W7S News :ষ্টাফ ৰিপোৰ্টৰ: গুৱাহাটী : অসম চৰকাৰৰ বন বিভাগৰ গুৱাহাটী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ খানাপাৰা বন শিবিৰৰ এটা তহলদাৰী দলে আজি সন্ধিয়াৰ পূৰ্বে মেঘালয়ৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা অৱস্থাত এখন পাইনকাঠ ভৰ্তি ট্ৰাক জব্দ কৰে । সম্প্ৰতি ট্ৰাকসহ কাঠখিনী বন বিভাগৰ বশিষ্ঠস্থিত ডিপোত ৰখা হৈছে । বন বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি মেঘালয়ৰ দিশৰ পৰা গুৱাহাটীলৈ বা গুৱাহাটী হৈ ৰাজ্যৰ কোনো স্থানলৈ ট্ৰাকৰে কাঠ আহিব পাৰে বুলি পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিনী বল্লভ শইকীয়াই গোপন সূত্ৰে জানিব পাৰি খানাপাৰা বন শিবিৰৰ খণ্ড বন বিষয়া প্ৰহ্লাদ গায়নক দুপৰীয়াৰ পৰা বনকর্মীৰ দল লৈ ৰাষ্ট্ৰীয় ঘাইপথত তহল দিবলৈ নিৰ্দেশ দিছিল । অৱশেষত প্ৰায় ৫ মান বজাত এ এছ ২৭ চি ৬৯০৭ নম্বৰৰ ট্ৰাকখন কইনাধৰাত সন্দেহ জনকভাৱে আহি থকা প্রত্যক্ষ কৰি বনকর্মীৰ দলটোৱে কৌশলৰে ৰখাবলৈ সক্ষম হয় । অৱশ্যে ট্ৰাকখন ৰখায়ে চালক জন পলাই যাবলৈ সক্ষম হয় । বনকর্মীৰ দলটোৱে তালাচী কৰাত প্ৰায় ৪ লাখ টকা মূল্যৰ ১৫ ঘন মিটাৰ পাইন কাঠ কৌশলেৰে অনাটো ধৰা পৰে । অৱশ্যে ট্ৰাকখনত ১০ ঘন মিটাৰ কাঠ সৰবৰাহ কৰিবলৈ অনুমতি আছিল যদিও ৫ ঘন মিটাৰ কাঠ অবৈধভাৱে অনটো ধৰা পৰে ।
Post Top Ad
Responsive Ads Here
Thursday, 12 August 2021

খানাপাৰাত বন বিভাগৰ অভিযান ; মেঘালয়ৰ পৰা অবৈধভাৱে পাইন কাঠ সৰবৰাহ কৰা ট্ৰাক জব্দ
W7S News :ষ্টাফ ৰিপোৰ্টৰ: গুৱাহাটী : অসম চৰকাৰৰ বন বিভাগৰ গুৱাহাটী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ খানাপাৰা বন শিবিৰৰ এটা তহলদাৰী দলে আজি সন্ধিয়াৰ পূৰ্বে মেঘালয়ৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা অৱস্থাত এখন পাইনকাঠ ভৰ্তি ট্ৰাক জব্দ কৰে । সম্প্ৰতি ট্ৰাকসহ কাঠখিনী বন বিভাগৰ বশিষ্ঠস্থিত ডিপোত ৰখা হৈছে । বন বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি মেঘালয়ৰ দিশৰ পৰা গুৱাহাটীলৈ বা গুৱাহাটী হৈ ৰাজ্যৰ কোনো স্থানলৈ ট্ৰাকৰে কাঠ আহিব পাৰে বুলি পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিনী বল্লভ শইকীয়াই গোপন সূত্ৰে জানিব পাৰি খানাপাৰা বন শিবিৰৰ খণ্ড বন বিষয়া প্ৰহ্লাদ গায়নক দুপৰীয়াৰ পৰা বনকর্মীৰ দল লৈ ৰাষ্ট্ৰীয় ঘাইপথত তহল দিবলৈ নিৰ্দেশ দিছিল । অৱশেষত প্ৰায় ৫ মান বজাত এ এছ ২৭ চি ৬৯০৭ নম্বৰৰ ট্ৰাকখন কইনাধৰাত সন্দেহ জনকভাৱে আহি থকা প্রত্যক্ষ কৰি বনকর্মীৰ দলটোৱে কৌশলৰে ৰখাবলৈ সক্ষম হয় । অৱশ্যে ট্ৰাকখন ৰখায়ে চালক জন পলাই যাবলৈ সক্ষম হয় । বনকর্মীৰ দলটোৱে তালাচী কৰাত প্ৰায় ৪ লাখ টকা মূল্যৰ ১৫ ঘন মিটাৰ পাইন কাঠ কৌশলেৰে অনাটো ধৰা পৰে । অৱশ্যে ট্ৰাকখনত ১০ ঘন মিটাৰ কাঠ সৰবৰাহ কৰিবলৈ অনুমতি আছিল যদিও ৫ ঘন মিটাৰ কাঠ অবৈধভাৱে অনটো ধৰা পৰে ।
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment