অসম জাতীয় পৰিষদৰ সংবাদমেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 18 August 2021

অসম জাতীয় পৰিষদৰ সংবাদমেল

 


কৃষকৰ সমস্যা সমাধানৰ দাবী


আজি ৰাজ্যজোৰা গণ সত্যাগ্ৰহ  অসম জাতীয় পৰিষদৰ





W7s News ষ্টাফৰিপোৰ্টাৰ:

'দিল্লীৱালা লবীৰ প্ৰভাৱত অসমৰ কৃষকসকলক পৰিকল্পিতভবে বঞ্চিত কৰা হৈছে- এই ভাষ্য লুৰিণজ্যোতি গগৈৰ। বুধবাৰে অসম জাতীয় পৰিষদৰ গুৱাহাটীৰ আমবাৰীস্থ মুখ্যকার্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে লগতে কয় 'ভাৰতীয় খাদ্য নিগমৰ সিদ্ধান্তসমূহ  দিল্লীৰ পৰাই নিয়ন্ত্ৰিত হয় আৰু সেয়ে অসমৰ দায়িত্বত থকা দিল্লীৱালা লবীৰ প্ৰভাৱত অসমৰ কৃষকসকলক পৰিকল্পিতভবে বঞ্চিত কৰা হৈছে। ভাৰতীয় খাদ্য নিগমৰ নৱনিযুক্ত প্ৰবন্ধকজনে অসমৰ ধান ক্ৰয় নকৰাৰ কুট কৌশল ৰচনা কৰিছে। তেওঁ পাঞ্জাৱৰ ধান ক্ৰয় কৰাত অধিক গুৰুত্ব দিছে। এয়া কৰ্পোৰেট গোষ্ঠীৰ হাতত তুলি দিয়াৰ প্ৰয়াস। 

অসমত ভাৰতীয় খাদ্য নিগমে বছৰি ২৪ লাখ মেট্ৰিক টন চাউল যোগান ধৰে। এই চাউলখিনি অসমলৈ কঢ়িয়াওঁতে ১৫০০ কৌটিতকৈ অধিক টকা খৰচ হয়। এই চাউলখিনি অসমৰ কৃষকৰ ক্ৰয় কৰা হলে ৰাজ্যৰ কৃষকসকল উপকৃত হলহেঁতেন লগতে পৰিবহন ব্যয়ৰ বৃহৎ ধনখিনিও ৰাহি হ'লহেঁতেন। বিজেপি মিত্ৰজোট চৰকাৰৰ সময়ত, ২০২০-২১ বিত্তবৰ্ষত ১৮৬৮ টকা ন্যূনতম সমৰ্থন মূল্যত ৫.৩৭ লাখ মেট্ৰিক টন ধান চৰকাৰীভাৱে ক্ৰয় কৰা হ'ব বুলি ঢাক-ঢোল বজাই, সংবাদ মাধ্যমত বিজ্ঞাপন দি, ৰাজ্যজুৰি ৯৭ টা ধান ক্ৰয় কেন্দ্র মুকলি কৰা হৈছিল। কিন্তু আচৰ্যজনকভাৱে সামান্য পৰিমাণৰ ধান ক্ৰয় কৰাৰ এমাহৰ ভিতৰতে কেন্দ্ৰ সমূহ অকাৰ্যক্ষম হৈ পৰে। তদুপৰি এই ৯৭ টা ধান ক্ৰয় কেন্দ্ৰত মুঠ কিমান ধান ক্ৰয় কৰা হ'ল তাৰ কোনো তথ্য চৰকাৰে ৰাজহুৱা কৰা নাই।

সম্প্ৰতি ৰাজ্যৰ ১৩ খন জিলাত খৰাং সদৃশ পৰিস্থিতি চলি আছে। পৰিতাপৰ বিষয় যে অসমত থকা ৩০ হাজাৰ ধানৰ প্ৰজাতিৰ এতিয়া মাত্ৰ এহেজাৰ আছে। সেয়ে আমি কৃষকসকলৰ উৎপাদিত ধান ভাৰতীয় খাদ্য নিগম আৰু অন্য চৰকাৰী প্ৰতিষ্ঠানৰ দ্বাৰা পোনপটীয়াকৈ কৃষকৰ পৰা ক্ৰয় কৰাৰ জনাইছো।

লগতে অসমৰ ১০০ শতাংশ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা, অসমৰ প্ৰতিখন

গাঁও পঞ্চায়ত এলেকাত এটাকৈ ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা, এই প্ৰক্ৰিয়াত গাঁও, পঞ্চায়তক জড়িত কৰা, গাঁও পঞ্চায়ত সমবায় সমিতিসমূহত পূৰ্বে যেনেকৈ ধান ক্ৰয় প্ৰক্ৰিয়া চলিছিল, সেই ব্যৱস্থা পুনৰ বাহাল কৰা, 

খৰাঙৰ কবলত পৰা কৃষকসকলক আৰ্থিক সাহাৰ্য প্ৰদানেৰে ক্ষতিপূৰণৰ ব্যৱস্থা কৰা, বান-খহনীয়া-খৰাঙৰ দ্বাৰা ক্ষতিগ্ৰস্ত আৰু ক'ভিড-দুৰ্যোগ পীড়িত কৃষকক বিনামূলীয়া বীজ আৰু সাৰৰ যোগান ধৰা, মাটি চহাবলৈ ব্যৱস্থা নথকা কৃষক সকলক চৰকাৰীভাবে মাটি চহাই দিয়াৰ ব্যৱস্থা কৰা দাবী উত্থাপন কৰিছোঁ।

এই দাবী সমূহ পূৰণৰ বাবে বৃহস্পতিবাৰে ৰাজ্যজোৰা গণ সত্যাগ্ৰহ  কাৰ্যসূচী আমি পালন কৰিম। ৰাজ্যৰ জিলা সদৰসমূহত জাতীয় পৰিষদে ক'ভিড প্ৰ'টকল মানি এই কাৰ্যসূচী ৰূপায়ণ কৰিব। লগতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ উদ্দেশ্য কৰি লিখা উক্ত দাবী সম্বলিত স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ হাতত অৰ্পণ কৰিব।' আনহাতে মিত্ৰজোট সম্বন্ধে সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত সভাপতিজনে কয় '

আমি মিত্ৰজোটত নাযাওঁ। আমাৰ আদর্শগত দৃষ্টিভংগী স্পষ্ট।  বিজেপিক প্ৰতিৰোধ কৰিবলৈ প্ৰতিটো সমষ্টিত আমি উমৈহতীয়া একোজন প্ৰাৰ্থী দিম। আমি বিৰোধী ঐক্যবদ্ধ হোৱা বিচাৰোঁ ।' সংবাদমেলত পৰিষদৰ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here