ৰাষ্ট্ৰবাদী কংগ্ৰেছ দল, অসম ৰাজ্যিক সমিতিৰ আগষ্ট ক্ৰান্তি দিৱস উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 9 August 2021

ৰাষ্ট্ৰবাদী কংগ্ৰেছ দল, অসম ৰাজ্যিক সমিতিৰ আগষ্ট ক্ৰান্তি দিৱস উদযাপন

 





 

W7s News ষ্টাফৰিপোৰ্টাৰ : 

সমগ্ৰ দেশৰ লগতে অসম ৰাষ্ট্ৰবাদী কংগ্ৰেছ দলেও সোমবাৰে মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত ভাৰত ত্যাগ দিবস আগষ্ট ক্ৰান্তি দিৱস হিচাপে

 উদযাপন কৰে। এন চি পি অসম ৰাজ্যিক সমিতি আৰু গুৱাহাটী মহানগৰ জিলা এন চি পিৰ উদ্যোগত অনুষ্ঠিত এই ভাৰত ত্যাগ দিৱস অনুষ্ঠান কেৱাটাও কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। পুৱা ১০.১০ বজাত দলীয় পতাকা উত্তোলন কৰে ভাৰপ্ৰাপ্ত ৰাজ্যিক সভাপতি কৃষ্ণ কান্ত মহন্তই। ইয়াৰ পাছত গছৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৰাজ্যিক সভাপতি ধীৰেন্দ্ৰ দেৱ অধিকাৰীয়ে।ৰাষ্ট্ৰীয় সংগীতেৰে পতাকা উত্তোলনৰ পিছত এই মহান ঐতিহাসিক দিনত যিসকলৰ বীৰ পুৰুষে ছহিদ হৈছিল, তেওঁৰ স্মৃতিত ছহিদ তৰ্পন কৰা হয়। ছহিদ তৰ্পন অনুষ্ঠানৰ সঞ্চালনা কৰে মহানগৰ জিলা এন চি পিৰ সভাপতি কনক চন্দ্ৰ ডেকাই। সংকল্প পাঠ কৰায় ৰাজ্যিক সাধাৰণ সম্পাদক যতীন্দ্ৰ নাথ বৰাই। দিনৰ ১১.৩০ বজাত আগষ্ট ক্ৰান্তি দিৱসৰ উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত হয় এক আলোচনা চক্ৰ। এই আলোচনা চক্ৰ সঞ্চালনা কৰে কৃষ্ণকান্ত মহন্তই। প্ৰায় শতাধিক লোক উপস্থিত থকা এই অনুষ্ঠানত বিভিন্নজনে ভাৰত ত্যাগ দিৱসৰ তাপৰ্য ব্যাখ্যা কৰি যুৱ প্ৰজন্মক বিভিন্ন সাৰুৱা ভাষনেৰে উদ্বুদ্ধ কৰে। সমগ্ৰ অনুষ্ঠানটোৰ আঁতধৰে ৰাজ্যিক সাধাৰণ সম্পাদক পৰেশ বৰুৱাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here