উত্তৰ পূবৰ ৰাজ্যকেইখনৰ মাজৰ সীমা সমস্যা সমাধানৰ বাবে সঁজাতি দল গঠন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 9 August 2021

উত্তৰ পূবৰ ৰাজ্যকেইখনৰ মাজৰ সীমা সমস্যা সমাধানৰ বাবে সঁজাতি দল গঠন

 



গুৱাহাটীত উত্তৰ-পূৱৰ সমভাবপন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ বৈঠকত সিদ্ধান্ত




W7s News ষ্টাফৰিপোৰ্টাৰ : জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি, অসমৰ উদ্যোগত সোমবাৰে সাতভনী ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে এখন নাগৰিক সভা অনুষ্ঠিত হয়। জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি, অসমৰ সভাপতি ৰফিউল হুছেইন বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সমিতিৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই।

সভাৰ আৰম্ভণিতে লাইলাপুৰত সংঘটিত ঘটনাত নিহত সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। সভাত জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা, পি এল পি দলৰ প্ৰতিষ্ঠাপক নেতা হাচিবুৰ ৰহমান, অসম সংগ্ৰামী মঞ্চৰ নেতা বিমল প্ৰসাদ চৌধুৰী, জাতীয়তাবাদী নেতা গগন কলিতা, আঞ্চলিক গণ মৰ্চাৰ প্ৰণৱজ্যোতি চেতিয়া, জাতীয়তাবাদী নেতা চৰণ ডেকা, আৰ জে দিৰ কামাখ্যা পাণ্ডে আদি উপস্থিত থাকি বক্তব্য আগবঢ়ায়। সভাত সমগ্ৰ উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ জনসাধাৰণ মাজত ভাতৃত্ব বোধৰ ভাব জগাই তুলিবলৈ এটা সঁজাতি দল গঠন কৰা হয়। এই সঁজাতি দলটো ৰফিউল হুছেইন বৰুৱা, ৰাজকুমাৰ বৈশ্য, হচিবুব ৰহমান, অৰূপ বৰবৰা, বিমল প্ৰসাদ চৌধুৰী, গগন কলিতা,প্ৰণৱজ্যোতি চেতীয়াক লৈ গঠন কৰা হয়। সভাই লগতে মিজোৰামলৈ খাদ্য সামগ্রীৰ লগতে অন্যান্য বস্তু যাব নোৱাৰাকৈ বাট পথ সমূহ বন্ধ কৰি দিয়া কাৰ্যক আত্মঘাতি বুলি অভিহিত কৰে। লগতে এনেধৰণৰ কাৰ্যৰ বিৰুদ্ধে প্ৰশাসনৰ নিৰ্বিকাৰ ভূমিকাকো সভাই তীব্ৰ সমালোচনা কৰে। সভাই এই সীমা সমস্যা বিষয়ত অঞ্চলটোৰ জনসাধাৰণে নিজে উদ্যোগ লৈ এই সমস্যাৰ সমাধান আনিব লাগিব বুলি কয়। ইয়াৰ বাবে বিহিত কার্যব্যৱস্থা গ্ৰহণৰ বাবে সভাত গঠন হোৱা সঁজাতী দলক দায়িত্ব অৰ্পণ কৰে। প্ৰথম পৰ্যায়ত সঁজাতি দলটোৱে উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ সমভাবাপন্ন দল সংগঠন সমূহৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰিবলৈ দায়িত্ব অৰ্পণ কৰে। ইয়াৰ পূৰ্বে লাইলাপুৰ পৰিস্থিতি অধ্যয়ন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে বৰ্তমানে চলি থকা অসম -মিজোৰাম সংঘাত সমাধানৰ বাবে দুয়োখন চৰকাৰক নমনীয় স্থিতি গ্ৰহণ কৰিব লাগিব বুলি সভাই মত পোষণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here