দীপৰ বিলৰ পাৰত জি এম চিয়ে অবৈধভাৱে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি আৱৰ্জনা পেলোৱা কাৰ্যক লৈ ব্যাপক প্ৰতিক্রিয়া । - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 12 August 2021

দীপৰ বিলৰ পাৰত জি এম চিয়ে অবৈধভাৱে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি আৱৰ্জনা পেলোৱা কাৰ্যক লৈ ব্যাপক প্ৰতিক্রিয়া ।

W7S News:ষ্টাফৰিপোৰ্টাৰ

গুৱাহাটী  পৌৰ নিগমে  ( জি এম চি ) দীপৰ  বিলৰ পাৰত শেহতীয়াকৈ অবৈধভাৱে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি গুৱাহাটী মহানগৰীৰ জাৱৰ - যৌথৰ আৰু গেলা পঁচা , দূষিত আৱৰ্জনা পেলোৱাক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত দীপৰ বিলৰ সংৰক্ষণৰ হকে জন্মলগ্নৰে পৰা কাম কৰি অহা ৰংমন ট্যুৰিজিম ছ'চাইটিৰ কৰ্মকর্তা ক্ৰমে প্ৰমোদ কলিতা , পৱন কলিতা ( বিৰাজ ) , কন্দৰ্প কলিতা , অখিল ৰংপীয়ে জানিবলৈ দিয়া মতে দীপৰ বিলখনক  বিজ্ঞানসন্মতভাৱে প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰি সংৰক্ষণ কৰিবৰ বাবে ৰাষ্ট্রীয় সেউজ ন্যায়াধীকৰণ চমুকৈ এন জি টিয়ে জি এম চিক ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল বিগত মে মাহত । তাৰ পাছত জি এম চিয়ে চন্দ্ৰপুৰত প্রায় এমাহ ধৰি আৱৰ্জনা পেলাই যদিও তাত ৰাইজে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাত বাধ্য হৈ তাত পেলোৱা কার্য বন্ধ কৰিব লগীয়া হয় । কিন্তু এন জি টিৰ  নিৰ্দেশত বন্ধ কৰি ৰখা ডাম্পিং গ্ৰাউণ্ডৰ পৰা চাৰিদিন পূৰ্বে  মাত্ৰ ডেৰ কিঃমিঃ নিলগৰ পশ্চিম বৰাগাওঁৰ পৰিৱেশ সংবেদনশীল অঞ্চলৰ বেলৰতলৰ হাউছফেডৰ প্ৰায় ৬০ বিঘা মাটিত পুনৰ ডাম্পিং গ্ৰাউণ্ড স্থাপনৰে  পৰিবেশৰ প্ৰতি  চৰম ভাবুকিৰ সৃষ্টি  কৰি অবৈধভাৱে দিনে নিশাই আৱৰ্জনা পেলাই আহিছে । কিন্তু সেই আৱৰ্জনা সমূহ পোনে পোনে দীপৰ বিল সংযোগী বাহিনী নৈত পৰিছে আৰু দীপৰ বিলৰ পানী পূৰ্বতকৈ অধিক প্ৰদূষিত হৈ পৰিছে । যি দীপৰ বিলক সংৰক্ষণৰ বাবে এন জি টিয়ে ডাম্পিং গ্ৰাউণ্ড বন্ধৰ নিৰ্দেশ দি তলা লগাই দিছিল সেই দীপৰ বিলক পুনৰ ন উদ্যমৰে পুনৰ দীপৰ বিলক ধ্বংস কাৰ্যত লিপ্ত হৈছে । কিয়নো পূৰ্বৰ ডাম্পিং গ্ৰাউণ্ডটোৱে দীপৰ বিলক লাহে লাহে প্ৰদূষিত কৰিছিল । কিন্তু এইবাৰ আৱৰ্জনা দীপৰ বিল সংযোগী বাহিনী নৈত পৰাৰ পাছত পোনে পোনে বিলৰ পানীক প্ৰদূষিত কৰিছে । ইতিমধ্যে বিলৰ পানী দূষিত হৈ পৰাৰ পাছত আগৰ দৰে কাষৰীয়া ৰাণী বা গড়ভঙা বনাঞ্চলৰ  পাহাৰৰ পৰা দীপৰলৈ  খাদ্যৰ সন্ধানত বা জলকেলিৰ  বাবে অহা বনৰীয়া হাতীৰ সংখ্যায়ো কমি গৈছে । সমান্তৰালভাবে এসময়ত দেশী বিদেশী পৰিভ্ৰমী চৰাইৰ বিচৰণভূমিৰ বাবে বিশ্ব বিখ্যাত দীপৰলৈ অহা চৰাইৰ সংখ্যায়ো উদ্বেগজনক ভাবে হ্ৰাস পাইছে । তেনেদৰে আজাৰা ছাত্ৰ সন্থাৰ উপদেষ্টা অলকেশ নাথ , মইনাখোৰোং - পামহীৰ সামাজিক , সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন ইয়ং গ্ৰীণ ক্লাৱৰ কৰ্মকর্তা উৎপল কুমাৰ দাস , ধীৰাজ টুমুং , বিজয় বড়োকে ধৰি কেবাজনেও জি এম চিক শীঘ্ৰে পশ্চিম বৰাগাঁওত  অবৈধভাৱে আৱৰ্জনা পেলোৱা কার্য বন্ধ কৰিবলৈ দাবী জনাইছে । অন্যথা চন্দ্ৰপুৰৰ দৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here