W7s News ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটী (ম) বাসী পশুপালকৰ বাবে গুৱাহাটী পৌৰ নিগমে এখন জাননী জাৰি কৰিছে। সেই অনুসৰি গুৱাহাটী (ম) বাসী পশুপালকসকলে তেওঁলোকৰ পশুধন ৰাজহুৱা স্থান, পথ, বজাৰ আদিত ঘূৰি ফুৰি থকা দেখিলে সেইবিলাক নিগমৰ কৰ্মচাৰী আৰু মহলদাৰে নিগমৰ আইন অনুসৰি ৩৫৬ ধাৰা আৰু গুৱাহাটী পৌৰ নিগম অধিনিয়ম ১৯৭৬ অনুসৰি ধৰি আনি ফাটেকত এসপ্তাহ ৰাখিব পাৰিব। এসপ্তাহৰ ভিতৰত মালিক পক্ষই যাৱতীয় নথি পত্ৰ আৰু আৱশ্যকীয় জৰিমনা, পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ত জমা দি তেওঁলোকৰ পশুধন মোকলাই নিব পাৰিব। ইয়াৰ বাবে জালুকবাৰী ফাটেক শুকুৰবাৰে পুৱা ১১ বজাৰ পৰা ১ বজালৈ আৰু খানাপাৰা ফাটেকত বৃহস্পতি বাৰে পুৱা ১১ বজাৰ পৰা ১ বজালৈ নিলাম কৰা হ'ব। যদি এই দুয়োটা নিলাম বাৰত কাৰ্যালয় বন্ধ থাকে তেনেহলে তাৰ পৰৱৰ্তী দিনত এই কাৰ্য সম্পন্ন কৰা হ'ব।গৰাকী বিহীন পশুৰ ক্ষেত্ৰতো এই নিয়ম সমূহ প্ৰযোজ্য হ'ব বুলি নিগম কৰ্তৃপক্ষৰ তৰফৰ পৰা জানিবলৈ দিছে।
#gmc#notice#guwahati metro

No comments:
Post a Comment