তিনিদিনীয়া ভ্ৰমণ সূচিৰে গুৱাহাটীত জে চি আইৰ ৰাষ্ট্ৰীয় সভাপতি ৰাখী জৈন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 28 August 2021

তিনিদিনীয়া ভ্ৰমণ সূচিৰে গুৱাহাটীত জে চি আইৰ ৰাষ্ট্ৰীয় সভাপতি ৰাখী জৈন

 




উত্তৰ-পূবৰ বাবে একাধিক সামাজিক প্ৰকল্পৰ উদ্বোধন



W7s news,ষ্টাফৰিপ'ৰ্টাৰ:

আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত এশ বছৰ গৰকা ইয়ং এক্টিভ চিটিজেনছৰ স্বেচ্ছাসেৱী সংস্থা জুনিয়ৰ চেম্বাৰ ইণ্টাৰনেচনেল  চমুকৈ জে চি আই সংগঠনটোৱে যুৱ প্ৰজন্মক সকলো দিশতে আগুৱাই নিয়াৰ উদ্দেশ্যৰে কিছু ডিপ্লমা পাঠ্যক্ৰম আৰম্ভ কৰিছে। য'ত আছে বিজিনেছ মেনেজমেণ্ট ট্রেইনিং, কমিউনিটি ডেভেল'পমেণ্ট প্ৰজেক্ট আৰু স্কীল ডেভলপমেণ্ট প্ৰশিক্ষণ। আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ এই সংগঠনটোৱে এতিয়া তেওঁলোকৰ কম-কাজ উত্তৰ-পূবলৈ সম্প্ৰসাৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উত্তৰ পূব প্ৰান্তৰ সভাপতি অংকুৰ ঝুনঝুনৱালাই অসমত সামাজিক কাম কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে জে চি আইয়ে ভাৰতত ৪০ টা শাখা মুকলি কৰিছে। উত্তৰ-পূবৰ ভিতৰত তেওঁলোকৰ শাখা আছে অসম, অৰুণাচল প্রদেশ, মণিপুৰ, নাগালেণ্ড আৰু মেঘালয়ত। এই ৫ ৰাজ্যত ১০০০ তকৈও অধিক সদস্য নিয়োজিত হৈ আছে। সংগঠনটোৰ ৰাষ্ট্ৰীয় সভাপতি ৰাখী জৈন ৰাচীৰ পৰা গুৱাহাটী ভ্ৰমণৰ বাবে আহিছে। তেওঁ সদস্য সকলৰ বাবে কমিউনিটি ডেভেল'পমেণ্ট কৰে। লগতে হোটেল ঋতুৰাজত জে চি আইৰ সদস্য সকলৰ সৈতে এক বৈঠকত মিলিত হয়। সেয়ে তেওঁলোকৰ সকলো কাৰ্যৰ বিষয়ে ৰাইজক অৱগত কৰাৰ উদ্দেশ্যে সংগঠনটোৰ উদ্যোগত শনিবাৰে গুৱাহাটী প্ৰেছ  ক্লাবত এখন সংবাদমেলৰ আয়োজন কৰা হয়। সংবাদমেলত উপস্থিত থাকি জে চি আইৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে কয়'-আমাৰ সংগঠনটোৱে নগৰ অঞ্চলত যুৱ প্ৰজন্মক কৰ্ম ক্ষেত্ৰত উৎসাহিত কৰাৰ বাবে একাধিক প্ৰকল্প হাতত ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে আৰু অধিক শাখা মুকলি কৰিব। নেচনেল ফ্লেগশ্বিপৰ অধীনত 'সমাধান', সুৰক্ষা, ছুজাল মুকলি কৰা হৈছে অসমত। জে চি আই ইণ্ডিয়া ফাউণ্ডেচনে শিক্ষাৰ্থী সকলৰ বাবে জনপানী আগবঢ়াই আহিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ অধীনত তেওঁলোকৰ সু-স্বাস্থ্যৰ বাবে কাম কৰি আছে। ক'ৰনা মহামাৰী চলি থকাত আমি ৯৫ টা টিকাকৰণ শিবিৰ যোৱা ৬ মাহত আয়োজন কৰিছো আৰু কমেও ২৫ হাজাৰ টিকাকৰণ প্ৰদান কৰিছো। ইয়াৰ উপৰিও আমি ৩৫ টা ৰক্তদান শিবিৰৰ আয়োজন কৰিছো যাৰ দ্বাৰা ৮০০ ইউনিট ৰক্ত যোৱা ৬ মাহত সংগ্ৰহ কৰা হৈছে। তাৰ উপৰিও আমি বিভিন্ন সামাজিক মূলক কাৰ্য কৰি আহিছো"। উল্লেখযোগ্য যে, ২০১৭ চনত সংগঠনটোৱে ৰাজাবাৰী আৰু পানীখাইটি গাঁও দুখন নিজাববীয়াকৈ পৰিচালনাৰ বাবে দ্বায়িত্ব গ্ৰহণ কৰে। আজিৰ অনুষ্ঠানত উত্তৰ-পূব প্ৰান্তৰ সভাপতি অংকুৰ ঝুনঝুনৱালা প্ৰান্তীয় সমন্বয়ক পূজা গৱেঙ্কাৰ লগতে কেইবাজনো ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here