গণসংহাৰী কাৰ্যক্ৰম বাতিলৰ বাবে আবেদন- নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতি, অসমৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 6 August 2021

গণসংহাৰী কাৰ্যক্ৰম বাতিলৰ বাবে আবেদন- নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতি, অসমৰ

 


W7s News  ষ্টাফৰিপোৰ্টাৰ : নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতি, অসমে গণসংহাৰী কাৰ্যক্ৰম বাতিলৰ বাবে চৰকাৰক আবেদন জনাইছে। এই সম্পৰ্কে সমিতিৰ সভাপতি ড০ হীৰেন গোহাঁই আৰু মুখ্য সমন্বয়ক দেবেন তামুলীয়ে কয় 'আমি অবিলম্বে এই গণসঙ্হাৰী কাৰ্যক্ৰম বাতিল কৰি আন কিবা উপায়ে কেন্দ্ৰীয় মন্ত্ৰী জনক অভিনন্দন জনোৱাৰ ব্যৱস্থা কৰিবলৈ বিজেপি দল আৰু চৰকাৰক আহ্বান জনাইছোঁ।'

সমগ্ৰ বিশ্বতে এতিয়া কৰ'না ভাইৰাছৰ ডেল্টা প্লাছ  প্ৰজন্মটো অতি সংহাৰী বুলি প্ৰতিপন্ন‌ হৈছে। কৰ'না জয় কৰা বুলি নিশ্চিন্ত  হোৱা চীনত সম্প্ৰতি হঠাতে লাখ লাখ মানুহ ইয়াৰ কবলত পৰাত চীনৰ চৰকাৰ হতচকিত হৈছে। সকলো দেশতে কঠোৰ জৰুৰী ব্যৱস্থা লোৱা হৈছে। যিহেতু এই ভাইৰাছ অতি সোচৰা। সেয়ে ইয়াৰ প্ৰতি চৰকাৰ আৰু ৰাইজ অতি সজাগ থকা প্ৰয়োজন। অথচ বিজেপি দলে চৰকাৰৰ অনুমোদন ক্ৰমে সৰ্বানন্দ সোণোৱালক সম্বৰ্ধনা জনাবলৈ পঞ্চাছ হেজাৰ মানুহৰ সমাবেশ পতাৰ আয়োজন কৰা বুলি কাকতত প্ৰকাশ পাইছে। যদি সত্য হয়,ই কুম্ভ মেলাত অনুমোদন দিয়াৰ দৰে 

অত্যন্ত চিন্তনীয়, জনবিৰোধী পদক্ষেপ হ'ব। আজি ভেক্সিনেই কৰ'নাৰ পৰা ৰক্ষা পৰাৰ একমাত্ৰ সফল উপায় বুলি সৰ্বত্ৰ স্বীকৃত হোৱাৰ পিছত অসমত সন্ত্ৰস্ত ৰাইজে ভেক্সিনৰ বাবে হাহাকাৰ কৰি আছে। সেই সমস্যা ছলাহী কথাৰে চৰকাৰে লঘূ কৰি থকা হে দেখা গৈছে,যিটো অতি হৃদয়হীন প্ৰতিক্ৰিয়া।এতিয়া হাজাৰ হাজাৰ মানুহৰ সমাবেশ পাতি ৰাজ্যলৈ এটা বিভীষিকা নমাই অনাৰ কোনো অধিকাৰ চৰকাৰৰ নাই।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here