শ্বহীদ ন্যাসত বিশিষ্ট শিক্ষাবিদ ড০ নিৰু হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 3 August 2021

শ্বহীদ ন্যাসত বিশিষ্ট শিক্ষাবিদ ড০ নিৰু হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি

 





ড০ নিৰু হাজৰিকাৰ জন্ম, মৃত্যু তিথিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্মাৰক বক্তৃতা অনুষ্ঠিত কৰিব লাগে-ড০ হিতেশ ডেকা


W7s News ষ্টাফৰিপোৰ্টাৰ : সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত মঙলবাৰে গুৱাহাটীৰ উজনবজাৰস্থিত শ্বহীদ ন্যাসত বিশিষ্ট শিক্ষাবিদ ড০ নিৰু হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট শিক্ষাবিদ প্ৰয়াত ড০ নিৰু হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জলন কৰে তেওঁৰ ভগ্নী মিনু হাজৰিকাই। তাৰপাছত অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলে প্ৰয়াত শিক্ষাবিদগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত পুষ্পঞ্জলি অৰ্পনেৰে শ্ৰদ্ধা নিবেদন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হিতেশ ডেকাই কয় ' ড০ নিৰু হাজৰিকা মোৰ গৱেষণাৰ গুৰু আছিল। তেওঁ বৰ সৰল মনৰ গাইড আছিল। তেওঁ অসমীয়া সমাজ জীৱনৰ শিপাৰ সৈতে সংপৃক্ত এগৰাকী সৰলমনৰ অধিকাৰী আছিল। আপোনত্ব,সৰলত্বৰ প্ৰতীক আছিল। তেওঁ বিশাল মনৰ অধিকাৰী আছিল।ছাত্র-ছাত্ৰীৰ সৈতে তেঁওৰ সু-সম্পৰ্ক আছিল। তেওঁৰ আদৰ্শ চিৰযুগমীয়া কৰি ৰখাৰ প্ৰয়োজন। তেওঁৰ জন্ম, মৃত্যু তিথিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্মাৰক বক্তৃতা অনুষ্ঠিত কৰিব লাগে।' অনুষ্ঠানত শিক্ষাবিদ ড০ অৱণী ভাগৱতীয়ে কয় ' ড০ নিৰু হাজৰিকা মানৱতাবাদী, নীৰৱ আৰু ধৈৰ্য্যশীল ব্যক্তিত্বৰ অধিকাৰী আছিল। এজন মানুহ ভাল হৈ থাকিলে বহু মানুহৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰে। আমি সমাজত সদায় ভাল মানুহ সৃষ্টি কৰাৰ বাবে প্ৰচেষ্টা ৰাখিব লাগে। তেওঁ মহিয়সী নাৰী। তেওঁৰ মৃত্যু শৈক্ষিক ক্ষেত্ৰখনৰ বাবে আপুৰণীয় ক্ষতি। ' শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ যোগেন কলিতাই কয় ' ড০ নিৰু হাজৰিকা জ্ঞানৰ ভাণ্ডাৰ আছিল। তেওঁ এগৰাকী মহিয়সী নাৰী। তেওঁ সদায় সংকটৰ সময়ত ধৈৰ্য ৰাখিবলৈ কৈছিল। তেওঁ সমাজৰ চিন্তা কৰিবলৈ কৈছিল। সমাজত শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ বাবে তেওঁ চিন্তা চৰ্চা কৰিছিল। তেওঁৰ মৃত্যুয়ে আমাক মৰ্মাহত  কৰিছে।' অনুষ্ঠানত প্ৰাক্তন মহাধিবক্তা ড০ ৰমেশ বৰপাত্ৰ গোহাঁইয়ে কয় ' অসম আন্দোলন আৰম্ভ হওঁতে ড০ নিৰু হাজৰিকাৰ সৈতে চিনাকি হৈছিল। শৈক্ষিক দিশৰ বিভিন্ন সমস্যাৰাজি, জাতীয়তাবাদৰ আলোচনা হয়। তেওঁ মানুহ গঢ়াৰ যি ভূমিকা ললে সেয়া সকলোৱে মনত ৰাখিব। তেওঁ শৈক্ষিক ইন্ধন যোগাই হ'ল। তেওঁৰ অৱদান চিৰদিন থাকি যাব। তেওঁৰ জন্ম অথবা মৃত্যু তিথিত বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি তেওঁৰ গুণানুকীৰ্তন কৰা উচিত। তেওঁ আন্তৰ্জাতিক পৰ্যায়ত যি অৱদান দি গ'ল সেইখিনি চিৰদিন স্মৰণ কৰি থাকিব লাগিব। তেওঁৰ দৰে স্বনামধন্য ব্যক্তি সকলক আমি চিৰদিন মনত ৰাখিব লাগিব।' অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ অখিল ৰঞ্জন দত্তই কয় 'গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে ৪৪ বছৰৰ প্ৰত্যক্ষ সম্পৰ্ক আছিল ড০ নিৰু হাজৰিকাৰ। তেওঁ অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী আছিল।তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগটোক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত কৰাৰ চেষ্টা কৰিছিল। ৰাজনীতি বিজ্ঞান বিভাগটোক শক্তিশালী কৰাত তেওঁৰ অনবদ্য ভূমিকা আছে। অধ্যয়ণ আৰু গৱেষণাক তেওঁ  গভীৰভাৱে লৈছিল। তেওঁৰ শিক্ষাৰ্থী আৰু গৱেষক সকলৰ সৈতে সু-সম্পৰ্ক আছিল। তেওঁ এখন সমাজ গঢ়াৰ দৰ্শন দি গৈছে।' আনহাতে কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ অৰূপ জ্যোতি চৌধুৰীয়ে কয় '  তেওঁ পাঠদান কৰাৰ লগতে দর্শনৰো আভাষ দিছিল। সাধাৰণ মানুহৰ বাবে কাম কৰাৰ দৰ্শন তেওঁ তুলি ধৰিছিল। ব্যক্তিকেন্দ্ৰীকতাৰ পৰা ঊৰ্ধত থাকি তেওঁ সমাজ জীৱন প্ৰতিষ্ঠা কৰিছিল। সাধনাই বিচ্ছিনতা দূৰ কৰে। তেওঁৰ দৰ্শন আমাক লাগে ভৱিষ্যতেও অনুপ্ৰেৰিত কৰি যাব।' এই অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কয় ' ড০ নিৰু হাজৰিকাৰ মই ছাত্র আছিলোঁ। তেওঁৰ দিহা-পৰামৰ্শৰে আগবাঢ়ি গৈছিলোঁ। সঠিক পথেৰে তেওঁ দিহা পৰামৰ্শ আগবঢ়াইছিল। খিলঞ্জীয়া মানুহৰ ভৱিষ্যতকলৈ তথা মাটিৰ লগত সম্পৰ্কক লৈ দায়িত্ব আছিল।বিভিন্ন বিশ্ববিদ্যালয়ৰ সৈতে তেওঁৰ সু-সম্পৰ্ক আছিল।

