টাটা মটৰ্ছে মুকলি কৰিলে অল-নিউ "টাটা টিয়াগ' এনআৰজি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 20 August 2021

টাটা মটৰ্ছে মুকলি কৰিলে অল-নিউ "টাটা টিয়াগ' এনআৰজি

 

W7s News ষ্টাফৰিপোৰ্টাৰ : দেশৰ আগশাৰীৰ বাহন নিৰ্মাতা কোম্পানী টাটা মটৰ্ছে উত্তত-পূৱ বাসীৰ বাবে মুকলি কৰিলে টাটা টিয়াগ' এনআৰজি। শুকুৰবাৰে টাটা টিয়াগ' এনআৰজি বাহনখন বশিষ্ঠ চাৰিআলিস্থিত বিমল কাৰ্ছত উদ্বোধন কৰে টাটা মটৰ্চৰ আঞ্চলিক প্ৰৱন্ধক সৌমেন পল আৰু অৰুণোদয় কেন্দ্ৰৰ আঞ্চলিক প্ৰৱন্ধক জ্ঞান দলে। টাটা টিযাগ'এনআৰজি বাহনখনক আৰ্বান টাফ ৰ'ডাৰ হিচাপে নিৰ্মাণ কৰা হৈছে। ইয়াক যথেষ্ট আহল বহলকৈ এছ ইউ.ভি.ৰ ডিজাইনৰ অনুৰূপ ধৰণে অধিক সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। লগতে এই বাহনখনত অধিক গ্ৰাউণ্ড ক্লিয়াৰেন্স থকাৰ উপৰিও উদ্যমী চিন্তাধাৰাৰ লোকসকলে এক ভাল ৰোড পাৰ্ফমেন্স লাভ কৰিব। তদুপৰি বাহনখনে জিএনচিএপৰ পৰা ৪ ষ্টাৰ সুৰক্ষা ৰেটিং লাভ কৰিবলৈ সক্ষম হৈছে। এই বাহনখন ফৰেষ্টা গ্ৰীণ, স্নো হোৱাইট, ফায়াৰ ৰেড আৰু ক্লাউডি গ্ৰে এই চাৰিটা ৰঙত উপলব্ধ হ'ব। লগতে নতুন টাটা টিয়াগ' এনআৰজি বাহনখন ক'লা ৰঙৰ ৰুফৰ সৈতে উল্লিখিত ৰঙৰ এক্সটেৰিয়ৰত উপলব্ধ। ইয়াৰ উপৰিও টাটা টিয়াগ' এনআৰজিত ১.২ লিটাৰ ৩ চিলিণ্ডাৰ ৰেভ'ট্ৰন পেট্ৰল ইঞ্জিন আছে। এই ইঞ্জিনে ৮৬শক্তি উৎপন্ন কৰে। টাটা টিয়াগ'এনআৰজি' বাহনখনৰ আভ্যন্তৰীণ আপডেটবোৰৰ ভিতৰত আছে পিছফালৰ ভিউ কেমেৰা, ইঞ্জিন ষ্টাাৰ্ট-ষ্টপ বুটাম আৰু ৭ ইঞ্চিৰ ইনফোটেইনমেইণ্ট স্ক্ৰীণ,যি এপল কাৰপ্লে আৰু এণ্ডইড অটোক সমৰ্থন কৰে। তদুপৰি ইয়াত হাৰমন কার্ডন ব্ৰেণ্ডৰ ৭ স্পীকাৰ চাউণ্ড চিষ্টেমো সন্নিৱিষ্ট আছে। উল্লেখযোগ্য যে, নতুন টাটা টিয়াগ বাহনখনৰ প্ৰাৰম্ভিক মূল্য হৈছে ৬.৫৭ লাখ টকা। আজিৰ অনুষ্ঠানত ডিৰেক্টৰ বিমল সৰাৱাগী, চিইঅ' অৰিহন্ত চাৰাৱগী, জিএম দীপাংকৰ ফুকন জ্যেষ্ঠ মেনেজাৰ অভিজিত ধৰ আদিকে ধৰি বহুসংখ্যক লোক উপস্থিত থাকে।


#new car#tata motors#all new tata tiyago nrg


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here