কৃষ্ণ বন্দনাৰে মুখৰ ৰাজ্যৰ আকাশ বতাহ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 30 August 2021

কৃষ্ণ বন্দনাৰে মুখৰ ৰাজ্যৰ আকাশ বতাহ

 



ক'ভিড বিধিৰে ৰাজ্যজুৰি জন্মাষ্টমী পালন 


W7s News ষ্টাফৰিপোৰ্টাৰ : জগতৰ সৃষ্টি কৰ্তাৰ আৰাধনাৰে সোমবাৰে মুখৰ হৈ পৰে সমগ্ৰ দেশ তথা ৰাজ্যৰ আকাশ বতাহ। পবিত্ৰ জন্মাষ্টমী সোমবাৰে সমগ্ৰ দেশ তথা ৰাজ্যজুৰি ক'ভিড বিধি মানি পালন কৰা হয়। জন্মাষ্টমী উপলক্ষে ভগৱান শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰ হৈ পৰে নামঘৰ, মন্দিৰ সমূহ। বৰদোৱা, বৰপেটা, মাজুলীৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ সৰু বৰ নামঘৰ, মন্দিৰ সমূহত পুৱাৰে পৰা ভক্ত সকলে ক'ভিড বিধি মানি জগতৰ সৃষ্টি কৰ্তাৰ আৰাধনা কৰে।

 জন্মাষ্টমী উপলক্ষে শিশু কৃষ্ণৰ গুণ-গৰিমা, বন্দনাৰে মুখৰিত হৈ পৰে চৌদিশ। সনাতন ধৰ্মাৱলম্বী সকলৰ জনবিশ্বাস অনুসৰি সমগ্ৰ বিশ্বত যেতিয়া অন্যায়-অত্যাচাৰেৰে ভৰি পৰিছিল, তেতিয়াই বিশ্ববাসীক ৰক্ষা কৰিবলৈ আৰু সঠিক পথ দেখুৱাবলৈ ভগৱান বিষ্ণুৱে মানৱ ৰূপ ধৰি জন্মগ্ৰহণ কৰিছিল।ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলী জিলাৰ মাজৰ দেউৰী গাঁৱৰ ৰাজহুৱা নামঘৰৰ লগতে গুৱাহাটী মহানগৰীতো এইবাৰ ক'ভিড বিধি মানি জন্মাষ্টমী পালন কয়। সেই অনুসৰি উলুবাৰীৰ ইস্কন মন্দিৰ প্ৰাংগণত শ্ৰীকৃষ্ণৰ নাম কীৰ্ত্তন সীমিত সংখ্যক ভক্তৰ উপস্থিতিত ক'ভিড বিধি মানি পালন কৰা হ'য়। সেইদৰে হৰেকৃষ্ণ মুভমেণ্টৰ উদ্যোগত আমিনগাঁৱত থকা মন্দিৰ প্ৰাংগণত ক'ভিড বিধি মানি জন্মাষ্টমী পালন কৰা হয়। ইফালে  বিশ্ব হিন্দু পৰিষদ গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবোৰো বিশ্ব পৰিষদৰ প্ৰতিষ্ঠা দিৱস কৃষ্ণ জন্মাষ্টমী উদযাপন কৰা হয়। সেই অনুসৰি সোমবাৰে ৮  বজাত উত্তৰ গুৱাহাটী পানবজাৰস্হিত  মহানগৰ জিলা কাৰ্যালয়ত ধৰ্মধ্বজ উত্তোলনৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।  বিশ্ব হিন্দু পৰিষদৰ অন্তৰ্গত মুঠ ১২টা প্ৰখণ্ড জালুকবাৰী, লালগনেশ, উত্তৰ গুৱাহাটী, ফাঁচী বজাৰ, নুনমাটি, বিষ্ণুপুৰ, খানাপাৰা,উজানবজাৰ, নাৰেংগী, উলুবাৰী, মালিগাওঁ আৰু হেঙেৰাবাৰীত আয়োজন কৰা চিত্ৰাংকণ প্ৰতিযোগিতা,  শিশুৰ  কৃষ্ণ সজোৱা প্ৰতিযোগিতা, আয়তীসকল দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰৰ উদ্যোগত দিছপুৰস্থিত সাৰ্বজনীন পূজা সমিতি প্ৰাঙ্গনত অনুষ্ঠিত ধৰ্মালোচনা সভাত মুখ্য আলোচক হিচাপে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম শাখাৰ সভাপতি ধীৰেণ শৰ্মা। আনহাতে বিশ্ব হিন্দু পৰিষদৰ জালুকবাৰী প্রখণ্ডৰ উদ্যোগত লংকেশ্বৰ মন্দিৰ প্ৰাংগণত ২৯ আৰু ৩০ আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয়। এই উপলক্ষে গছপুলি ৰোপন, ধৰ্মালোচনা সভা অনুষ্ঠিত হোৱাৰ লগতে চিত্ৰাংকন আৰু কৃষ্ণ ৰূপ প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰা হয়। সেইদৰে ৰূপনগৰ সেৱা মন্দিৰ উন্নয়ন সমিতিৰ নামঘৰত দময়ন্তী ডেকাৰ পৰিচালনাত নাম-কীৰ্তন কৰাৰ লগতে লাচিত নগৰ, গোপাল নগৰ, গীতা মন্দিৰ, শ্যাম মন্দিৰ, লাচিত নগৰৰ হনুমান মন্দিৰ, দিছপুৰৰ জানকী বল্লভ মন্দিৰ আদিত জন্মাষ্টমী পালন কৰা হয়। হিন্দু ধৰ্মাৱলম্বী লোক সকলে জন্মাষ্টমী উপলক্ষে নিজ বাস গৃহতো নাম- কীৰ্ত্তনেৰে ভগবান শ্ৰীকৃষ্ণৰ আৰাধনা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here