গুৱাহাটীত ডিজিটেল লাইব্ৰেৰীৰ সুবিধা প্ৰদানত ব্ৰিটিছ কাউন্সিলৰ জনপ্ৰিয়তা বৃদ্ধি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 16 August 2021

গুৱাহাটীত ডিজিটেল লাইব্ৰেৰীৰ সুবিধা প্ৰদানত ব্ৰিটিছ কাউন্সিলৰ জনপ্ৰিয়তা বৃদ্ধি

 


 




W7s News ষ্টাফৰিপোৰ্টাৰ :  ব্ৰিটিছ কাউন্সিলৰ ডিজিটেল লাইব্ৰেৰিৰডিজিটেল লাইব্ৰেৰীৰ প্ৰতি গুৱাহাটীৰ অধিক সংখ্যক গ্ৰন্থপ্ৰেমী, পঢ়ুৱৈ, প্ৰফেছনেল মানুহৰ আগ্ৰহ বৃদ্ধি পাইছে। আজিৰ ডিজিটেল-ফাৰ্ষ্ট পৃথিৱীত ব্ৰিটিছ কাউন্সিলত অন্তৰ্ভুক্ত গুৱাহাটীৰ সদস্যসকলে নিজৰ স্মাৰ্ট ডিভাইচ আৰু কম্পিউটাৰ স্ক্ৰীণতে শৈক্ষিক আৰু মনোৰঞ্জনমূলক কনটেণ্ট-ৰ বিপুল সম্ভাৰ লাভ কৰিব পাৰে। ‘অন-ডিমাণ্ড’কনটেণ্ট বৃদ্ধি পাই আছে কাৰণেব্ৰিটিছ কাউন্সিলে গুৱাহাটী তথা ভাৰতৰ অন্যান্য চহৰৰ ইউজাৰৰ কাৰণে ডিজিটেল লাইব্ৰেৰীৰ সুযোগ-সুবিধাক আৰু মজবুত কৰি তুলিছে। যাতে ইউজাৰসকলে সহজতে ইউকে তথা সমগ্ৰ বিশ্বৰ সৰ্বোত্তম কনটেণ্ট লাভ কৰিব পাৰে।  

ডিজিটেল লাইব্ৰেৰীৰ মোবাইল এপ ভাৰ্ছনত পোৱা যায় নিৰৱচ্ছিন্ন, ইণ্টাৰেক্টিভ আৰু পাৰ্ছ’নেলাইজড কাষ্টমাৰ জাৰ্ণিৰ অভিজ্ঞতা। যি সকলো কনটেণ্ট-ক একে ঠাইতে লৈ আহে, যাৰ ফলত সদস্যসকলে নিজৰ লাইব্ৰেৰীৰ কালেকশ্বনগঢ়ি তুলিব পাৰে। ব্ৰিটিছ কাউন্সিল ডিজিটেল লাইব্ৰেৰীৰ সদস্য হ’লেই গোটেই পৰিয়ালে একেখন ঠাইতে তথ্য আৰু মনোৰঞ্জনৰ কনটেণ্ট লাভ কৰিব পাৰিব। ইয়াত সহজতে পোৱা যাব ১০০ ৰো অধিক দেশৰ ১০.০০০ -ৰো অধিক বাতৰি কাকত আৰু আলোচনী, বিদ্যায়তনিক ক্ষেত্ৰৰ ব্যক্তি তথা পঢ়ুৱৈসকলৰ বাবে বিশ্বৰ আগশাৰীৰ উৎস JSTOR আৰু EBSCO-ৰ জৰিয়তে পোৱা যাব ১০,,০০০-ৰো অধিক একাডেমিক জাৰ্ণেল, আৰু ProQuest Central-ৰ জৰিয়তে পোৱা যাব ১৫,০০০-ৰো অধিক ফুল-টেক্সটস্কলাৰলি জাৰ্ণেল, ডিছাৰ্টেশ্বন, ৱৰ্কিং পেপাৰ, আৰু মাৰ্কেট ৰিপ’র্ট। ডিজিটেল লাইব্ৰেৰীত অজস্ৰ ধৰণৰ ছফ্টৱেৰ এপ্লিকেশ্বন আৰু প্ৰফেছনেল ডেভেলপমেণ্ট সম্বন্ধীয় বিষয়ৰ ভিডিঅ’টিউট’ৰিয়েল আৰু ট্ৰেইনিং ক’ৰ্ছ পোৱা যায়, আৰু লগতে ইংৰাজী ভাষাত দক্ষ হ’ব পৰাকৈ ভিডিঅ’ আৰু কনটেণ্টো পোৱা যায়।ডিজিটেল লাইব্ৰেৰী মনোৰঞ্জনৰো এক ঠাই হৈ উঠিছে। ইয়াত সদস্যসকলে নিজৰ আঙুলিৰ মূৰতে পাই যাব ২৫০০ ৰো অধিক গ্ৰাফিক নভেল, কমিক্স আৰু মেংগা, মুভি, পূৰ্ণ দৈৰ্ঘ্যৰ মিউজিকেল কনচাৰ্ট, বঁটা বিজয়ী কমেডি, তথ্যচিত্ৰ, আৰু টিভি শ্ব’। গুৱাহাটীত যোৱা ১২ মাহত ডিজিটেল লাইব্ৰেৰীৰ সদস্যৰ সংখ্যা তথা ইয়াৰ ব্যৱহাৰ উল্লেখযোগ্য ভাৱে বৃদ্ধি পাইছে। এই সময়ছোৱাত মাহেকীয়া গড় হিচাপে সদস্য সংখ্যা বৃদ্ধি পাইছে ১৬২ শতাংশ হাৰত। সদস্য হোৱাৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি ক’ব পৰা যায় যে, অডিঅ’বুক, অনলাইন বাতৰি কাকত, আলোচনী, জাৰ্ণেল ইত্যাদি কনটেণ্ট-ৰ জনপ্ৰিয়তাও উল্লেখযোগ্য ভাৱে বৃদ্ধি পাইছে। গুৱাহাটী নিবাসী তথা ডিজিটেল লাইব্ৰেৰীৰ সদস্য ধীৰজ জয়ছৱাল (৪২) ক’লে, “মই শেহতীয়াকৈ ব্ৰিটিছ কাউন্সিল ডিজিটেল লাইব্ৰেৰীৰ সদস্য হৈছোঁ। মই ইয়াৰ বিশাল সংগ্ৰহ চাই মুগ্ধ হৈ গৈছোঁ। ইয়াৰ সদস্য হ’বই লাগিব। তেতিয়া সকলো বিষয়ত শেহতীয়া তথ্য লাভ কৰিব পৰা যায়, লগতে সমগ্ৰ বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় বাতৰি কাকত, ই-বুক, আলোচনী, জাৰ্ণেল ইত্যাদি পঢ়াৰ সুযোগো পোৱা যায়। এই মহামাৰীৰ সময়তো মোৰ বৌদ্ধিক আৰু মনোৰঞ্জনৰ চাহিদা পূৰণ কৰিছে ব্ৰিটিছ কাউন্সিলে। মই তো কওঁ, আজিৰ যুগত সকলে এই ডিজিটেল লাইব্ৰেৰীৰ সদস্য হ’ব লাগে।”

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here