লাভলীনা বৰগোহাইক সম্বৰ্ধনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 13 August 2021

লাভলীনা বৰগোহাইক সম্বৰ্ধনা

 


ক্ৰীড়া বিষয়ক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি শিক্ষক নিযুক্তি দিয়াৰ দাবী এছ এফ আইৰ



W7s News ষ্টাফৰিপোৰ্টাৰ: এছ এফ আই আৰু ডি ৱাই এফ আইৰ ৰাজ্যিক কমিটিৰ তৰফৰ পৰা শুকুৰবাৰে গুৱাহাটীৰ  টাজ ভিভান্তাত উপস্থিত হৈ অসমৰ প্ৰথম অলিম্পিক মেডেল বিজয়ী লাভলীনা বৰগোহাই


ক এখনি ফুলাম গামোচা, ফুলৰ থোপা আৰু এছ এফ আইৰ সোণালী জয়ন্তী আলোচনীৰে সম্বৰ্ধনা জনায় । প্ৰতিনিধি দলটোত উপস্থিত থাকে এছ এফ আইৰ কেন্দ্ৰীয় সম্পাদকমণ্ডলীৰ সদস্য সংগীতা দাস,ৰাজ্যিক সাধাৰণ সম্পাদক নিৰংকুশ নাথ, কামৰূপ মহানগৰ কমিটিৰ জিলা সম্পাদক কল্যান বুঢ়াগোহাঁই আৰু ডি ৱাই এফ আইৰ কেন্দ্ৰীয় কমিটিৰ সদস্যই ৰিতু ৰঞ্জন দাস। এছ এফ আইৰ ৰাজ্যিক সাধাৰণ সম্পাদক নিৰংকুশ নাথে এই কাৰ্যসূচীৰ জৰিয়তে কয় '  'ভাৰত চৰকাৰে আগবঢ়োৱা ২০২১-২২ বাৰ্ষিক বাজেটখনত "খেল' ইণ্ডিয়া" আচঁনিখনত সম্পূৰ্ণ ২৩২.৭১ কোটি টকা হ্ৰাস কৰা হৈছে। আগৰ বছৰটোৰ বাজেটখনত উক্ত প্ৰগ্ৰেমটোৰ বাবে বিত্তীয় সাহায্যতা ধাৰ্য্য কৰা হৈছিল ৮৯০.৪২ কোটি টকা। কিন্তু ২০২১-২২ত এই পৰিমাণ ৬৫৭.৭১ কোটিলৈ হ্ৰাস কৰা হয়। এয়া চৰম দুৰ্ভাগ্যজনক। খেলুৱৈ সকলক প্ৰোৎসাহিত কৰাৰ ক্ষেত্ৰত ৭০ কোটিৰ পৰা ৫৩ কোটি লৈ এই বাজেটখনে পুজিঁ আৱন্টন হ্ৰাস কৰিছে। ৰাষ্ট্ৰীয় খেল বিকাশ কোষৰ বাজেটো অৰ্ধাংশ কৰি ২৫ কোটি টকা কৰা হৈছে।২০১০ বৰ্ষৰ ৰাষ্ট্ৰমণ্ডল ক্ৰীড়া-SAI ষ্টেডিয়ামৰ নৱীকৰণৰ বাবে বিত্তীয় আৱন্টনো শেহতীয়া বৰ্ষটোত ৭৫ কোটিৰ পৰা হ্ৰাস কৰি ৩০ কোটি কৰা হৈছে।২০১২ অলিম্পিক বৰ্ষটোত আগৰ বৰ্ষটোত কৰা ১১২১ কোটিৰ আৱন্টনৰ পৰা ৩১ কোটি বৃদ্ধি কৰা হৈছিল। যদিও এই পৰিমাণ অতি নগণ্য ,তথাপি ২.৭৬% বৃদ্ধি হৈছিল। কিন্তু তাৰ পৰিৱৰ্তে ২০২১চনত,যিটো এক অন্যতম অলিম্পিক বৰ্ষ,তাৰ আগৰ বছৰত কৰা ২৩৬৫.৩৬. কোটিৰ আৱন্টনৰ পৰা ৯.৭৫% অৰ্থাৎ ২৩০.৭৮ কোটি টকা হ্ৰাস কৰিছে। অন্যহাতেদি অসম চৰকাৰে ২০২১-২২বৰ্ষৰ ৰাজ্যিক বাজেটত ক্ৰীড়া আৰু যুৱ কল্যান বিভাগত ১৪৩১১.৫১ লাখ টকা ধার্য কৰাৰ বিপৰীতে  ২০২০-২১ বৰ্ষৰ  সংশোধিত ব্যয়ৰ আনুমানিক হিচাপ আছিল ১৯২৪৬.৯৭ লাখ টকা আৰু ২০১৯-২০ৰ প্ৰকৃত ব্যয় আছিল ১৭৯০৭.১২ লাখ । ই স্পষ্ট ৰূপত দেখুৱাই কি ধৰণে ক্ৰীড়া বিষয়টি উপেক্ষিত হৈ আছে।  অন্যহাতেদি শিক্ষা অধিকাৰ আইনে খেলৰ শিক্ষক বিদ্যালয় সমূহত দিয়াটো এক নিয়মত পৰিণত কৰিলেও, কাৰ্যত শিক্ষক নিযুক্তি দিয়া হোৱা নাই। শৈক্ষিক ক্ষেত্ৰখনত ক্ৰীড়া বিষয়ক পাঠ্যক্ৰম অনতিপলমে আৰম্ভ কৰাই সময়ৰ আহ্বান বুলি এছ এফ আইয়ে মত পোষণ কৰিছে । দেশৰ নেতাসকলে বৃহৎ হাৰ্ডিঙত নিজৰ ফটো লগাই নহয়, সঠিক ক্ৰীড়া নীতি গ্ৰহণ কৰি দেশক আগুৱাই নিয়ক ।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here