অসমৰ লোকক শ্বিলঙলৈ নাযাবলৈ আহ্বান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 16 August 2021

অসমৰ লোকক শ্বিলঙলৈ নাযাবলৈ আহ্বান

 



অসম আৰক্ষীৰ সতৰ্কবাণী


W7s News :  নিউজ ডেস্ক: অসমৰ লোকক শ্বিলঙলৈ নাযাবলৈ আহ্বান অসম আৰক্ষীৰ। অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে তেওঁৰ টুইটাৰত ৰাজ্যবাসীক এই আহ্বান জনাইছে।শ্বিলঙত আইন শৃংখলাৰ অৱনতি। মেঘালয়ৰ উগ্ৰপন্থী সংগঠন এইছ এন এল চি  ৰ নেতা চেষ্টাৰফিল্ড থাংখিউক আৰক্ষীয়ে এনকাউণ্টাৰ কৰি হত্যা কৰাৰ পিছতে উত্তপ্ত হৈ পৰিছে মেঘালয়। শ্বিলঙৰ বিভিন্ন স্থানৰ পৰা প্ৰতিবাদকাৰীয়ে যান-বাহনত অগ্নিসংযোগ কৰাৰ বাতৰি আহিছে। সমগ্ৰ শ্বিলং চহৰতে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। মেঘালয়ৰ পৰিস্থিতি উত্তপ্ত হৈ পৰাত মেঘালয় চৰকাৰে শ্বিলং আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত ১৫ আগষ্টৰ সন্ধিয়া ৮ বজাৰ পৰা ১৭ আগষ্টৰ পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰাৰ লগতে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে। পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈ মেঘালয়ত বাহাল থাকিব এই নিৰ্দেশনা।এনে পৰিস্থিতিৰ বাবেই অসমৰ লোকৰ নিৰাপত্তাৰ কথা চিন্তা কৰিয়েই অসম আৰক্ষীয়ে অসমৰ লোকক শ্বিলঙলৈ নাযাবলৈ আহ্বান জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here