ৰাজ্যৰ ৯ টা বিৰোধী দলৰ উমৈহতীয়া দাবী : অসমৰ অৰ্থনীতি আৰু সমাজ জীৱনৰ বাবে ক্ষতিকৰ গো-সংৰক্ষণ বিধেয়ক প্ৰত্যাহাৰ কৰক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 6 August 2021

ৰাজ্যৰ ৯ টা বিৰোধী দলৰ উমৈহতীয়া দাবী : অসমৰ অৰ্থনীতি আৰু সমাজ জীৱনৰ বাবে ক্ষতিকৰ গো-সংৰক্ষণ বিধেয়ক প্ৰত্যাহাৰ কৰক

 




W7s News ষ্টাফৰিপোৰ্টাৰ :প্ৰদেশ কংগ্ৰেছ, এ আই ইউ ডি এফ, বাঁওপন্থী দলসমূহকে ধৰি অসমৰ ৯টা  বিৰোধী  ৰাজনৈতিক দলে ঐক্যবদ্ধ হৈ  সামগ্ৰিকভাৱে অদূৰদৰ্শী, আৰ্থিকভাৱে ক্ষতিকাৰক, স্বেচ্ছাচাৰী আৰু সাম্প্ৰদায়িক  'অসম গো- সংৰক্ষণ বিধেয়ক, ২০২১' ৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু বিধেয়কখন ততালিকে প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰিছে ৷ বিজেপি চৰকাৰে ধৰ্মীয় বিশ্বাসৰ অজুহাতত অসমখনক যাতে বিভাজিত আৰু ধ্বংস কৰিব নোৱাৰে তাৰ বাবে সজাগ, সৰৱ আৰু ঐক্যবদ্ধ হ’বলৈ ৰাজ্যখনৰ সমূহ অংশৰ জনসাধাৰণলৈ এই দলসমূহে আৱেদন জনাইছে৷ দলসমূহৰ ভিতৰত আছে : অসম প্ৰদেশ কংগ্ৰেছ কমিটি, এ আই ইউ ডি এফ, চি পি আই, চি পি আই (এম), চি পি আই (এম এল), আঞ্চলিক গণ মৰ্চা, জিম'ছাঁয়া (দেউৰী) পিপুলচ পাৰ্টি, আদিবাসী নেচনেল পাৰ্টি আৰু ৰাষ্ট্রীয় জনতা দল।

৯টা দলে প্ৰকাশ অনুসৰি অসমৰ বিজেপি-নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বিধানসভাত চলিত বছৰৰ ১২ জুলাইত উত্থাপন কৰা অসম গো সংৰক্ষণ বিধেয়ক, ২০২১ খন  আৰ্থিক আৰু সামাজিক-দুয়োটা দিশৰ পৰা অত্যন্ত ক্ষতিকাৰক৷ বিধেয়কখন সংবিধানৰ ধৰ্মনিৰপেক্ষ নীতিৰো বিৰোধী ৷ সম্পূৰ্ণ সাম্প্ৰদায়িক উদ্দেশ্যেৰে উত্থাপন কৰা  বিধেয়কখনে অসমৰ সমাজ জীৱনলৈ কঢ়িয়াই আনিছে গভীৰ বিপদ-সংকেত৷ বিধেয়কখন গৃহীত হ’লে ইয়াৰ কুপ্ৰভাৱ পৰিব ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিত আৰু বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ব হেজাৰ হেজাৰ দুখীয়া পৰিয়াল৷ প্ৰস্তাৱিত আইনে প্ৰশাসনিক স্তৰত ব্যাপক দুৰ্নীতিৰ পথবোৰ মুকলি কৰাৰ উপৰি  পুলিচ-প্ৰশাসনকো আক্ৰোশমূলক  আচৰণ কৰিবলৈ অধিক সুযোগ দিব৷ অসমৰ বিৰোধী দলসমূহে সামগ্ৰিকভাৱে অদূৰদৰ্শী, আৰ্থিকভাৱে ক্ষতিকাৰক, স্বেচ্ছাচাৰী আৰু সাম্প্ৰদায়িক বিভাজনবাদী অসম গো সংৰক্ষণ বিধেয়ক, ২০২১ ৰ তীব্ৰ বিৰোধিতা কৰিছে৷ বিজেপি চৰকাৰে ধৰ্মীয় বিশ্বাসৰ অজুহাতত অসমখনক যাতে বিভাজিত আৰু ধ্বংস কৰিব নোৱাৰে তাৰ বাবে সজাগ, সৰৱ আৰু ঐক্যবদ্ধ হ’বলৈ ৰাজ্যখনৰ সমূহ অংশৰ জনসাধাৰণলৈ এই দলসমূহে আৱেদন জনাইছে৷ '

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here