গুৱাহাটী মহানগৰ জিলা ব্ৰহ্মণ সমাজৰ ছয়খন গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 23 August 2021

গুৱাহাটী মহানগৰ জিলা ব্ৰহ্মণ সমাজৰ ছয়খন গ্ৰন্থ উন্মোচন

 




W7s News ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটী মহানগৰ জিলা ব্ৰহ্মণ সমাজৰ ছয়খন গ্ৰন্থ দেওবাৰে  গুৱাহাটীৰ গণেশগুৰিৰ কল্যাণ ভৱনত উন্মোচন কৰা হয়। বিশিষ্ট সংস্কৃত পণ্ডিত তথা অৱসৰী শিক্ষা সঞ্চালক সতীশ চন্দ্ৰ শৰ্মাই ৰচনা কৰা গ্ৰন্থ উন্মোচনী সভাখন পৌৰোহিত্য কৰে কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ড০ নৃপেন্দ্ৰ নাথ শৰ্মাই। গ্ৰন্থ উন্মোচনী সভাত উন্মোচকৰ ভাষণ প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱী, অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা অৱসৰী উপাযুক্ত কনক চন্দ্ৰ শৰ্মা, বিশিষ্ট সংস্কৃত পণ্ডিত তথা অৱসৰী অধ্যাপক উমাকান্ত দেৱশৰ্মা শাস্ত্ৰী, বিশিষ্ট কবি, সমালোচক বিপুল শৰ্মা আৰু ড০ নৃপেন্দ্ৰ নাথ শর্মাই। গুৱাহাটী মহাগৰ জিলা ব্ৰাহ্মণ সমাজৰ সাধাৰণ সম্পাদক পবিত্র শর্মা ই আঁতধৰা সভাখনত মঙ্গলাচৰণ পাঠ কৰে গোপাল শাস্ত্ৰীয়ে। উল্লেখ্য, সভাত বিশিষ্ট সংস্কৃত পণ্ডিত তথা অৱসৰী শিক্ষা সঞ্চালক সতীশ চন্দ্ৰ শৰ্মাৰ গ্ৰন্থ ক্ৰমে অমৃত প্রবাহ, দশতত্ব সমূচ্চয় নীতিশতক ত্ৰয়, ৰক্ষক, উপনিষদ সাৰ আৰু কবিতা কুসুম উন্মোচন কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here