সমগ্ৰ ভাৰততে তেওঁৰ সুকীয়া স্থান আছিল।

 তেওঁ স্পষ্ট বাদী আছিল। উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা ডি লিট আছিল। তেওঁ প্ৰচাৰ বিমুখ, নীৰৱে সমাজলৈ অৱদান আগবঢ়াই গ'ল। তেওঁক জীৱিত কালত যথোপযুক্ত সন্মান দিবলৈ ৰৈ গ'ল যেন অনুভৱ হয়। তেওঁৰ মৃত্যুত শিক্ষা জগতৰ 

এটা উজ্জল তৰা খহি গ'ল। তেওঁৰ বাবে মোৰ গৱেষণা সম্পূৰ্ণ হৈ উঠিল।তেওঁৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ বাবে ৰজাঘৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পদক্ষেপ লোৱা উচিত ।' অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে কয় ' তেওঁ আমাক সদায় সৎ পৰামৰ্শ দিছিল। তেওঁৰ মৃত্যু আমাৰ বাবে অপুৰণীয় ক্ষতি। আমি এগৰাকী অভিভাৱক হেৰুৱালোঁ।তেওঁৰ আত্মাৰ সদ্ গতি কামনা কৰিলোঁ।' সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি বিপুল ৰাভাই আঁত ধৰা অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড০ জয়ন্ত কৃষ্ণ শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ অধ্যাপক ড০ সুভম ৰাজখোৱা

প্ৰয়াত শিক্ষাবিদ ড০ নিৰু হাজৰিকাৰ শিক্ষাৰ্থী পূব কামৰূপ মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ ড০ ৰুণু ভট্টাচাৰ্য, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰৱক্তা ড০ অৰ্চনা শৰ্মা, অসম সচিবালয়ৰ অৱসৰ প্ৰশাসনিক বিষয়া ড০ মামণি ডেকা, ৰঞ্জিত গগৈ আদিয়ে বক্তব্য আগবঢ়ায়। অনুষ্ঠানৰ শেষত প্ৰয়াত শিক্ষাবিদ ড০ নিৰু হাজৰিকাৰ ভগ্নী মিনু হাজৰিকাই ছাত্র সন্থাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা বাবে ধন্যবাদ জ্ঞাপন কৰে। লগতে উপস্থিত বিশিষ্ট ব্যক্তি সকলক ধন্যবাদ জনায়। ক'ভিড বিধি মানি অনুষ্ঠিত অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here