মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৫ সংখ্যক তিৰোভাৱ তিথি পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 27 August 2021

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৫ সংখ্যক তিৰোভাৱ তিথি পালন

 



W7s News ষ্টাফৰিপোৰ্টাৰ : মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৫ সংখ্যক তিৰোভাৱ তিথি শুকুৰবাৰে ৰাজ্যজুৰি পালন কৰা হয়। পুৱাৰে পৰা নাম-প্ৰসংগৰে মুখৰিত হৈ পৰে ৰাজ্যৰ সত্ৰ-নামঘৰ।সত্ৰ-নামঘৰত সৃষ্টি কৰিছে আধ্যাত্মিক পৰিৱেশৰ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতেত


থ্য আৰু জনসংযোগ সঞ্চালকালয়ত মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি পালন কৰা হয়।এই উপলক্ষে সঞ্চালকালয়ৰ দিছপুৰস্থিত মুখ্য কাৰ্যালয়ত নাম-প্ৰসংগ অনুষ্ঠিত কৰাৰ লগতে সঞ্চালকালয়ৰ সাংস্কৃতিক শাখাৰ কৰ্মচাৰীসকলে থিয় নাম, বৰগীত আদি পৰিৱেশন কৰে। উল্লেখ্য, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইবাৰ স্বাধীনতা দিৱসৰ ভাষণত দহটা সংকল্প গ্ৰহণৰ বাবে জনসাধাৰণক আহ্বান জনাইছিল৷  সেইমৰ্মে পুৰোধা ব্যক্তি আৰু মহাপৰুষৰ আৱিৰ্ভাব আৰু তিৰোভাৱ তিথিত বন্ধ পালন কৰাৰ পৰিবৰ্তে কাৰ্যালয়ত উদযাপন কৰাৰ বাবে তেওঁ আহ্বান জনাইছিল৷ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই চৰকাবী বন্ধৰ দিন হোৱা সত্বেও তথ্য আৰু জনসংযোগৰ নৱ-নিযুক্ত সঞ্চালক  বিষ্ণু কমল বৰা আৰু অতিৰিক্ত সঞ্চালক  প্ৰদীপ ব্ৰহ্মৰ উদ্যোগত সমূহ বিষয়া-কৰ্মচাৰীয়ে আজি কাৰ্যালয়তে মহাপুৰুষজনাৰ তিৰোভাৱ তিথি  উদযাপন কৰি গুৰুজনাক স্মৰণ কৰে৷


#mahapurushsrisrimadhavdev #assam

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here