। তালিবান বৰ্বৰ, অগণতান্ত্ৰিক আমাৰ মানুহে তালিবনক সমৰ্থন কৰা কাৰ্য আমাৰ সমাজৰ বাবে কলংক।  সমাজৰ শিক্ষিত লোকে তালিবানক সামৰ্থন কৰি ইছলাম বিৰোধী কাৰ্য কৰিছে।ইছলাম বিৰোধী কাৰ্য সংঘটিত কৰা সকলক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমাৰ সমাজৰ শান্তি, সম্প্ৰীতি যাতে বিনষ্ট নহয় তাৰ বাবে ৰাইজক সজাগ সচেতন হ'বলৈ আহ্বান জনালোঁ।'সংবাদ মেলত জ্যেষ্ঠ সাংবাদিক তথা ছ'চাইটিৰ মুখ্য উপদেষ্টা হাইদৰ হুছেইনে কয় ' কৰ্মহীন যুৱকৰ অনাহক উত্তেজনা প্ৰকাশৰ মাধ্যম হৈ পৰিছে সামাজিক মাধ্যম। ইছলামৰ অৰ্থই হৈছে শান্তি। এই ধৰণৰ কাৰ্য ইছলাম বিৰোধী, মানৱতা বিৰোধী। তালিবানক সমৰ্থন কৰা আটকাধীন ব্যক্তিকপ্ৰচলিত আইন মতে কঠোৰৰ পৰা কঠোৰতম শাস্তি দাবী দিব লাগে। আফগানিস্তান প্ৰায় শেষ।  মৌলবাদলৈ ৰূপান্তৰ হোৱা হোৱা দেশৰ উন্নতি হ'ব নোৱাৰে। দেশৰ নাগৰিক হিচাপে আমি দায়িত্বশীল হোৱা দৰকাৰ।' সংবাদ মেলত ছ'চাইটিৰ সভাপতি আবচৰ হাজৰিকাই কয় 'আফগানিস্তানত হোৱা তালিবানৰ পুনৰ উত্থানত আমি  উদ্বেগ প্ৰকাশ কৰিছোঁ। ভাৰতৰ বাবে এই উত্থান অধিক উদ্বেগজনক। সভ্য সমাজে এই সময়ত মনে মনে থকা উচিত নহয়। তালিবানত অৰাজকতাৰ সৃষ্টি হৈছে। পৃথিৱীৰ আন ঠাইত ইয়াৰ প্ৰভাৱ পৰিব।' সংবাদ মেলত ছ'চাইটিৰ কাৰ্যকৰী সভাপতি প্ৰাক্তন অধ্যাপক আব্দুল মান্নানে কয় '  তালিবানৰ বৰ্বৰ ঘটনাৰ আমি তীব্ৰ বিৰোধীতা কৰিছোঁ। বিশ্ব মানৱ একত্ৰিত হৈ বৰ্বৰ তালিবানৰ বিৰুদ্ধে থিয় দিব লাগে। তালিবানৰ উত্থান উদ্বেগজনক। তালিবানে ইছলাম সম্পৰ্কে দিয়া বাখ্যা ইছলামিক দৰ্শন আৰু আদৰ্শৰ বিৰোধী।তালিবানৰ দৃষ্টিভংগী আধুনিক শিক্ষাৰ পৰিপন্থী।নাৰীৰ  অধিকাৰ খৰ্ব কৰি তালিবানে ইছলাম ধৰ্মক মধ্যযুগলৈ পিছুৱাই নিছে। তালিবান আৰু ইছলামিক মৌলবাদীৰ আদৰ্শ হৈছে নাৰীক গৃহবন্দী কৰি কেৱল সন্তান জন্ম দিয়াৰ যন্ত্ৰত পৰিণত কৰা।আধুনিক শিক্ষা ,স্বাস্থ্য ,ন্যায় ব্যৱস্থা তালিবানে পশ্বাদগামী কৰিছে। বিশ্ব শান্তি বাবে তালিবান ভাবুকিস্বৰূপ।তালিবানীসকলে ইছলাম ধৰ্মাৱলম্বীক মধ্যযুগলৈ পিছুৱাই দিব। আমি তালিবানৰ নীতি আদৰ্শক তীব্ৰ গৰিহণা দিছোঁ।তালিবানক বিশ্ব সমাজে এঘৰীয়া কৰিব লাগে।তালিবানক সমৰ্থনকাৰীক শাস্তি দিব লাগে ।তালিবানৰ সমৰ্থনকাৰী কোনো আইনৰ অনুসৰি শাস্তি দিব লাগে।' সংবাদ মেলত ছ'চাইটিৰ অন্যান্য বিষয়ববীয়া  উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here