নৱপ্ৰজন্মৰ উদীয়মান উদ্যোগী, গুৱাহাটী নিবাসী পাৰ্থপ্ৰতিম পাঠকলৈ "টাইমচ এক্সেলেন্স এৱাৰ্ড" - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 28 August 2021

নৱপ্ৰজন্মৰ উদীয়মান উদ্যোগী, গুৱাহাটী নিবাসী পাৰ্থপ্ৰতিম পাঠকলৈ "টাইমচ এক্সেলেন্স এৱাৰ্ড"

 



W7s News ষ্টাফৰিপোৰ্টাৰ :  দেশৰ আগশাৰীৰ মিডিয়া গ্ৰুপ টাইমচ অব ইণ্ডিয়াৰ "ইকনমিক্ টাইমচ" শাখাই  নৱপ্ৰজন্মৰ উদীয়মান উদ্যোগী, গুৱাহাটী নিবাসী  পাৰ্থপ্ৰতিম পাঠকক তেখেতৰ কৰ্মৰাজিৰ বাবে বিশেষকৈ ক'ভিডৰ সময়ত আগবঢ়াৱা নিৰলস সেৱাৰ বাবে "টাইমচ এক্সেলেন্স এৱাৰ্ড" সন্মানেৰে সন্মানিত কৰিছে ৷ সুদীৰ্ঘকাল বায়মেডিকেল ৱেষ্ট দিচপোজেল এণ্ড মেনেজমেণ্ট (জৈৱ আৰু হাস্পতালৰ আৱৰ্জনা  নিষ্কাশন প্ৰক্ৰিয়া)ৰ ক্ষেত্ৰখনৰ সৈতে জড়িত পাঠকক ক'ভিডৰ সময়ত "ফ্ৰেচ এয়াৰ"ৰ সমূহ কৰ্মচাৰীয়ে তেওঁৰ নেতৃত্বত যুদ্ধকালীন ক্ষিপ্ৰতাৰে অহৰ্নিশে ৰাইজক যি সেৱা আগবঢ়ালে তাৰ বাবে উক্ত সন্মান যঁচা হৈছে । পাৰ্থপ্ৰতিম  পাঠকে  কয় “টাইমচ এক্সেলেন্স এৱাৰ্ড বাবে মই নথৈ আনন্দিত আৰু টাইমচ ইন্ডিয়া গ্ৰুপৰ লগতে মই মোৰ পৰিয়াল, বন্ধুসকল আৰু মোৰ ফ্ৰেচ এয়াৰ অনুস্থান ৰ সকলো কৰ্ম্মকৰ্তাকেই তেওঁলোকৰ মৰম , সহায় আৰু সহযোগৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। বিস্বাস ৰাখিছো যে অনাগত দিনবোৰত পৰিবেশ আৰু প্ৰদুষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰু ভালকৈ মনোনিবেশ কৰিব পাৰিম।”অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰা পাঠকে ২০০৩ চনত "ফ্ৰেচ এয়াৰ" নামৰ অনুষ্ঠানটোৰ জন্ম দিয়ে ৷ গুৱাহাটী মহানগৰীৰ স্বাস্থ্য বিভাগৰ বিভিন্ন ক্ষেত্ৰত সৃষ্টি হোৱা বিষাক্ত বৰ্জিত পদাৰ্থসমূহ সম্পূৰ্ণ বিজ্ঞানসন্মত উপায়েৰে নিষ্কাষন কৰি ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যেৰে "ফ্ৰেচ এয়াৰ" নামৰ অনুষ্ঠানটোৰ জন্ম দিয়ে ৷ এই "ফ্ৰেচ এয়াৰ" সমগ্ৰ উঃপূঃৰ ভিতৰতে বায়’ মেডিকেল ৱেষ্ট মেনেজমেণ্টৰ একমাত্ৰ অনুষ্ঠান ৷ তাৰোপৰি ব্যৱহাৰিক দিশতো "চলিড ৱেষ্ট ট্ৰিটমেণ্ট এণ্ড ডিচপোজেল প্লান্ট" প্ৰয়োগ কৰা তেৱেঁই একমাত্ৰ ব্যক্তি ৷২০০৩ চনৰ সময়ত বায়’ মেডিকেল  আৱৰ্জনা সমূহ পেলাব পৰাকৈ হস্পিতালবোৰত  মুকলি ঠাই তথা দ কুঁৱা আৰু খাল আদি সহজলভ্য আছিল , যিটো ব্যৱস্থা জনস্বাস্থ্যৰ পৰিপন্থী আছিল ৷ তাৰোপৰি ৰাইজ আৰু প্ৰশাসনৰ সজাগতাৰ অভাৱেও  পাঠকক কামত আগবঢ়াৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল ৷ ফলত পোনপ্ৰথমে তেওঁ স্বাস্থ্য প্ৰতিস্থান সমূহক অনাগত দিনবোৰত তেওঁলোকে সন্মুখীন হ’ব পৰা সমস্যাসমূহৰ বিষয়ে বিতংভাবে বুজাবলগীয়া হৈছিল ৷ কমন বায়’মেডিকেল ট্ৰিটমেণ্টৰ দ্বাৰা ফ্ৰেচ এয়াৰে যে  তেওঁলোকৰ সেই সমস্যাসমূহ সমাধান কৰিব পাৰিব সেইটো বুজাবলৈও যথেষ্ট কষ্ট কৰিব লগা হৈছিল ৷পাৰ্থপ্ৰতিম পাঠকে প্ৰথমতে মাত্ৰ এখন হাস্পতালৰ সৈতে কাম আৰম্ভ কৰিছিল ;  কামটো নিখুঁতভাবে কৰিবলৈ তেওঁ তেওঁৰ সমস্ত পুঁজি ইয়াত ব্যয় কৰিছিল ৷ প্ৰতিবন্ধকতাৰ শেষ নাছিল । বিত্তীয় ক্ষেত্ৰত বেংকৰ উদাসীনতাও  অন্যতম প্ৰতিবন্ধকতা হিচাবে দেখা দিছিল ৷ কাৰণ তেতিয়ালৈ এই অঞ্চলৰ বেংকসমূহ এই প্ৰজেক্টৰ বিষয়ে জ্ঞাত নাছিল ৷ ফলস্বৰূপে ইয়াৰ সফলতাৰ ওপৰত সন্দিহান হৈ বেংকসমূহে সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত অনীহা প্ৰকাশ কৰে ৷ তেখেতৰ আশাসুধীয়া প্ৰচেষ্টাৰ ফলস্বৰূপে অৱশেষত নেডফিয়ে প্ৰজেক্টটোত সহাঁৰি জনাই আংশিকভাবে ঋণ আগবঢ়ায় ৷ ইয়াৰ ফলত গুৱাহাটী মহানগৰীৰ উপৰিও সমগ্ৰ উঃপূঃ ভাৰততে পোনপ্ৰথমবাৰৰ বাবে "কমন বায়’-মেডিকেল ৱেষ্ট ট্ৰিটমেণ্ট ফেচিলিটি"  চমুকৈ CBMWTF উপলব্ধ হয় । এইখিনিতে উনুকিয়াব পাৰি যে  ফ্ৰেচ এয়াৰৰ CBWTF টো ভাৰতবৰ্ষৰ বৃহৎ প্ৰকল্পসমূহৰ ভিতৰতে অন্যতম ৷

