বিজেপি চৰকাৰৰ চৰম প্ৰতাৰণাৰ প্ৰতিবাদত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাৰ সংবাদ মেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 10 August 2021

বিজেপি চৰকাৰৰ চৰম প্ৰতাৰণাৰ প্ৰতিবাদত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাৰ সংবাদ মেল

 





অসমৰ ছয়জনগোষ্ঠীৰ প্ৰতি বিজেপি চৰকাৰে কেৱল মাত্ৰ প্ৰতাৰণাৰ কৰিছে



অসমে জি এছ টিৰ অংশ হিচাপে পাব লগীয়া মুঠ ১৬২৩কোটি টকা এতিয়ালৈকে  কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিয়া নাই



অসমৰ স্বাভিমান গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো  পুঁজিপতি আদানীৰ হাতত ৫০বছৰৰ বাবে গতাই দি বিমান বন্দৰ টোৰ নতুন নামকৰণৰ  বাবে ফলক এখন  আৰি থোৱা কাৰ্যৰ বিৰোধিতা



প্ৰধান মন্ত্ৰী আৱাসযোজনাৰ অধীনত "সকলোৰে বাবে ঘৰ" আঁচনিৰ  ক্ষেত্ৰতো বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ 





W7s News ষ্টাফৰিপোৰ্টাৰ: 

'বিজেপি চৰকাৰে অসমৰ সহজ সৰল জনতাক কেৱলমাত্ৰ প্ৰতাৰণাহে কৰি আহিছে। বিজেপি দল প্ৰতাৰক, প্রবঞ্চক আৰু অসমৰ ৰাইজৰ প্ৰতি তেঁওলোকে কেৱলমাত্ৰ অনীহা প্ৰকাশ কৰি আহিছে।

তেওঁলোকে শাসনভাৰ গ্ৰহণ কৰি থকাৰ কোনো অধিকাৰ নাই- এইদৰে কয় 

অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাই। মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় ' অসমৰ ছয়জনগোষ্ঠীৰ প্ৰতি এইখন চৰকাৰে কেৱল মাত্ৰ প্ৰতাৰণাৰ কৰিছে। অসমৰ আহোম,কোচ ৰাজবংশী,চাহজনগোষ্ঠীকে আদি কৰি ছয় জনগোষ্ঠীয়ে দীৰ্ঘ দিন ধৰি জনজাতিৰ মৰ্য্যদাৰ দাবীৰে যি আন্দোলন কৰি আহিছে সেই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই। কিন্তু তাৰ বিপৰীতে অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ ১২টা জনগোষ্ঠীৰ লোকক  ৯ আগষ্টত  অনুসূচিত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰাৰ উদ্দেশ্যে লোকসভাত বিল পাছ কৰিলে।কিন্তু অসমৰ ছয় জনগোষ্ঠীৰ  দীৰ্ঘ দিনীয়া দাবীৰ ক্ষেত্ৰত   কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। তদুপৰি  অসমৰ স্বাভিমান গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীসধন্য পুঁজিপতি আদানীৰ হাতত ৫০বছৰৰ বাবে গতাই দি বিমান বন্দৰ টোৰ নতুন নামকৰণৰ  বাবে ফলক এখন  আৰি থোৱাৰ কথা জানিব পৰা গৈছে।এই   বিষয়েও  অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তীব্ৰ বিৰোধিতা কৰিছে আৰু তীব্ৰ ভাষাৰে গৰিহণা দিছে যে   বিজেপি চৰকাৰে আদানী গ্ৰুপৰ  লগত কৰা চুক্তিখনত    লোকপ্ৰীয় গোপীনাথ বৰদলৈৰ নামটো যে উঠাই দিব নালাগে এই বিষয়ে চুক্তিপত্ৰত উল্লেখ আছিল নে নাই এই বিষটো  ৰাজহুৱা কৰিব। বিজেপি নেতৃত্বাধীন   কেন্দ্ৰীয় চৰকাৰে অসমৰ  বিশেষ ৰাজ্যৰ মৰ্য্যদা কৰ্তনৰ বিৰুদ্ধেও  তীব্ৰ ক্ষোভ  প্ৰকাশ কৰি তেওঁ লগতে কয় 'এহাতে কেন্দ্ৰীয় চৰকাৰে অসমৰ বিশেষ ৰাজ্যৰ মৰ্য্যদা কৰ্তন কৰিছে আনহাতে  একে সময়তে জি এছ টিৰ জৰীয়তে ৰাজ্যখনৰ পৰা সংগ্ৰহ কৰা  প্ৰাপ্য অংশৰ  পৰাও বঞ্চিত কৰা পৰিলক্ষিত হৈছে। অসমে জি এছ টিৰ অংশ হিচাপে পাব লগীয়া মুঠ ১৬২৩কোটি টকা এতিয়ালৈকে  কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিয়া নাই। অসমত "প্ৰধান মন্ত্ৰী আৱাসযোজনাৰ অধীনত "সকলোৰে বাবে ঘৰ" আঁচনিৰ  ক্ষেত্ৰতো বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। ২০২০-২১ বিত্তীয় বৰ্ষৰ ভিতৰত অসমত ৮৮১.৮৩৩ কাম ঘৰ  নিৰ্মাণৰ যি লক্ষ্য ধাৰ্য্য কৰিছিল তাৰ আধাও অৰ্থাৎ ৫০ শতাংশ কামো সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই এতিয়ালৈ। এনেবোৰ তথ্য ই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ যে সৰ্ব দিশত সম্পূৰ্ণ ব্যৰ্থ হৈছে সেই কথাটো প্ৰতিপন্ন কৰিছে। তেওঁলোকৰ উন্নয়নৰ শ্লোগানটো  যে প্ৰকৃততে  এক   মিছা কথা তাক প্ৰতিপন্ন কৰিছে। সংবাদ মাধ্যমৰ ওপৰত ৰঙা চকু প্ৰদৰ্শন কৰিছে এইখন চৰকাৰে।তাৰ শেহতীয়া উদাহৰণ হৈছে 'দা ক্ৰছ কাৰেণ্ট' (The Cross Current) নামৰ ৱেব পৰ্টেলৰ ওপৰত চলোৱা ভিত্তিহীনগোচৰ।এই ক্ষেত্ৰত চৰকাৰে জনসংযোগ বিভাগ তথা আৰক্ষী প্ৰশাসনৰ ওপৰত হেঁচা প্ৰয়োগ কৰি নিৰপেক্ষ বাতৰি পৰিৱেশন কৰা সকলৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিয়াই আনিছে। যাক আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা ধিক্কাৰ জনাইছোঁ।এই ঘটনাই এই কথা বাৰম্বাৰ  প্ৰমান কৰে যে আজিৰ পৰিবেশত সংবিধান প্ৰদত্ত বাক স্বাধীনতা সাংঘাতিক ধৰণে খৰ্ব কৰা হৈছে। সাংবাদিক সকলৰ দায়িত্ব অকল চৰকাৰৰে ভুলৰ  নহয়, ৰাইজ তথা সমাজতো কিবা ভুল ভ্ৰান্তি হ'লে উনুকিৱাই দিয়া।সেইটো তেওঁলোকৰ মহান কৰ্তব্য।যদি সাংবাদিক সকলে নিজৰ এই  দায়িত্ব পালন কৰিব নোৱাৰে তেন্তে তেওঁলোকে কি কৰিব।যদি চৰকাৰক তোষামোদেই কৰিব লগা হয়  তেন্তে আমাৰ সমাজখন কোন দিশে গতি কৰিব। অসম  প্ৰদেশ কংগ্ৰেছ কমিটিয়ে 'দা ক্ৰছ কাৰেণ্ট'

