W7s News ষ্টাফৰিপোৰ্টাৰ: সমগ্ৰ দেশৰ লগতে অসমতো সোমবাৰে কেইবাটাও শ্ৰমিক-কৃষক সংগঠনে “ভাৰত বচাওঁ” দিৱস পালন কৰে৷ শদিয়াৰ পৰা ধুবুৰীলৈ, ধেমাজীৰ পৰা কোকৰাঝাৰলৈ, শিলচৰৰৰ পৰা গুৱাহাটীলৈ সমগ্ৰ অসমত শ্ৰমিক-কৃষকে প্ৰৱল বিক্ষোভ সংগঠিত কৰি “ভাৰত বচাও” দিৱস পালন কৰে৷ উল্লেখ্য ১৯৪২ চনৰ ঐতিহাসিক ৯ আগষ্ট “ভাৰত ত্যাগ” আন্দোলনৰ সোঁৱৰণত দেশৰ ১১ টা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু সংযুক্ত কৃষক মৰ্চাই এই কাৰ্যসূচীৰ আহ্বান জনাইছিল৷ তদনুসৰি অসমত আই এন টি ইউ চি, এ আই টি ইউ চি, চি আই টি ইউ, এইচ এম এছ, এ আই চি চি টি ইউ, এ আই ইউ টি ইউ চিৰ অসম শাখাবোৰে সন্মিলিতভাৱে গুৱাহাটীৰ গুৱাহাটী ক্লাৱ ৰ’টাৰীত পুৱা ১০ বজাৰ পৰাই বিক্ষোভ প্ৰদৰ্শন কৰে৷ অসমৰ পাঁচটা কৃষক সংগঠনেও যৌথভাৱে এই কাৰ্যসূচীত যোগ দিয়ে৷ প্ৰায় তিনি শতাধিক শ্ৰমিক-কৃষকে ক’ভিড বিধি মানি সমবেত হৈ “দেশৰ সম্পদ বিক্ৰী অভিযান বন্ধ কৰক”, “শ্ৰদ্ধেয় গোপীনাথ বৰদলৈৰ সুনাম আদানীৰ ওচৰত বিক্ৰী কৰিলে কিয়? বি জে পি চৰকাৰ জবাব দিয়ক”, “ভাৰতীয় তেল নিগমক আম্বানি নিগম কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰক”, ‘আম্বানী-আদানীৰ ওচৰত দেশ বিক্ৰী কৰা বি জে পি চৰকাৰ হায় হায়”, “শ্ৰমিক বিৰোধী শ্ৰম সংহিতা আৰু কৃষক বিৰোধী কৃষি আইন বাতিল কৰক”, “বৃহৎ পুঁজিপতিৰ হাতোৰাৰ পৰা দেশৰ সম্পদ ৰক্ষা কৰক” ইত্যাদি শ্লোগানেৰে গুৱাহাটী ক্লাৱ ৰ’টাৰী অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱা চ’ক উত্তাল কৰি তোলে৷ কামৰূপ মহানগৰ জিলা আৰক্ষী প্ৰশাসনৰ এক বিশাল আৰক্ষী বাহিনীয়ে বেৰিকেড সৃষ্টি কৰি বিক্ষোভকাৰীসকলক গ্ৰেপ্তাৰ কৰি সেই ঠাইতে প্ৰায় এঘণ্টা
আৱদ্ধ কৰি ৰাখে।পাছত অৱশ্যে মাইকযোগে ঘোষণা কৰি মুকলি কৰি দিয়ে৷ গুৱাহাটীৰ কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰে আই এন টি ইউ চিৰ সুমেৰ সিং গৌড়, এ আই টি ইউ চিৰ ৰমেন দাস, এই এম এছৰ সুমন হাজৰিকা, এ আই চি চি টি ইউৰ বীৰেণ কলিতা, এ আই ইউ টি ইউ চিৰ প্ৰমোদ ভাগৱতী আৰু চি আই টি ইউৰ তপন শৰ্মাই৷ ইয়াৰোপৰি সোমবাৰে শিলচৰ টাউন, কৰিমগঞ্জ, তিনিচুকীয়া টাউন, শদিয়া, ডিব্ৰুগড় টাউন, সোণাৰী, যোৰহাট, গোলাঘাট, নগাঁও, মৰিগাঁও, হোজাই, ধেমাজী, লালুক, বিশ্বনাথ, ৰাঙাপাৰা, বালিপাৰা, মঙলদৈ, ওদালগুৰি, হৰিশিঙা, গোৰেশ্বৰ, মুছলপুৰ, ৰঙিয়া, হাজো, আমিনগাঁও, ছয়গাঁও, নলবাৰী, পাঠশালা, ভৱানীপুৰ, মন্দিয়া, কয়াকুছি, বৰপেটা, বণিয়াকুছি, কলগাছিয়া, সৰভোগ, মাণিকপুৰ, বঙ্গাইগাঁও, ঢালিগাঁও, কোকৰাঝাৰ, বিলাসীপাৰা, ধুবুৰী আদি ঠাইতো শ শ শ্ৰমিক-কৃষকে কেন্দ্ৰৰ বি জে পি চৰকাৰৰ শ্ৰমিক আৰু কৃষক বিৰোধী নীতিৰ প্ৰতিবাদ জনায়।
No comments:
Post a Comment