অসমত থকা প্ৰায় ৪ লাখ বিঘা ট্ৰাইবেল বেল্ট আৰু ব্লকৰ ভূমি বেদখল মুক্ত কৰাৰ দাবী
W7s News ষ্টাফৰিপোৰ্টাৰ : 'অসমত থকা প্ৰায় ৪ লাখ বিঘা ট্ৰাইবেল বেল্ট আৰু ব্লকৰ ভূমি বেদখল মুক্ত কৰাৰ দাবী জনাইছে অসম জনজাতি অধিকাৰ সুৰক্ষা সমিতিয়ে। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সমিতিৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদমেলত সমিতিৰ সভাপতি জনকলাল বসুমতাৰীয়ে এই কথা সদৰী কৰে। তেওঁ লগতে কয় ' জনজাতি বেল্ট আৰু ব্লকৰ ভূমি সংৰক্ষণ সন্দৰ্ভত কেবিনেটৰ সিদ্ধান্ত সম্পূৰ্ন অসাংবিধানীক হৈছে। মুখ্যমন্ত্ৰী আৰু জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰীয়ে আমাক প্ৰতাৰণা কৰিছে। কেবিনেটৰ সিদ্ধান্ত বাতিল কৰিবলৈ আমি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আহবান জনাইছো। শদিয়া ট্ৰাইবেল বেল্ট আৰু ব্লকৰ ভূমি গোর্খা যি সকল অবৈধ নাগৰিক তথা অন্যান্য পিছপৰা জাতিক দিয়া কাৰ্য আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ। আমাৰ ভূমিত অ সাংবিধানীক কাৰ্য কলাপ বন্ধ হ'ব লাগে। ' এই সম্পৰ্কে সমিতিৰ সহকাৰী সম্পাদক অৰিন্দম প্ৰিন্সে কয় ' জনজাতি লোকসকলৰ ভূমি অধিকাৰ চৰকাৰে খৰ্ব কৰিবলৈ বিচাৰিছে চৰকাৰে। সংৰক্ষিত এলেকাতে জনজাতি লোকসকল অসুৰক্ষিত হৈ পৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আমি জনজাতি বিৰোধী, সংবিধান বিৰোধী আখ্যা দিছোঁ। তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায়ক অৱমাননা কৰিছে। জনজাতি সুৰক্ষা সমিতিয়ে যদি এজাহাৰ দিয়ে তেন্তে ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'লেও থানাত হাজিৰ হ'ব লাগিব । গতিকে তেওঁক আমি শুই থকাৰ পৰা জগাই দিব বিচাৰিছোঁ। আমাৰ ৪লাখ বিঘা ভূমি বেদখলমুক্ত হ'ব লাগে। আমি জনজাতি লোকসকলৰ ভূমি অধিকাৰ ক্ষেত্ৰত খৰ্ব নকৰিবলৈ সকিয়নী দিলোঁ। অন্যথা আমি আইনৰ কাষ চাপিবলৈ বাধ্য হ'ম।' সংবাদ মেলত সমিতিৰ উপদেষ্টা পদ্ম পাটৰ, সাংগঠনিক সম্পাদক দ্বীপেন দেউৰী আদি উপস্থিত থাকে।
No comments:
Post a Comment