এছ এফ আইৰ সংবাদ মেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 30 August 2021

এছ এফ আইৰ সংবাদ মেল

 


অসমৰ শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান এছ এফ আইৰ


ৰাজ্যৰ গুৰুত্বপূৰ্ণ শৈক্ষিক সমস্যা সমাধানৰ দাবী


ৰাজ্যৰ মাত্ৰ ২৪.৯ শতাংশ ছাত্র-ছাত্ৰীয়ে উপযুক্ত সুবিধাৰে অনলাইন শিক্ষালাভৰ সুযোগ পাইছে


২০১৯-২০ বৰ্ষত আধাতে শিক্ষা এৰা শিক্ষার্থীৰ হাৰ বৃদ্ধি পাইছে



২০১৯-২০ বৰ্ষত নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ আধাতে বিদ্যালয় এৰা অসমৰ হাৰ হৈছে ৩২.৩ শতাংশ


  


W7s News ষ্টাফৰিপোৰ্টাৰ: 'ৰাজ্যৰ মাত্ৰ ২৪.৯ শতাংশ ছাত্র-ছাত্ৰীয়ে উপযুক্ত সুবিধাৰে অনলাইন শিক্ষালাভৰ সুযোগ পাইছে- এইদৰে কয়  ভাৰতৰ ছাত্ৰ ফেডাৰেচন (এছ এফ আই)ৰ সম্পাদক নিৰংকুশ নাথে। সোমবাৰে এছ এফ আইৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয় '

২০১৯-২০ বৰ্ষত আধাতে শিক্ষা এৰা শিক্ষার্থীৰ হাৰ বৃদ্ধি পাইছে। ২০১৯-২০ বৰ্ষত নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ আধাতে বিদ্যালয় এৰা অসমৰ হাৰ হৈছে ৩২.৩ শতাংশ। অসমৰ ৫২.৪ শতাংশ চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু ৭৮.৩ শতাংশ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ ঘৰত স্মাৰ্টফোনৰ সুবিধা আছে। ৰাজ্যৰ মাত্ৰ ২৪.৯ শতাংশ ছাত্ৰ ছাত্ৰীয়েহে উপযুক্ত সুবিধাৰে অনলাইন শিক্ষালাভৰ সুযোগ পাইছে ।আনকি অসমৰ ১২.৭ শতাংশ বিদ্যালয়তহে কম্পিউটাৰ আছে আৰু তাৰে ৫.৮২ শতাংশৰ হে আছে ইণ্টাৰনেট । এই অৱস্থা দেশৰ ভিতৰতে দুখ লগা। আনহাতেদি ক'ভিড পৰিস্থিতিৰ বাবে সাংঘাতিক হাৰত স্কুল এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি হৈছে । অসমৰ আধাতে শিক্ষা এৰি দিয়া শিক্ষাৰ্থীৰ হাৰ দেশৰ ভিতৰতে উদ্বেগজনক। ২০১৯-২০ বৰ্ষত নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ আধাতে এৰি দিয়া শিক্ষাৰ্থীৰ হাৰ ১৬.১ শতাংশ হোৱাৰ বিপৰীতে অসমত এই হাৰ ৩২.৩ শতাংশ । ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ আধাতে শ্ৰেণী এটা ছাত্ৰ-ছাত্ৰীৰ হাৰ দেশত ২.৬ শতাংশ হোৱাৰ বিপৰীতে অসমত এইয়া ৩.৪ শতাংশ । প্ৰাথমিক পৰ্যায়ত স্কুল এৰি যোৱাৰ হাৰ সৰ্বভাৰতীয় হাৰ ১.৫ সাত শতাংশৰ বিপৰীতে অসমত ৪.৩ শতাংশ। সেয়ে আমি ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰিবলৈ চৰকাৰক দাবী জনালোঁ। পাঠ্যক্ৰমত লিংগ সংবেদনশীলকৰণৰ বিষয়বস্তু অন্তৰ্ভুক্ত কৰা। শিক্ষানুষ্ঠানত যৌন নিৰ্যাতনৰ বিৰূদ্ধে লিংগ সংবেদনশীলকৰণ কমিটি গঠন কৰাৰ আমি দাবী জনালোঁ। নতুন পদ সৃষ্টি কৰা আৰু ইতিমধ্যে খালি হৈ থকা শিক্ষকৰ পদ অতিশীঘ্ৰে পূৰণ কৰাৰো আমি দাবী উত্থাপন কৰিছোঁ। লগতে চাহ বাগিচা, চৰ অঞ্চল ,জাতি-জনগোষ্ঠী প্ৰধান তথা সীমান্তৱৰ্তী অঞ্চলত শিক্ষা সম্প্ৰসাৰণৰ ব্যৱস্থা গ্ৰহণ কৰা, লগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত মাচুল নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰাৰ, ষাণ্মাসিক পৰ্য্যায়ত কেন্দ্ৰীভূত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দাবী উত্থাপন কৰিছোঁ। এছ এফ আই-য়ে বহুবছৰৰ পৰা এক উমৈহতীয়া নামভৰ্তি প্ৰক্ৰিয়াৰ কথা চৰকাৰৰ আগত উনুকিয়াই আহিছে।  চলিত মাহৰ ২৮ আগষ্টত আমাৰ  ৰাজ্যিক কমিটিৰ এক ৫জনীয়া প্ৰতিনিধি দলে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন শৈক্ষিক দাবী তুলি ধৰে। এছ এফ আইৰ কেন্দ্ৰীয় নেত্ৰী সংগীতা দাস, ৰাজ্যিক সাধাৰণ সম্পাদক নিৰঙ্কুশ নাথ,উপ-সভাপতি প্ৰতুল বৰ্মন, সম্পাদকমণ্ডলীৰ সদস্য কল্যাণ বুঢ়াগোহাঁই আৰু ৰাজ্যিক কমিটিৰ সদস্য সুস্মিত ইছফাকৰে গঠিত প্ৰতিনিধি দলে অসমৰ শিক্ষামন্ত্ৰীক লগ কৰি সাম্প্ৰতিক সময়ৰ শৈক্ষিক দিশৰ বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰি দাবী সমূহ পূৰণ কৰিবলৈ শিক্ষা লমন্ত্ৰী ডাঃ ৰনোজ পেগুক দাবী জনাও। আগন্তুক সময়ত শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা গ্ৰহণ কৰি অন্যায়-অবিচাৰৰ বিৰুদ্ধে আমি সংগ্ৰাম তীব্রতৰ কৰিবলৈ বাধ্য হ'ম।' সংবাদ মেলত এছ এফ আইৰ হৈ প্ৰতুল বৰ্মণৰ লগতে অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here