অসম পশুধন নিগম, বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ উদ্যোগত ৰোগী আৰু আত্মীয়ক পশুপালনৰ প্ৰশিক্ষণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 11 August 2021

অসম পশুধন নিগম, বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ উদ্যোগত ৰোগী আৰু আত্মীয়ক পশুপালনৰ প্ৰশিক্ষণ

 



 



W7s News ষ্টাফৰিপোৰ্টাৰ : অসম পশুধন নিগমৰ প্ৰচেষ্টাত আৰু গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানৰ উদ্যোগত বুধবাৰে দিনযোৰা ভাৱে হাস্পতালখনৰ একাডেমিক হাৱত চিকিৎসাধীন ৰোগী আৰু ৰোগী সকলৰ আত্মীয়সকলক লৈ পশুপালন সম্পৰ্কীয় এক প্ৰশিক্ষণ প্ৰদান কৰা হয়।ৰোগী সকলৰ শংকা আতৰ কৰি মানসিক স্থিৰতা অক্ষুন্ন ৰাখি সুস্থ ব্যস্ততাপূৰ্ণ পৰিবেশ গঢ়়ি তোলাৰ উদ্দেশ্যে এই ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা হয়। এই উপলক্ষে এক অনুষ্ঠানত উপস্থিত থাকি অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই কয় 'কোনো ৰোগ চিকিৎসা  বিজ্ঞানৰ উৰ্ধত নহয়। চিকিৎসা সেৱাই যি দৰে এগৰাকী ৰোগীক সুস্থ কৰিব পাৰে ঠিক তেনেদৰে মানসিক প্ৰশান্তি আৰু ৰুচিপূৰ্ণ কৰ্মব্যস্ততাই ৰোগ নিৰাময়ৰ অন্যতম উপাদান হিচাপে অৰিহনা যোগায়। কৰ্মব্যস্ততাৰ মূল আধাৰ স্বনিৰ্ভৰশীলতা বুলি উল্লেখ কৰি অধ্যক্ষ শইকীয়াই বিজ্ঞানসন্মত প্ৰশিক্ষণৰ জৰিয়তে পশুপালন ক্ষেত্ৰত আত্মনিয়োগ কৰিলে নিজে স্বাৱলম্বী হোৱাৰ লগতে অধিক দায়বদ্ধতাৰে ৰাজ্যখনৰ প্ৰতিও বৰঙণি আগবঢ়াৱ পৰা যায় বুলি মন্তব্য কৰে। অনুষ্ঠানত বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকী, নিগমৰ পৰিচালন সঞ্চালক দিপালী দেৱী, প্ৰশাসনীয় বিষয়া ডাঃ পূৰ্ণানন্দ কোৱঁৰ আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে। ইতিমধ্যে অসম পশুধন নিগম আৰু বি বৰুৱা কেঞ্চাৰ প্ৰতি্ষ্ঠানে প্ৰতিমাহে এটাকৈ প্ৰশিক্ষণ কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাওঁ আজি ঘোষণা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here