আগন্তক শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম চৰকাৰৰ মাজত অসামঞ্জস তাৰ বাবে নিযুক্তি প্ৰক্ৰিয়াত বঞ্চিত হোৱাৰ আশংকা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 8 August 2021

আগন্তক শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম চৰকাৰৰ মাজত অসামঞ্জস তাৰ বাবে নিযুক্তি প্ৰক্ৰিয়াত বঞ্চিত হোৱাৰ আশংকা

 


গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি এড চূড়ান্ত বর্ষৰ প্ৰশিক্ষাৰ্থী সকলক ন্যায় দিয়াৰ আহ্বান




W7s News ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ৩৯ খন শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় (বি এড কলেজ) ৰ প্ৰশিক্ষাৰ্থীয়ে সাম্প্ৰতিক সময়ত বিশ্ববিদ্যালয় তথা চৰকাৰী বিভাগৰ অসামঞ্জস তাৰ বাবে অন্ধকাৰ ভৱিষ্যতৰ দিশে আগবঢ়াৰ অভিযোগ উত্থাপন হৈছে। একাংশ প্ৰশিক্ষাৰ্থীয়ে কৰা অভিযোগ অনুসৰি ২০১৯ চনত টেট পৰীক্ষাত চৰকাৰী অনুজ্ঞাৰ ভিত্তিত বহিবলৈ দিয়া হৈছিল কিন্তু প্ৰশিক্ষণ সম্পূৰ্ণ নোহোৱাৰ বাবেই দুবাৰকৈ অনুষ্ঠিত হোৱা নিয়োগ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব নোৱাৰিলে। তদুপৰি এইবাৰ হ'বলগীয়া নিযুক্তি প্ৰক্ৰিয়াতো বিশ্ববিদ্যালয়ৰ চৰম অনিহাৰ বাবেই আগষ্ট মাহতেই শেষ হ'ব লগীয়া পাঠ্যক্ৰমৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নোহোৱাৰ বাবে আকৌ প্ৰশিক্ষাৰ্থীসকল বঞ্চিত হ'বলগীয়া হ'ব। বি এড পৰীক্ষা সমূহ জুলাই-আগষ্ট মাহত সমাপ্ত হয়। কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ে লেহেমীয়া গতিত ২৮ আগষ্টৰ পৰা চূড়ান্ত পৰীক্ষা আৰম্ভ কৰি ১৪ ছেপ্টেম্বৰত লিখিত পৰীক্ষা শেষ কৰি আকৌ ব্যৱহাৰিক পৰীক্ষা পাছলৈ ৰাখিছে অৰ্থাৎ পৰীক্ষাৰ ফলাফল দি সম্পূৰ্ণ কৰালৈ প্ৰায় অক্টোবৰ মাহ পোৱাবগৈ বুলি একাংশ প্ৰশিক্ষাৰ্থীয়ে জানিবলৈ দিয়ে। লগতে প্ৰশিক্ষাৰ্থী সকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ১৫ ছেপ্টেম্বৰৰ ভিতৰত বি এড চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰি শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত  অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ তথা চৰকাৰক অনুৰোধ জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here