ঘৰৰ চোতালত এইবাৰ হুকহুকাই কান্দি উঠিল মীৰাবাঈ চানু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 6 August 2021

ঘৰৰ চোতালত এইবাৰ হুকহুকাই কান্দি উঠিল মীৰাবাঈ চানু

 





W7s news নিউজ ডেস্ক : ঘৰৰ চোতালত এইবাৰ হুকহুকাই কান্দি উঠিল টকিঅ’ অলিম্পিকত ৰূপৰ পদক জয়ী ভাৰোত্তোলক মণিপুৰৰ মীৰাবাঈ চানুৱে। টকিঅ’ৰ পৰা ওভতাৰ পিছৰে পৰা একাংশ ট্ৰাকচালকৰ সন্ধানত আছিল মীৰাবাঈ। মণিপুৰত উপস্থিত হৈয়ে সেই ট্ৰাকচালকসকলক লগ পাবলৈ বিচাৰিছিল অলিম্পিক পদক জয়ী গৰাকীয়ে। অৱশেষত বৃহস্পতিবাৰে একাংশ চালক নংপক কাকচিঙত থকা মীৰাবাঈৰ ঘৰৰ সন্মুখত উপস্থিত হ’লহি। ট্ৰাকচালকৰ মাজত উপহাৰ আৰু মিঠাই বিতৰণ কৰি হুকহুকাই কান্দিলে মীৰাবায়ে। তেওঁ ক’লে এই ট্ৰাকচালকসকলৰ বাবেই দেশে অলিম্পিকত এটা পদক লাভ কৰিলে। এটা দৰিদ্ৰ পৰিয়ালৰ সন্তান মীৰাবায়ে আৰম্ভণিৰ সময়ছোৱাত অনুশীলনৰ বাবে নিতৌ ২৫ কিলোমিটাৰ দূৰৈৰ খুমান লাম্পাক ক্ৰীড়া প্ৰকল্পলৈ আহিবলগীয়া হৈছিল। মীৰাবাঈৰ গাঁৱৰ ফালে বালি কঢ়িয়াবলৈ গৈছিল ট্ৰাকসমূহ। সেয়াই আছিল যোগাযোগৰ একমাত্ৰ মাধ্যম। অনুশীলন সামৰি এই ট্ৰাকবোৰতে সদায় ঘৰলৈ উভতিছিল মীৰাবাঈ। অলিম্পিকত পদক লাভ কৰাৰ পিছতে কৃতজ্ঞতা জনাবলৈ সেই অখ্যাত ট্ৰাকচালকসকলক লগ পাবলৈ ব্যাকুল হৈ পৰিছিল তেওঁ। ইয়াৰ বাবে ৰাজহুৱাকৈ আহ্বান জনাইছিল মীৰাবায়ে। অৱশেষত ট্ৰাকচালকসকল তেওঁৰ ঘৰলৈ আহিল। কাষৰ পৰা মীৰাবাঈক চালেহি, চুই চালে অলিম্পিকৰ পদকটো। যিটো পদকৰ বাবে ভেঁটি প্ৰতিষ্ঠা কৰাত তেওঁলোকৰো আছে অৰিহনা।

(মূল: প্ৰাণজিৎ শইকীয়া।)

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here