- W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 13 August 2021

 এফ চি আইৰ কাৰ্যালয় ঘেৰাও ৰাইজৰ দলৰ






W7s News ষ্টাফৰিপোৰ্টাৰ : ভাৰতীয় খাদ্য নিগম(এফ চি আই) ক অসমৰ খেতিয়কৰ পৰা ধান ক্ৰয় কৰাৰ দাবী জনাইছে ৰাইজৰ দলে। এই দাবীৰ ভিত্তিত শুকুৰবাৰে ৰাইজৰ দলৰ বহুসংখ্যক সদস্যই উলুবাৰীৰ ভাৰতীয় খাদ্য নিগমৰৰ কাৰ্যালয় ঘেৰাও কৰে। প্ৰতিবাদকাৰী সকলে এফ চি আইয়ে অসমৰ কৃষকৰ পৰা বড়ো ধান, শালি ধান, আহু ধান ক্ৰয় কৰক, অসমৰ কৃষকক এফ চি আইৰ প্ৰতাৰণা সয্য কৰা নহ'ব, কৃষকক ওপৰত মাধমাৰ বন্ধ কৰক, কৃষকক সুৰক্ষা দিব নোৱাৰা বিজেপি চৰকাৰ হায় হায় আদি শ্লোগান দিয়ে।  এই কাৰ্যসূচীৰ জৰিয়তে ৰাইজৰ দলৰ হৈ কমল কুমাৰ মেধিয়ে কয় ' এফ চি আইয়ে দীৰ্ঘদিন ধৰি অসমৰ কৃষকক চূড়ান্ত প্ৰবঞ্চনা কৰি আহিছে।

অসমৰ কৃষিৰ লগত, খেতিয়কৰ লগত কৃষি বিভাগৰ, বিভাগীয় মন্ত্ৰীৰ কোনো সম্পৰ্ক নাই। অসমৰ কৃষি বিভাগৰ সম্পৰ্ক কেৱল কমিচনৰ লগত। তেওঁলোকে সাৰৰ নামত, কৃষিৰ নতুন সঁজুলি ক্ৰয় আদিৰ নামত ধন লুণ্ঠন কৰাত ব্যস্ত থাকে। তদুপৰি আমি নূন্যতম সমৰ্থিত মূল্য ১৮৬৮ টকাত এফ চি আইক অসমৰ কৃষকৰ ধান ক্ৰয় কৰাৰ বাবে দাবী জনালোঁ। অসমৰ কৃষক সকলে ব্যাপক লোকচানৰ সন্মুখীন হ'ব লগীয়া হৈছে।পাঞ্জাৱৰ সমানে অসমৰ কৃষকৰ ধানৰ মূল্য দিয়াৰ আমি  দাবী জনাইছোঁ।অসমৰ কৃষকক ন্যায় লাগে।আমাৰ এই দাবী মানি নললে আগন্তুক সময়ত এই আন্দোলন অধিক শক্তিশালী হ'ব। ' উল্লেখ্য, এই দাবী পুৰণ নহলে অসমত ভাৰতীয় খাদ্য নিগম অচল কৰি দিয়াৰ হুংকাৰ দিয়ে ৰাইজৰ দলে। ৰাইজৰ দলে লগতে এখন দাবী সম্বলিত স্মাৰক পত্ৰ ভাৰতীয় খাদ্য নিগমৰ মহাপ্ৰবন্ধকলৈ নিগমৰ বিষয়ববীয়াৰ জৰিয়তে প্ৰেৰণ কৰে।


#protest#against fci#raijor dol#guwahati

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here