(" The Cross Current") সংবাদ গোষ্ঠীৰ সাংবাদিক জনৰ প্ৰতি বিজেপি চৰকাৰৰ আচৰণক  কঠোৰ ভাষাৰে গৰিহণা দিছো। অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ লগত থকা সীমা বিবাদ সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপ সমূ্হৰ ওপৰত আমি সন্দেহ প্ৰকাশ কৰিছো।কিয়নো অসমৰ  মুখ্যমন্ত্ৰীয়ে মেঘালয়ৰ মুখ্য মন্ত্ৰীৰ সৈতে সীমা বিবাদ সন্দৰ্ভত এক আলোচনাত মিলিত হৈছিল। সেয়া আমি ভাল পাইছো যদিও তেওঁ এই আলোচনাত কি সিদ্ধান্ত লোৱা হ'ল অসম বিধানসভাৰ যোগেদি অসমৰ ৰাইজক জনোৱা উচিত আছিল। কিন্তু আমি সংবাদ মাধ্যমৰ যোগেদিহে ইয়াৰ খবৰ পাইছো। সোমবাৰে বিধানসভাৰ মজিয়াত এই বিষয়ৰ ওপৰত আলোচনা বিচাৰি কংগ্ৰেছ বিধায়িনী দলৰ নেতা  তথা বিৰোধী দলৰ দলপতি  দেৱব্ৰত শইকীয়াই অনুৰোধ জনাইছিল।তাৰপিছতো এই সন্দৰ্ভত তেওঁৰ প্ৰশ্নৰ ওপৰত সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰীয়ে সঠিক উত্তৰ পোৱা নগ'ল। অসমৰ  মুখ্যমন্ত্ৰীয়ে মেঘালয়ৰ মুখ্য মন্ত্ৰীৰ লগত কি আলোচনা কৰিলে আৰু এই বিষয়ে প্ৰধান মন্ত্ৰীৰ লগত কি আলোচনা হ'ল  সেই সকলোবোৰ কথা ৰাজহুৱা কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছে দাবী উত্থাপন কৰিছে।' সংবাদমেলত দলৰ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here