সত্ৰাধিকাৰ ভদ্ৰকৃষ্ণ গোস্বামী স্মৃতি ৰক্ষা সমিতিৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 3 August 2021

সত্ৰাধিকাৰ ভদ্ৰকৃষ্ণ গোস্বামী স্মৃতি ৰক্ষা সমিতিৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা

 



'


W7s News ষ্টাফৰিপোৰ্টাৰ :  সত্ৰাধিকাৰ ভদ্ৰকৃষ্ণ গোস্বামী স্মৃতি ৰক্ষা সমিতিৰ এটি সজাটি দলে সোমবাৰে অসমৰ  মুখ্যমন্ত্ৰীৰ সৈতে এক আলোচনাত মিলিত হয়। আলোচনা কালত দলটিয়ে সত্ৰাধিকাৰজনৰ জন্ম স্থানত তেওঁৰ এটা আৱক্ষ মূৰ্তি স্থাপনৰ প্ৰস্তাৱ আগবঢ়ায় চৰকাৰক। লগতে সত্ৰৰ সামগ্ৰীক উন্নতিৰ সন্দৰ্ভত  পৰ্যালোচনা কৰে। ইয়াৰ উপৰিও সত্ৰাধিকাৰ ভদ্ৰকৃষ্ণ গোস্বামীৰ স্মৃতি ৰক্ষা সমিটিৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ৰ ক'ভিড কালীন সাহায্য পূজীলৈ এক লাখ টকাৰ চেক আগবঢ়ায়। অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি তথা শিৱসাগৰ স্থিত জকাই সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ ভদ্ৰকৃষ্ণ গোস্বামীৰ স্মৃতিত তেওঁৰ পৰিয়াল আৰু স্মৃতি ৰক্ষা সমিটিয়ে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিভিন্ন কাৰ্যসূচী বিগত বছৰকেইটাত গ্ৰহণ কৰিছিল, এই বছৰ অৱশ্যে কভিড কালীন পৰিস্থিতিৰ বাবে সমূহ কাৰ্যসূচী বাতিল কৰা হয়। উল্লেখ্য, সত্ৰাধিকাৰ ভদ্ৰকৃষ্ণ গোস্বামী স্মৃতি ৰক্ষা সমিটিৰ হৈ মুখ্যমন্ত্ৰীৰ সৈতে উক্ত আলোচনাত ভাগ লয় সত্ৰাধিকাৰ গৰাকীৰ জেষ্ঠ কণ্যা , তথা সমিতিৰ সম্পাদক মিটালী গোস্বামী ট্ৰচিন, ভিক্টৰ ট্ৰচিন,অমল কলিতা আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান ছিপাঝাৰ সমস্তিৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here