শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 12 August 2021

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা

 





W7s News নিউজ ডেস্ক: গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ পৰা সম্বৰ্ধনা গ্রহণৰ পিছতে লাভলীনা বৰগোহাঁইয়ে কয়' অসম চৰকাৰ আৰু সমগ্র অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ২০২৪ৰ পেৰিছ অলিম্পিকত সোণৰ পদক লাভ কৰাৰ প্রতিশ্রুতি দিলোঁ।অসম তথা উত্তৰ-পূবত আছে বহু সম্ভাৱনাপূৰ্ণ খেলুৱৈ।এইসকলক উলিয়াই অনাৰ দায়িত্ব চৰকাৰৰ। অভিভাৱক সকলে নিজ সন্তানক খেলাত বাধা দিব নালাগে। উল্লেখ্য, লাভলীনাক অসম চৰকাৰে প্ৰদান কৰিলে এক কৌটি টকাৰ চেক।প্ৰতিমাহে লাভলীনাক চৰকাৰে দিব এক লাখকৈ টকা।গুৱাহাটীৰ এটা পথ লাভলীনা বৰগোহাঁইৰ নামেৰে নামকৰণ কৰা হ’ব। 

টকিঅ’ অলিম্পিকত পদক লাভেৰে অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ ডি এছ পি চাকৰিত যোগদান কৰিবলৈ নিমন্ত্ৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। লাভলীনাৰ নামত সৰুপথাৰত ষ্টেডিয়াম নিৰ্মাণ কৰিব চৰকাৰে। লাভলীনা বৰগোহাঁইৰ চাৰিগৰাকী প্ৰশিক্ষকক ১০ লাখ টকাকৈ প্ৰদান কৰিব অসম চৰকাৰে।

পেৰিছ অলিম্পিকলৈ প্ৰস্তুতি চলাবলৈ প্ৰতিমাহে লাভলীনালৈ চৰকাৰে আগবঢ়াব ১ লাখ টকাৰ বিশেষ জলপানী।'


#lovelinaborgohain#kalakhetra #guwahati#assam

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here