  উল্লেখনীয় যে  কামৰ কোনো সৰু বৰ বিচাৰ নকৰা  পাঠকে এজন অভিযন্তা হৈও প্ৰথম অৱস্থাত আৱৰ্জনা সংগ্ৰহ কৰা গাড়ীখনৰ  চালকজনৰ সৈতে গৈ নিজে আৱৰ্জনা সংগ্ৰহ কৰিছিল ৷ কষ্টৰ ফল সদায় মিঠা কথাষাৰ প্ৰমাণ কৰি  বাকীবোৰ হস্পিতালেও এখন এখনকৈ সঁহাৰি দিব ধৰিলে ৷২০০৫ চনত কোম্পানীটোৱে তৰল আৱৰ্জনা নিষ্কাষন প্ৰক্ৰিয়া আৰম্ভ কৰে ৷  ETP আৰু STP যোগানৰ জৰিয়তে উদ্যোগ, হস্পিতাল, হোটেল, আৱাসিক অট্টালিকা আদিৰ তৰল আৱৰ্জনা নিষ্কাষন কৰে ৷ অসম, পশ্চিমবংগ,মেঘালয়, চিকিম আদি দেশৰ বিভিন্ন অংশৰ বিভিন্ন অনুষ্ঠানলৈ পাৰ্থপ্ৰতিম পাঠকৰ কোম্পানীটোৱে এশৰো অধিক ETP  আৰু STP যোগান ধৰি আহিছে ৷ ফ্ৰেচ এয়াৰৰ ETP আৰু  STP ব্যৱহাৰ কৰা সন্মানীয় গ্ৰাহকসকলৰ ভিতৰত অইল, অ’এন জি চি, এন এফ্ ৰেলৱে, জি এচ কে ফুডচ, এপ’লো হাস্পতালচ, জি এন আৰ চি হাস্পতালচ্ , ব্ৰিটানিয়া ইণ্ডাষ্ট্ৰীজ, চবিচ্ ক’ ইণ্ডাষ্ট্ৰীজ,  চি জি ফুডচ্ আদি অন্যতম ৷বায়’মেডিকেল আৰু তৰল আৱৰ্জনা নিষ্কাষনৰ ক্ষেত্ৰত ফ্ৰেচ এয়াৰ সমগ্ৰ উঃপূ অঞ্চলৰেই বাটকটীয়া । উল্লেখনীয় যে পাঠকে ২০১০ চনত নেডফিৰ "Entrepreneurial Excellence" বঁটা লাভ কৰাৰ উপৰিও  ২০১৪ চনত  All India achievers foundation ৰ দ্বাৰা "Indian leadership award for Industrial development" বঁটা  আৰু   ২০১৯ চনত World federation CSR 2019. ৰ দ্বাৰা "the Guwahati Leadership award 2019" লাভ কৰে ৷

  দেশৰ বিভিন্ন অংশত নিজৰ নিজৰ কৰ্মক্ষেত্ৰত আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে ২৬৫০ জন প্ৰাৰ্থীৰ ভিতৰত ৩৩ জনক  টাইমচ্ ফৱ ইণ্ডিয়াই ''Times Excellence Award’' বঁটাৰ বাবে   মনোনীত কৰে ৷ ২০২১ বৰ্ষৰ ২৭ আগষ্টত প্ৰচাৰিত অনলাইন অনুষ্ঠান এটিৰ জৰিয়তে ’’বায়’মেডিকেল ৱেষ্ট ডিচপোজেল"ৰ ক্ষেত্ৰখনত আগবঢ়োৱা প্ৰশংসনীয় কৰ্মৰাজিৰ বাবে পাৰ্থপ্ৰতিম পাঠকক উক্ত বঁটাৰে সন্মানিত কৰে ৷ ইপ্সিত লক্ষত উপনীত হ’বলৈ সাহস , ধৈৰ্য্য, একাগ্ৰতা আৰু আত্মবিশ্বাসৰ পৰিচয় দি টাইমছ অৱ ইণ্ডিয়াৰ দ্বাৰা স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা  পাঠক ফটাশিল গুৱাহাটী নিবাসী অৱসৰপ্ৰাপ্ত অধ্যাপক  অশ্বিনী কুমাৰ পাঠক আৰু  পূৰ্ণিমা পাঠকৰ কনিষ্ঠ পুত্ৰ ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here