টৰণ্টো ফিল্ম ফেষ্টিভেলত আইমি বৰুৱাই লাভ কৰিলে শ্ৰেষ্ঠত্বৰ সন্মান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 19 August 2021

টৰণ্টো ফিল্ম ফেষ্টিভেলত আইমি বৰুৱাই লাভ কৰিলে শ্ৰেষ্ঠত্বৰ সন্মান

 



W7s News ষ্টাফৰিপোৰ্টাৰ : আইমি বৰুৱাই টৰণ্টো ফিল্ম ফেষ্টিভেলত লাভ কৰিলে শ্ৰেষ্ঠত্বৰ সন্মান।অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী আইমি বৰুৱাই আজুৰিবলৈ সক্ষম হয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান। টৰণ্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত এই বিশেষ সন্মান লাভ কৰে আইমি বৰুৱাই ।ডিমাছা ভাষাৰ ছবি ‘ছেমখৰ’ (Semkhor)ৰ বাবে এই সন্মান লাভ কৰে  আইমি বৰুৱাই। ছবিখনত কেৱল অভিনয় কৰাই নহয় তেওঁ পৰিচালনাও কৰে। এইখন হৈছে আইমী বৰুৱাৰ দ্বাৰা পৰিচালিত প্ৰথমখন ডিমাচা ভাষাৰ চলচ্চিত্ৰ।চলচ্চিত্ৰখন ডিমাচা সম্প্ৰদায়ৰ সাংস্কৃতিক আৰু পৰম্পৰাগত দিশ আৰু তেওঁলোকৰ ঐতিহ্যক পৰিস্ফুট কৰি নিৰ্মাণ কৰা হৈছে। চেমচা জনজাতিৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছিল এই ছবিখন।


উল্লেখ্য, এই ছেমখৰ ছবিখনে টেগৰ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলতো তিনিটা শিতানত সন্মান লাভ কৰিছিল।শ্ৰেষ্ঠ নাৰীৰ ওপৰত নিৰ্মিত ছবি,শ্ৰেষ্ঠ আখ্যান, নৱাগত শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা। সেইবাৰ আইমীয়ে লাভ কৰিছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নৱাগত শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতাৰ সন্মান। এই সন্মানৰ বাবে উৎসাহিত হৈ পৰিছে অসমৰ চলচ্চিত্ৰ সমাজ, কলা কুশলী।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here