শনিবাৰে অসমলৈ আহি আছে সৰ্বানন্দ সোণোৱাল ৰাজ্যিক বিজেপিয়ে সম্পন্ন কৰিছে 'আশীৰ্বাদ যাত্ৰা'ৰ সকলো প্ৰস্তুতি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 20 August 2021

শনিবাৰে অসমলৈ আহি আছে সৰ্বানন্দ সোণোৱাল ৰাজ্যিক বিজেপিয়ে সম্পন্ন কৰিছে 'আশীৰ্বাদ যাত্ৰা'ৰ সকলো প্ৰস্তুতি

 



W7s News নিউজ ডেস্ক: ২১ আগষ্টৰ পুৱা ১০ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হ’বহি সৰ্বানন্দ সোণোৱাল।লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত ক'ভিড প্ৰট'কলৰ মাজেৰে সোণোৱালক আদৰিব ৰাজ্যিক বিজেপিয়ে৷

১০-৩০ত বিমান বন্দৰৰ পৰা সোণোৱালক লৈ আৰম্ভ হ’ব জন আশীৰ্বাদ যাত্ৰা।বিমান বন্দৰৰ পৰা পোনে পোনে আজাৰাত এখন কাৰ্যকৰ্তা সভাত অংশ ল'ব কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীগৰাকীয়ে৷১১-৪৫ ত ড০ ভূপেন হাজৰিকাৰ সমাধিস্থলত তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।দিনৰ ১২-৩০ বজাত জন আশীৰ্বাদ যাত্ৰা উপস্থিত হ’ব কামাখ্যাত।কামাখ্যা মন্দিৰ দৰ্শনৰ পাছতে মাছখোৱাত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত উপস্থিত হৈ বীৰ লাচিতলৈ জনাব শ্ৰদ্ধাঞ্জলি।ইয়াৰ পাছত ক্ৰমে ২-১৫ত গুৱাহাটী মহানগৰ জিলা কাৰ্যালয়ত সম্বৰ্ধনা।দিনৰ ৩ বজাত  বজাত হেঙেৰাবাৰীৰ মুখ্য কাৰ্যালয়ত সংবাদ মেল।৪-৪৫ বজাত নেহেৰু ষ্টেডিয়ামত অসম অলিম্পিক সন্থাৰ এখন সম্বৰ্ধনা অনুষ্ঠান।ইয়াৰ পাছত যাত্ৰা ব্ৰহ্মপুত্ৰ গেষ্ট হাউচলৈ যাব আৰু তাতেই ২১ আগষ্টৰ জন আশীৰ্বাদ যাত্ৰা সমাপ্ত হ’ব।২২ আগষ্টত দিনৰ ১২ বজাত জোঙাল বলহুৰ প্ৰতিমূৰ্তিত জনাব শ্ৰদ্ধাৰ্ঘ্য ৷১২-৩০ বজাত ফুলগুৰিত কৃষকৰে বৈঠকত মিলিত হৈ পৰিদৰ্শন কৰিব ক'ভিড ভেক্সিনেচন চেণ্টাৰ৷২-৩০ বজাত বটদ্ৰৱা থান দৰ্শন কৰি স্থানীয় লোকৰ সৈতে সোণোৱাল মিলিত হ'ব বৈঠকত৷৪ বজাত নগাঁও সাংস্কৃতিক কেন্দ্ৰত সম্বৰ্ধনা গ্ৰহণ কৰি যোৰহাটত নিশা কটাব কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীগৰাকীয়ে৷ তৃতীয় দিনা পুৱা ১০ বজাত যোৰহাট জিলা পুথিভঁৰালত যোৰহাটৰ নেতৃস্থানীয় ব্যক্তিৰে মত বিনিময় কৰিব সোণোৱালে৷এই মত বিনিময়ৰ পিছতে মৰিয়নিত কাৰ্যকৰ্তাৰ সম্বৰ্ধনা গ্ৰহণ কৰিব মন্ত্ৰীগৰাকীয়ে৷ইয়াৰ পিছতে সোণোৱাল যাব ঢেকীয়াখোৱা নামঘৰলৈ৷ঢেকীয়াখোৱা নামঘৰতে ধাৰ্মিক ব্যক্তিৰে আলোচনাত মিলিত হ'ব মন্ত্ৰীগৰাকী৷তৃতীয় দিনাৰ অন্তিম কাৰ্যসূচী হিচাপে ডিমৌত কাৰ্যকৰ্তাৰে বৈঠকত মিলিত হোৱাৰ লগতে মত বিনিময় কৰিব বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ নেতা, ক্ৰীড়াক্ষেত্ৰৰ  ব্যক্তি, সংগঠনৰে৷


#sarbananda sonowal#assam

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here