তেজপুৰ বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত যুক্তিহীন আৰু অমানৱীয় : এছ এফ আই এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 8 August 2021

তেজপুৰ বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত যুক্তিহীন আৰু অমানৱীয় : এছ এফ আই এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰক

 



W7s News ষ্টাফৰিপোৰ্টাৰ: কৰ'না অতিমাৰীৰ সময়ত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে যুক্তিহীনভাৱে স্নাতকোত্তৰ আৰু পি এইচ ডি পাঠ্যক্ৰমৰ নামভৰ্তি মাচুল বৃদ্ধিৰ কৰাৰ সিদ্ধান্তক ভাৰতৰ ছাত্ৰ ফেডাৰেচন(এছ এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে কঠোৰ ভাষাৰে গৰিহণা জনাইছে । এই সম্পর্কে এছ এফ আই, অসম ৰাজ্যিক কমিটিৰ সভাপতি কাশ্যপ চৌধুৰী আৰু সম্পাদক নিৰংকুশ নাথে কয় ' যি সময়ত  ইউ জি চি-য়ে মাচুল সংগ্ৰহ কৰোঁতে ক'ভিড সৃষ্ট অৰ্থনৈতিক বিপর্যয়লৈ লক্ষ্য ৰাখিবলৈ পৰামৰ্শক দিছিল, সেই সময়ত এনে পৰামৰ্শক সম্পূৰ্ণৰূপে নস্যাৎ কৰি ক'ভিড অৱস্থাৰ সুযোগ লৈ তেজপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিভিন্ন শিতানত কৌশলেৰে মাচুল বৃদ্ধিহে কৰিছে আৰু আচৰিত ধৰণে এই মাচুল আদায় কৰাৰ বাবে কেৱল দুটা দিনৰ সময়সীমা প্ৰদান কৰিছে। এই ঘোষণা যুক্তিহীন হোৱাৰ লগতে অমানৱীয়। উল্লেখ্য চিমেষ্টাৰ মাচুল পূৰ্বৰ বৰ্ষৰ মাচুলতকৈ ১২০০ৰ পৰা ২০০০ টকালৈ বৃদ্ধি কৰিছে। উদাহৰণস্বৰূপে, পি এইচ ডিত ১৩৫০ টকা, ইনটিগ্ৰেটেড এম এছ চিত ২০০০ টকা, ইনটিগ্ৰেটেড এম কম ১২০০ টকা, এম এ আৰু এম।কমৰ মাচুল ১৫০০ টকাকৈ বৃদ্ধি কৰিছে। মন কৰিব লগীয়া যে পূৰ্বৰ মাচুলৰ সংগ্ৰহ কৰা শিতান সমূহ যেনে লাইবেৰী, চিকিৎসা সেৱা, লেবৰেটৰী, আন্তঃগাঁথনি, বিদ্যুৎ, উন্নয়ন পুঁজি আদি কোভিড পৰিস্থিতিত শিক্ষানুষ্ঠানখন বন্ধ হৈ থকাৰ ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহাৰ কৰা নাই আৰু পুনৰ কৰ্তৃপক্ষই এই সমূহ শিতানতে মাচুল বৃদ্ধি কৰিছে।

এই বৰ্দ্ধিত মাচুলৰ ফলত ১৫০ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব পৰা নাই। বৰ্দ্ধিত মাচুল হ্ৰাস কৰাৰ দাবী বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধিয়ে কৰ্তৃপক্ষৰ লগত আলোচনা কৰাৰ পিছতো কৰ্তৃপক্ষ নিৰ্বিকাৰ হৈ আছে। মন কৰিবলগীয়া কথা যে কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব হৈ আহিছে। কৰ্তৃপক্ষৰ এনে নিৰ্লিপ্ত ভূমিকা চৰম অগণতান্ত্ৰিক মানসিকতাৰ প্ৰতিফলন। ক'ভিডৰ সময়ত বিশ্ববিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীৰ বৃত্তি নিয়মীয়াকৈ প্ৰদান কৰাৰ সলনি মাচুল বৃদ্ধি কৰাৰ ঘটনা অতি দুৰ্ভাগ্যজনক। এনে প্ৰেক্ষাপটত আমি এছ এফ আইয়ে বৰ্দ্ধিত মাচুল প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছোঁ। মাচুল প্ৰত্যাহাৰ নকৰিলে এছ এফ আইয়ে গণতান্ত্ৰিক আন্দোলনৰ পথ গ্ৰহণ কৰিব।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here