ডিটেনশ্বন কেম্পৰ পৰা হিন্দু লোকক শীঘ্ৰে মুকলি কৰি দিয়ক - হিন্দু যুৱ ছাত্ৰ পৰিষদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 6 August 2021

ডিটেনশ্বন কেম্পৰ পৰা হিন্দু লোকক শীঘ্ৰে মুকলি কৰি দিয়ক - হিন্দু যুৱ ছাত্ৰ পৰিষদ

 

 



W7s News ষ্টাফৰিপোৰ্টাৰ : ডিটেনশ্বন কেম্পত থকা প্ৰতিজন হিন্দু লোকক শীঘ্ৰে মুকলি কৰি দিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে - হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমে। এই সম্পৰ্কে পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যই এক বিবৃতিযোগে কয় ' হিন্দু কেতিয়াও এই দেশত অবৈধ হ'ব নোৱাৰে। ভাৰতবৰ্ষত হিন্দু লোকৰ ওপৰত অবৈধ বিদেশী ৰূপে মোকৰ্দমা চলা তথা হিন্দু লোকক ডিটেনশ্বন কেম্পত ৰখাটো অতি লজ্জাজনক ঘটনা। বাঙালী হিন্দু লোকসকলৰ ওপৰতো যি ধৰণৰ অমানুসিক যন্ত্ৰণা পূৰ্বৰ চৰকাৰবোৰে দি আহিছে সেয়া গৰিহণানাৰ যোগ্য । সুযোগ সন্ধানী বিচ্ছিন্নতাবাদী ইছলামিক জেহাদীয়ে বাঙালী হিন্দু সকলক নিজৰ কু-ষড়যন্ত্ৰৰ অংশ কৰি লোৱাৰ হয়তো চৰকাৰ উফৰাব বিচৰা শক্তিসমূহৰ বাবেও সুবৰ্ণ সুযোগ তৈয়াৰ হ'ব। সেয়ে আমি ডিটেনশ্বন কেম্পৰ পৰা হিন্দু লোকক শীঘ্ৰে মুকলি কৰি দিয়াৰ লগতে হিন্দু লোকৰ বিৰুদ্ধে অবৈধ বিদেশীৰূপে চলা প্ৰতিটো গোচৰো প্ৰত্যাহাৰ কৰাৰ দাবী জনালোঁ।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here