কৃষ্ণকান্ত সন্দিকৈ সংস্কৃত মহাবিদ্যালয়ত কেন্দ্ৰীয় সংস্কৃত দিবস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 29 August 2021

কৃষ্ণকান্ত সন্দিকৈ সংস্কৃত মহাবিদ্যালয়ত কেন্দ্ৰীয় সংস্কৃত দিবস পালন

 





W7s News ষ্টাফৰিপোৰ্টাৰ:  সদৌ অসম সংস্কৃত ছাত্ৰ সন্থা,অসম সংস্কৃত সাহিত্য সভা আৰু অধ্যাপক সন্মিলনৰ উদ্যোগত দেওবাৰে কেন্দ্ৰীয় সংস্কৃত দিবস জালুকবাৰী কৃষ্ণকান্ত সন্দিকৈ সংস্কৃত মহাবিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে উদ্ যাপন কৰা হয়।অনুষ্ঠানত মুখ্যবক্তা হিচাপে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা সংস্কৃত সাহিত্য সভাৰ কাৰ্যকৰী সভাপতি জয়ন্তমল্ল বৰুৱা, মুখ্য অতিথি হিচাপে নলবাৰী কুমাৰ ভাষ্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপক কুমাৰ শৰ্মা, সন্মানীয় অতিথি হিচাপে  পৰীক্ষানিয়ন্ত্ৰণক ডঃ সুশান্ত কুমাৰ কাশ্যপ,অসম সাহিত্য সভাৰ উপ-সভাপতি  মৃণালিনী দেৱী ,সংস্কৃত পণ্ডিত উমাকান্ত শৰ্মা,পলাবাৰী সমষ্টিৰ বিধায়ক হেমাঙ্গ ঠাকুৰীয়াই সভাত বক্তব্য আগবঢ়ায়। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব

জয়ন্তমল্ল বৰুৱাই অসম চৰকাৰে সংস্কৃত শিক্ষাৰ বিকাশৰ বাবে কাম কৰিব বুলি মন্তব্য কৰে আৰু সকলোকে সহযোগ কৰিবলৈ আহ্বান জনায়। উপাচাৰ্য ডঃ দীপক কুমাৰ শৰ্মাই সংস্কৃত শিক্ষাৰ প্ৰয়োজনীয়তা আৰু পৰিৱৰ্তনৰ বাবে কাম কৰিব বুলি কয়। অসম সাহিত্য সভাৰ উপসভাপতি মৃণালিনী দেৱীয়ে সংস্কৃত ভাষাৰ গুৰুত্ব সম্পৰ্কে এটি প্ৰবন্ধ পাঠ কৰে । সভাত সদৌ অসম সংস্কৃত ছাত্র সন্থাৰ সভাপতি মদন শৰ্মা, অধ্যক্ষা বিনীতা ভাগৱতী,পৱিত্ৰ কুমাৰ শৰ্মা প্ৰমুখ্যে অসমৰ বিভিন্ন স্থানৰ প্ৰায় তিনি শতাধিক বিশিষ্ট সংস্কৃত পণ্ডিত  উপস্থিত থাকে। অনুষ্ঠানত ৫গৰাকী বিশিষ্ট সংস্কৃত পণ্ডিতক সম্বৰ্ধনা জ্ঞাপন কৰে।তেওঁলোক ক্ৰমে ডঃ নীতিশ চন্দ্ৰ শৰ্মা, ফুলেন শৰ্মা, মিনতি গোস্বামী আৰু অমৃত দাস। অধ্যাপক যোগেশ শাস্ত্ৰীৰ সভাপতিত্বত  অনুষ্ঠিত সভাখনৰ আঁতধৰে সংস্কৃত সংগঠক যুগল কুমাৰ মহন্তই।অধ্যাপক সন্মিলনৰ সম্পাদক শচীন্দ্ৰ শৰ্মাই শলাগ শৰাই আগবঢ়ায়। ৰাষ্ট্ৰীয় সংগীতেৰে সভা সামৰণি পৰে।



#sanskrit divas#k k h Sanskrit college#jalukbari#guwahati

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here