গেমিং প্লেটফৰ্ম জুপিৰ ছিৰিজ বিয়ে লাভ কৰিলে ৫০০ মিলিয়ন ডলাৰৰো অধিক মূল্যায়ণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 18 August 2021

গেমিং প্লেটফৰ্ম জুপিৰ ছিৰিজ বিয়ে লাভ কৰিলে ৫০০ মিলিয়ন ডলাৰৰো অধিক মূল্যায়ণ

 





W7s News নতুন দিল্লী : ভাৰতৰ অনলাইন দক্ষতা-ভিত্তিক গেমিং উদ্যোগৰ আগশাৰীৰ উদ্ভাৱক জুপীয়ে ছিৰিজ বি ফাণ্ডিং ৰাউণ্ডত ৫০০,০০,০০০ ডলাৰৰ প্ৰাক-ধন মূল্যায়নত ৩০,০০০ ডলাৰ সংগ্ৰহ কৰাৰ কথা ঘোষণা কৰিছে। এই পৰ্যায়ৰ পুঁজিত ছিলিকন ভেলী-আধাৰিত ৱেষ্টকেপ গ্ৰুপ আৰু টমলেছ বে কেপিটেলৰ উপৰি মেট্ৰিক্স পাৰ্টনাৰ্ছ ইণ্ডিয়া আৰু অৰিঅ’ছ ভেন্সাৰ্ছ পাৰ্টনাৰ্ছে সহযোগ কৰিছে।এই ৰাউণ্ডটো ইয়াৰ ছিৰিজ এ ৰাউণ্ডৰ ৬ মাহৰ ভিতৰত $১00,0,00 মূল্যায়নেৰে উদ্ভাসিত হৈছে, যিটো কোম্পানীটোৰ মুঠ মূল্যায়নৰ ৫ গুণতকৈও অধিক বৃদ্ধি পাইছে। সম্প্ৰতি মুঠ পুঁজিৰ পৰিমাণ ৪৯,০০,০০০ ডলাৰত সংগ্ৰহ কৰাৰ উপৰিও জুপীক সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে খণ্ডটোৰ আগশাৰীৰ প্ৰতিষ্ঠান ৱেষ্টকেপ গ্ৰুপ, মেট্ৰিক্স পাৰ্টনাৰ্ছ ইণ্ডিয়া, মুস্কান গ্ৰুপ আৰু অৰিঅ'ছ পাৰ্টনাৰ্ছ। উল্লেখ্য যে কোম্পানীটোৰ এই পৰ্যন্ত আছে ১০ মিলিয়নতকৈও অধিক ব্যৱহাৰকাৰীৰ ‘ইউজাৰ বেছ’। এই নতুন পৰ্যায়ৰ পুঁজি এক্সপেন প্ৰোডাক পৰ্টফলিঅ'ৰ জৰিয়তে স্কেলিং, বজাৰ সমৃদ্ধ শক্তিশালী কৰা আৰু বিশ্বব্যাপী প্ৰতিভা নিয়োগ কৰিবলৈ ব্যৱহাৰ কৰা হ'ব। এই নতুন ৰাউণ্ডৰ পুঁজি ব্যৱহাৰ কৰা হ’ব পৰিবৰ্ধিত সামগ্ৰী প’ৰ্টফ’লিঅ, বজাৰৰ গভীৰতা স্পৰ্শ আৰু বিশ্বমানৰ প্ৰতিভা নিয়োগৰ যোগেদি সামগ্ৰিক প্ৰয়াস উন্নীত কৰাৰ কামত।উল্লেখ্য দেশৰ শীৰ্ষস্থানীয় প্ৰতিষ্ঠান আই আই টি কাণপুৰৰ পৰা ২০১৮ চনত স্নাতক উত্তীৰ্ণ দিলছেৰ সিং আৰু সিদ্ধান্ত সৌৰভে নিজস্ব প্ৰচেষ্টা আৰু স্মাইল গ্ৰুপৰ পৰা লাভ কৰা পুঁজিৰে আৰম্ভ কৰিছিল এই জুপি নামৰ প্ৰতিষ্ঠানটি। এই কোম্পানীটোৰ প’ৰ্টফ’লিঅ’ত আছে একাধিক জনপ্ৰিয় ব’ৰ্ড গেমছৰ উদ্ভাৱনীমূলক গেমিং ফৰ্মেট। ইয়াৰ উপৰি এই প্ৰতিষ্ঠানটোৰ ফ্লেগশ্বিপ গেমিং এপ্পে বিভিন্ন ‘লাইভ ট্ৰিভিয়া কুইজ টুৰ্ণামেণ্ট’ৰো আয়োজন কৰি আহিছে, তদুপৰি ইয়াত ২৫০ ৰো অধিক গেমপ্লে’ প্ৰদৰ্শিত হৈছে।

এই প্ৰতিষ্ঠান সন্দৰ্ভত জুপিৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া দিলছেৰ সিঙে কয়, “খেল বা গেমবোৰে সহজাতভাৱেই সমগ্ৰ যাত্ৰাটো উদযাপন কৰে আৰু আত্ম-অভিব্যক্তিও প্ৰকাশ কৰে সমান্তৰালকৈ।  সেইবাবেই মই জুপিক প্ৰতিষ্ঠা দিবলৈ প্ৰতিজ্ঞাবদ্ধ। জুপি এনে এক অনুষ্ঠান, যিয়ে বিশ্বৰ যিকোনো প্ৰান্তৰে লোকক গেমছৰ মাধ্যমেৰে তেওঁলোকৰ আনন্দক মূৰ্তমান কৰি তোলে। আমি আমাৰ গেমবোৰ দক্ষতা আৰু মনোৰঞ্জনৰ মাজত এক সংযোগ প্ৰদান কৰাটো নিশ্চিত কৰিবলৈ উদ্ভাৱন কৰোঁ, যাৰ ফলত আমাৰ ব্যৱহাৰকাৰীসকলে খেলি থাকোঁতে উপাৰ্জন কৰিবলৈও সক্ষম হয়। আমি আমাৰ উদ্দেশ্যত বিশ্বাস কৰাৰ বাবে আৰু ইয়াক বাস্তৱলৈ ৰূপান্তৰিত কৰাৰ বাবে, তথা আমাৰ যাত্ৰাত সহযোগী হোৱাৰ বাবে আমাৰ বিনিয়োগকাৰীসকলক ধন্যবাদ জনাইছো। আমাৰ এই যাত্ৰা আৰম্ভ হৈছেহে; ভাৰতত এতিয়ালৈ আমাৰ ১০ নিযুত ব্যৱহাৰকাৰী আছে, আৰু এই যাত্ৰা আমি অব্যাহত ৰাখি বিশ্বব্যাপী আমি আমাৰ অভিনৱ খেলৰ জৰিয়তে কোটি কোটি লোকক স্পৰ্শ কৰিবলৈ বিচাৰো"। ইফালে ৱেষ্ট কেপৰ প্ৰতিষ্ঠাপক তথা পৰিচালন অংশীদাৰ আৰু জুপীৰ পূৰ্বৰ বিনিয়োগকাৰী লৰেন্স এ টোছিয়ে কয় “ৱেষ্টকেপ সদায়েই জুপীৰ বাবে এক গুৰুত্বপূৰ্ণ আৰু কৌশলী বিনিয়োগকাৰীৰ লগতে কাৰ্যকৰী পৰামৰ্শদাতা হিচাপে অভিহিত হৈ আহিছে আৰু পুনৰ এবাৰ শেহতীয়া বিনিয়োগ ৰাউণ্ডৰ অংশীদাৰ হোৱাৰ বাবে আমাৰ আগ্ৰহ বৃদ্ধি পাইছে। "দিলছেৰ আৰু তেওঁৰ বিশ্বমানৰ দলে ভাৰতত দক্ষতাৰ কিছুমান আকৰ্ষণীয় আৰু বহুলভাৱে ব্যৱহৃত মোবাইল গেম উদ্ভাৱন কৰিছে। জুপী গেমৰ অনবদ্য আবেদনে বজাৰৰ যিকোনো গেমিং প্লেটফৰ্মৰ সম্প্ৰসাৰিত দৰ্শকৰ বাবে ব্যস্ততা, উপভোগ আৰু সবলীকৰণ আনি দিয়ে। এই পুঁজিয়ে জুপি দলটোক উদ্ভাৱনত অধিক বিনিয়োগ কৰিবলৈ, ইয়াৰ খেলৰ সম্প্ৰসাৰণ কৰিবলৈ আৰু আগ্ৰাসীৰূপত আন্তৰ্জাতিক সম্প্ৰসাৰণ প্ৰদান কৰিবলৈ সক্ষম কৰিব। জুপীয়ে বিগত ১২ মাহত ইয়াৰ বিকাশ দ্ৰুতগতিত ত্বৰান্বিত কৰিছে, যাৰ ফলত তেওঁলোক বিশ্বব্যাপী সৰ্ববৃহৎ আৰু দ্ৰুতগতিত বিকশিত হোৱা গেম কোম্পানীবোৰৰ ভিতৰত অন্যতম হৈ পৰিছে"।উদ্যোগৰ প্ৰতিবেদন অনুসৰি, বিশ্বব্যাপী অনলাইন গেমিং উদ্যোগটো ২০২০ চনত ৯৮ বিলিয়ন ডলাৰৰ পৰা ২০৩০ চনত ২৭২ বিলিয়ন ডলাৰলৈ বৃদ্ধি হ'ব বুলি অনুমান কৰা হৈছে। ২০২০ চনত, বিশ্বব্যাপী ৫৩ বিলিয়নতকৈও অধিক মোবাইল গেমিং ডাউনলোড হৈছিল, ইয়াৰ ভিতৰত ১৭ শতাংশ ভাৰতৰ আছিল। এই বছৰৰ শেষলৈ, বিশ্বজুৰি ২.৯ বিলিয়ন খেলুৱৈ থাকিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here